: হেল্ল, স..ত্য..জি..ত ৷ মই জৰ্ণা ৷ থোকাথুকি হৈ ওলাইছিল জৰ্ণাৰ মাতটো ৷
: ওম ৷ ধৰিব পাৰিছো ৷ কোৱা ?
:মোক বচোৱা ওঁ সত্য ৷
:কি হ'ল ভালকৈ কোৱাচোন বুজাই ৷
: অনুপৰ এক্সিডেন্ট হৈছে ৷ তেজ গৈছে বহুত ৷ AB+ তেজ লাগে ৷ এঘন্টাৰ ভিতৰত তেজ আনিব দিছে ৷ ব্লাড বেংকতো নাই সেই গ্ৰুপৰ তেজ ৷ তোমাৰহে সেই গ্ৰুপৰ তেজ আছে ৷ মোৰ শিৰৰ সেন্দুৰখিনি বচোৱাওঁ ৷ সত্য…৷
হুকহুকাই কান্দি দিছিল তাই ৷
:কত আছা এতিয়া ?
:জি.এম.চি.এইছ. ত ৷
: ফোনটো ৰখা মই গৈ আছো ৷
বাইকখন লৈ ওলাই গৈছিল
সি ৷ বহু ভাৱনাই মনত দোলা দি গৈছিল তাৰ ৷ "দুবছৰ আগতে এনেকুৱা এটা দিনতেই তাইৰ
মাতষাৰ শুনিবলৈ অথবা এটি মেছেজৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল সি ৷ তাই
বাৰে বাৰে নিৰাশ কৰিছিল তাক ৷ তাৰ জীৱনটোক লৈ ঠাট্টা কৰি তাই এদিন অনুপ
নামৰ চৰকাৰী চাকৰিয়াল এজনৰ লগত বিয়াত বহিছিল ৷ তাৰ নিস্বাৰ্থ মৰম ভালপোৱা
ইত্যাদি ভৰিৰে মোহাৰি পেলাইছিল তাই ৷" সি ভাগি পৰিছিল যদিওঁ তাইক জীৱনত
সফল হৈ দেখুৱাবলৈ বদ্ধপৰিপক্ক হৈছিল সি ৷ অশেষ চেষ্টাৰ ফলত তাই এৰি যোৱাৰ
এবছৰ পিছতেই সি পাই গৈছিল স্বাস্থ্য বিভাগত এটি চৰকাৰী চাকৰি ৷ এইবোৰ কথা
ভাৱি গৈ থাকোতেই সি গুৱাহাটী মেডিকেল কলেজ হস্পিতালখন গৈ পাইছিল ৷ দুই ইউনিত
তেজ দি ওলাই আহিছিল সি ৷ স্বামীৰ জীৱন ৰক্ষা কৰাৰ বাবে জৰ্ণাই হাতযোৰ কৰি
কৃতজ্ঞতা জনাইছিল প্ৰাক্তন প্ৰেমিক সত্যজিতক ৷ তাৰ লগত কৰা অন্যায়ৰ
ক্ষমাওঁ বিচাৰিছিল ৷ তাইৰ এসময়ৰ অহংকাৰ সকলো চকুলো হৈ চৰনত পৰিছিল তাৰ ৷ বাইকখন
লৈ উভতি আহিছিল সি ৷ আজি জয়ী হৈছে সি ৷ মনটো যথেষ্ট উৎফুল্লিত আজি তাৰ,
যুদ্ধ জয় কৰি তিৰংগা
উৰাবলৈ সক্ষম হোৱা
প্ৰতিজন সৈনিকৰ দৰেই …৷
***সমাপ্ত***(পঢ়ি কেনে পালে জনালে সুখী হ'ম)
ভাল লাগিল৷
ReplyDeleteসুন্দৰ!
ReplyDelete