হোষ্টেলৰ চাৰিবেৰৰ মাজত ভাস্বতীৰ নিজকে এজনী আত্মাভিন্ন অনাথিনি যেন লাগিল ।দিনটোৰ মোহ এৰি বেলিটোৱে পশ্চিমৰ শেষ প্ৰান্তত উপস্থিত হোঁৱাৰ সুন্দৰ দৃশ্যাৱলী খিৰিকীৰে আহি চকুৰ পৰিল তাইৰ । শীতৰ সন্ধিয়াৰ প্ৰাকক্ষনত ডাৱৰৰ কণাবোৰে দূৱৰিৰ দেহত মুকুতা আঁকিবলৈ প্ৰায় সাজু হোৱা যেন লাগিছিল । দূৱৰি বনবোৰেওঁ যেন দিনটোৰ প্ৰ্খৰ ৰ’দৰ অন্তত তৃষ্ণা নিবাৰণ কৰিবলৈ নিয়ৰৰ কণাৰ সৈতে আলিংগণৰ বাবে উত্ৰাৱল হৈছিল । হঠাতে খিৰিকীৰ পৰ্দাখন কঁপাই এজাক চেঁচা ফেৰফেৰীয়া বতাহে আহি ভাস্বতীক চুই গল । বতাহজাকে লৈ অহা শৰৎৰ শেৱালীৰ সুগন্ধিয়েওঁ তাইৰ তন্ময়তা ভাগিবলৈ সক্ষম ন’হল । তন্ময় হৈ খিৰিকীৰে এক অৰ্থহীন দৃষ্টিৰে চাইয়েই থাকিল তাই । এসোপা দূখজৰ্জৰিত ভাৱনাই এসময়ৰ তাইৰ কোমল অন্তৰখনত খুন্দিয়াই থাকিল । অজানিতে দুধাৰি চকুলো তাইৰ কোমল গালদুখনত নিগৰি পৰিছিল । যেন ভাস্বতীৰ গধুৰ মনটোক সামান্য পাতল কৰাৰ ব্যৰ্থ প্ৰয়াস চকুলো দুধাৰিৰ ।
কামৰূপ জিলাৰ এক ধনী পৰিয়ালত
ভাস্বতীৰ জন্ম । দেউতাক কণক চন্দ্ৰ দাস বেংকৰ এজন উচ্চপদস্থ বিষয়া । মাক ৰীতা দাস
এটা নামী সংস্থানৰ সম্পাদিকা । এজনী ভনীয়েকৰ সৈতে ভাস্বতীহঁতৰ পৰিয়ালটো চাৰিজনীয়া
সুখী পৰিয়াল । এতিয়াৰ পৰা প্ৰায় এবছৰ আগৰ কথা । পোন্ধৰটা বসন্ত গৰকিছে মাত্ৰ ভাস্বতীয়ে । ওচৰৰ বেচৰকাৰী
বিদ্যালয় এখনৰ প্ৰখৰ মেধাসম্পন্ন ছাত্ৰী তাই ।প্ৰকৃতিৰ নিয়ম অনুসৰি
তাইৰ অতিকৈ সুন্দৰ দেহটোত যৌৱনৰ চিন স্পষ্ট হৈ পৰিছিল । স্কুলৰ অহা যোৱাৰ পৰত তাইক
এবাৰ চাবলৈকে ৰৈ থকা যুৱকবোৰৰ ইতিমধ্যে হৃদয়ৰ ৰাণীত পৰিণত হৈছিল তাই । বিশেষকৈ
কঁকালৰো কিছু তললৈ বৈ পৰা দীঘল আৰু পোন চুলিটাৰিয়ে তাইৰ ৰূপটোক সোনত সুৱগা চৰাইছিল
।এনেকুৱা পৰী যেন লগা ৰূপটোৰ বাৱে বহুতৰে তাই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ।
তাইৰ মোহনীয় ৰূপত ভোল গৈ বহুতো চেঙেলীয়া লৰাই তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিওঁ
পঢ়াশুনা আৰু ঘৰুৱা শাসনৰ বাবে সেইবোৰ প্ৰত্যাখ্যান কৰিছিল তাই । কিন্তু প্ৰকৃতিৰ
নিয়ম অনুসৰি ভাস্বতীৰ মনটোও কমোৱা তুলাৰ দৰে উৰিবলৈ আৰম্ভ কৰিছিল ।এনেতে অনুৰাগ
নামৰ এজন ল’ৰাৰ
প্ৰতি বৰকৈ আকৃষ্ট হয় তাই । অনুৰাগ
ওচৰৰে মহাবিদ্যালয় এখনৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ । ধনী ঘৰ এখনৰ ওখ পাখ
সুন্দৰ সুৱক অনুৰাগ । দেখাই শুনাই মাত কথাই খুবেই স্মাৰ্ট লৰাজন। সাধাৰণ চিনাকিৰ পৰাই অনুৰাগ আৰ্ ভাস্বতী দয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পক গঢ় লৈ
উঠিল।
ধৰাৰ বুকুলৈ সন্ধি়য়া নামি
আহিছিল তৰাবোৰক চাৰিওকাষে লৈ জোনটোৱে
ভুমুকিয়াইছিল। ভাস্বতীয়ে আপোনমনে আকাশলৈ চাই কিবা ভাবি আছিল ।এনেতে তাইৰ মোবাইলটোত
আশ্বিকী টু ৰ থিম ছং এটি বাজি উঠিল । অনুৰাগৰ ফোন । সহাৰি দিলে ভাস্বতীয়ে-
:কোৱা জান
কি কাৰি আছা ?
:আগতে
তুমি কোৱা কি কৰি আছা [আবেগৰ
সুৰত কলে অনুৰাগে]
:মই আকাশৰ
জোনটোলৈ চাই তোমালৈ মনত কৰি আছিলো ।আৰু তুমি ?
উৎসাহেৰে সুধিলে অনুৰাগক ।
:মই এতিয়া
তোমাৰ সৈতে মোবাইলত কথা পাতি আছো ।-ধেমালিৰ
সুৰত ক.লে অনুৰাগে ।
:ধেৎ, অকৰাটো কৰোবাৰ ।[মৰম অভিমানৰ সুৰ
স্পষ্ট হৈছিল ভাস্বতীৰ ।অনুৰাগৰ বাবে কেতিয়াবা বুকুৰ মাজলৈ টানি আনিবৰ মন যায় তাইক
।]
:শুনা ,মোৰ লগত কালি
এঠাইলৈ যাবানে ? সামান্য্
গহীন হৈ কলে অনুৰাগে ।
:কলৈনো
যাবা আকৌ । সুধিলে ভাস্বতীয়ে
। যদিও মাজে সময়ে সময় মিলাই অনুৰাগৰ সৈতে ফুৰিবলৈ যায় তাই ।গ’লেও ঘৰত নজনায়
তাই ।
:আগতে কোৱাচৈন
যাবানে কালি আবেলি ৩.৩০ মান বজাত ।
অনুৰাগৰ আবদাৰত না কৰিব নোৱাৰিলে
ভাস্বতীয়ে।কলে…..
:যাম
দিয়া।অংকৰ টিউচনটো নকৰো কালি…………
অ’কে ,থেংকছ
মাই ডিয়াৰ ছইটহাৰ্ট।লাভ ইউ ছো মাছ।আনন্দেৰে ক’লে অনুৰাগে ।
:লাভ ইউ
টু ।এতিয়া বাই । ভাস্বতীয়ে ফোনটোৰ সংযোগ বিচ্চিন্ন কৰিলে।
অনুৰাগে বাইকখন
মূল ৰাস্তাৰপৰা ফালাৰি কাটি আন এটি উপ পথেৰে লৈ গৈ থাকিল। বাইকৰ পিছত ল’ৰাৰ নিচিনাকৈ বহি
থকা টপ আৰ জীনছ পৰিহিতা ভাস্বতীয়ে সামান্য আগুঁৱাই গৈ অনুৰাগৰ দুবাহুৰ মাজেৰে তাইৰ
দুহাত প্ৰসাৰিত কৰি তাক সাৱঁটি ধৰিলে ।তাইৰ কোমল দেহৰ পৰশত অনুৰাগৰ শৰীৰেদি
বিদ্যুত তৰংগ পাৰ হোৱা যেন অনুভৱ কৰিলে সি । কিছুসময় পিছত সিহঁতৰ গন্তব্যস্থান আহি
পোৱাত অনুৰাগে বাইকখন ৰাখিলে । ব্ৰহ্মপু্ত্ৰৰ দক্ষিণ পাৰ । ছাৰপ্ৰাইজ দিবলৈকে সি
ভাস্বতীক নজনোৱাকৈ ইয়ালৈ লৈ আহিছে । ভাস্বতীয়ে আনন্দত চিয়ঁৰি উঠিল---
: বাঃ ইমান ধুনীয়া
লাগিছে কোলাহলহীন পৰিবেশটো । সৌৱা চোৱা পাহাৰৰ শিলবোৰত ৰুণজুণ ধ্বনি তুলি গুৰু-গম্ভীৰভাৱে বৈ
আছে লুইতখনৰ বিশাল জলৰাশি ।-
অনুৰাগলৈ চাই আঙুলি টোৱালে ভাস্বতীয়ে ।অনুৰাগে হাঁহিলে
।
সি সদায় তাইৰ উৎফুল্লিত ৰূপটোকে মনে প্ৰাণে আশা কৰে । খু্উব মৰম কৰে তাইক । অনুৰাগে ভাস্বতীক হাত এখনত ধৰি
আগুৱাই লৈ গল তাইক । এচঁটা শিলত বহি ল’লে দুয়োয়ে । নদীৰ পানী চুই উঠি অহা এচাঁতি চেচাঁ ফেৰফেৰিয়া
বতাহে দূয়োৰে মন প্ৰাণ ভৰাই তুলিলে । আবেগ-বিহ্বল হৈ অনুৰাগে ভাস্বতীক তাৰ বুকুৰ মাজলৈ টানি আনি
আলফুলে সাৱতি ধৰিলে তাইক । ভাস্বতীয়েওঁ কুঁচি-মুঁচি হৈ তাৰ বুকুৰ মাজত সোমাই পৰিল । এনেকুৱা আবেগিক
ক্ষণত ওঁঠৰ দুৰত্ব বজাই ৰাখিবলৈ সক্ষম ন’হল অনুৰাগ অথবা ভাস্বতী । ভাস্বতীৰ সহযোগীতাত অনুৰাগে
দীঘলকৈ এটি চুমা আঁকি দিলে তাইৰ গোলাপৰ পাঁহি যেন ওঁঠযুৰীত । এটা বিষেষ মূহুৰ্তৰ
সাক্ষী হৈ ৰ’ল
মহাবাহু ব্ৰহ্মপু্ত্ৰ । দুই-এটা কথা
পতাৰ মাজতে এনেকৈ কিমান সময় পাৰ হৈ গৈছিল সিহঁতে উমানেই নাপালে। আবেলিৰ সূৰুযটোৱে
হেঙুলীয়া আভা বিলাই মেলানি মাগিবলৈ লোৱাতহে সিহঁতৰ সম্বিত ঘূৰি আহিল। দুয়ো তাৰ
পৰা লৰালৰিকৈ উভতি আহিলে ।দিন যোৱাৰ লগে লগে ভাস্বতীৰ অনুৰাগৰ সৈতে থকা প্ৰেমৰ
সম্পৰ্কটোৰ কথা ভাস্বতীৰ মাক দেউতাকৰ কাণত পৰিল ।ইফালে দুয়োৰে চূড়ান্ত পৰীক্ষা
সমাগত ।দেউতাকে ভাস্বতীক ঘৰৰপৰা ওলোৱা সোমোৱা বন্ধ কৰি দিলে ।সিহঁতৰ সম্পকটো
বিচ্ছিন্ন কৰিবলৈ মানসিক ভাবেও কিছু চাপ দিলে তাইক ।মাক দেউতাকৰ প্ৰতি প্ৰচুৰ জেদী
হৈ পৰিল ভাস্বতী ।কৌশলেৰে মোবাইলৰ দ্বাৰা অনুৰাগৰ সৈতে যোগাযোগ কৰি থাকিল তাই ।ইফালে
ভাস্বতীৰ অৱস্হাটোৰ কথা গম পাই খঙত জ্বলি উঠিল অনুৰাগ ।সোনকালে সিদ্বান্ত লোৱাৰ
ব্যৱস্হা কৰিলে সি। দুয়োৱে পৰীক্ষা দিলে যদিও মনপুত নহল।পৰীক্ষাৰ শেযৰ দিনা
ভাস্বতীক দিয়া সময় অনুসৰি অনুৰাগে তাইক পলুৱাই লৈ গ’ল ।গুৱাহাটীৰ জু ৰোডত বন্ধু এজনৰ ঘৰত দুয়োৱে আশ্ৰয় ল’লে। ইফালে ভাস্বতী নোহোৱা হোৱাৰ কথাটোক লৈ সিহঁতৰ ঘৰত হুৱা দুৱা লাগিল ।মাক দেউতাকৰ কান্দি
কাটি অবস্হা নোহোৱা হ’ল
।ভাস্বতীৰ মোমায়েকহঁতে আহি ওচৰৰ পুলিচ থানাত এজাহাৰ দিলে।দুদিনৰ অন্তত পুলিচে
ভাস্বতী আৰু অনুৰাগক বিচাৰি উলিয়াবলৈ সক্ষম হ’ল ।ভাস্বতীৰ বহু অনুনয় বিননয় স্বত্বেওঁ তাইক
ঘৰলৈ ঘূৰাই অনা হ’ল।
প্ৰাপ্তবয়স্ক নোহোৱা বাবে ভাস্বতীয়ে অনুৰাগৰ সপক্ষে দিয়া ভাস্যওঁ কোনো কামত নাহিল । অনুৰাগক
পুলিছে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে । প্ৰেমৰ বাবেই দুটি জীৱনলৈ অমানিশা নামি
আহিল । ফুলিব ধৰা ফুল এপাঁহ কলিতে মৰহি যোৱাৰ দৰে ভাস্বতী আৰু অনুৰাগৰ অন্তৰ দুখনো
জ্বলি ছাই হৈ গল ।
ঘৰলৈ অনাৰ পিছত ভাস্বতীয়ে অনবৰতে কান্দি থকা হ’ল । অত্যাৱশ্যকীয় দুই-এটা কথাৰ বাহিৰে তাই কথা বতৰা কোৱা কমাই দিলে । মাক-দেউতাকো তাইক লৈ দূশ্চিন্তাত পৰিল । যথাসময়ত পৰীক্ষাৰ ফলাফল ওলাল । ভাস্বতীয়ে মাত্ৰ কেইটিমান নম্বৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ব নোৱাৰিলে । মাক দেউতাকে তাইক ঘৰৰ পৰা আঁতৰৰ কলেজ এখনত পঢ়ুওৱাৰ কথা ভাৱিলে যাতে ঘটি যোৱা ঘটনাবোৰ তাইৰ পাহৰিবলৈ সুবিধা হয়। কথা মতেই কাম । তাইক ঘৰৰ পৰা বহু আতৰৰ কলেজ এখনত নাম লগাই দিলে । এদিনাখন কলেজখনৰ হোষ্টেলত মাক দেউতাক আৰু ভনীয়েকে গৈ তাইক থৈ আহিল ।
ঘৰলৈ অনাৰ পিছত ভাস্বতীয়ে অনবৰতে কান্দি থকা হ’ল । অত্যাৱশ্যকীয় দুই-এটা কথাৰ বাহিৰে তাই কথা বতৰা কোৱা কমাই দিলে । মাক-দেউতাকো তাইক লৈ দূশ্চিন্তাত পৰিল । যথাসময়ত পৰীক্ষাৰ ফলাফল ওলাল । ভাস্বতীয়ে মাত্ৰ কেইটিমান নম্বৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’ব নোৱাৰিলে । মাক দেউতাকে তাইক ঘৰৰ পৰা আঁতৰৰ কলেজ এখনত পঢ়ুওৱাৰ কথা ভাৱিলে যাতে ঘটি যোৱা ঘটনাবোৰ তাইৰ পাহৰিবলৈ সুবিধা হয়। কথা মতেই কাম । তাইক ঘৰৰ পৰা বহু আতৰৰ কলেজ এখনত নাম লগাই দিলে । এদিনাখন কলেজখনৰ হোষ্টেলত মাক দেউতাক আৰু ভনীয়েকে গৈ তাইক থৈ আহিল ।
: ভাস্বতী ।----ৰূমমেট মৌচুমীৰ মাতত ভাস্বতীৰ সম্বিৎ ঘুৰি আহিল । ইতিমধ্যে হোষ্টেলৰ আন ছোৱালীবোৰ আহি
গোট খাইছিল সিহঁতৰ ৰূমটোত । ভাস্বতীয়ে সামান্য অপ্ৰস্তুত হৈ সিহঁতকেইজনীলৈ ঘুৰি চালে । ইতিমধ্যে চকুলোৰে
সম্পুৰ্ণৰূপে তিতি উঠিছিল ভাস্বতীৰ গাল দুখন----জীৱনৰ ধূলিয়ৰি বাটত পোৱা নোপোৱাৰ বেদনাৰে ।
সমাপ্ত
ঠিকনা: বাৰাপেটা, বাক্সা
দূৰভাষ: ৯৭০৬৪৭৩৯০৩
দূৰভাষ: ৯৭০৬৪৭৩৯০৩
ই-মেইল: kapildas35@gmail.com
Enter your comment...Bhtttt vll lgil...
ReplyDeleteঅতি সুন্দৰ উপস্থাপন...
ReplyDelete