✍ কপিল দাস
তাইৰ অতিকৈ আপোন আছিল সি ৷ খাওঁতে, শোৱতে, উঠোতে বহোতে তাৰ মাত এষাৰ নুশুনিলেই নহৈছিল ৷ ফোনৰ উপৰি ফোন, ঘন্টা ঘন্টা ধৰি কথা পাতি ফোন ৰখাৰ লগে লগেই আকৌ Whatsapp ৷ Selfie, smily, খং, অভিমান ইত্যাদিৰে সদায় চলি থাকে ভৰপুৰ ৰোমান্টটিক অধ্যায় ৷ সময় গৈ থাকে ৷ সামান্য অভিমানতে কাট খাই যায় ফোন ৷ পুনৰ বাজি উঠে Vibration ৷ তাইৰ খংমিশ্ৰিত অভিমানবোৰে যেন সফলতাহে পালে-পুনৰ সংযোগ বিচ্চিন্ন কৰে ফোনৰ ৷ আকৌ বাজি উঠে Vibration ৷ আনটো মুৰে বাৰে বাৰে ফোন কৰি উদ্দিগ্ন হৈ পৰে এখনি হৃদয় ৷ Vibration হৈ থাকে মোবাইলটো ৷ মোৱাইলৰ স্ক্ৰিনত ভাহি থাকে প্ৰেমস্পদৰ আটাইতকৈ মৰমলগা ফটোখন অথবা Birthday ত উপহাৰ দিয়া Teddy টোৰ ফটো ৷ অভিমানবোৰ নিমিষতে গলি যায় তাইৰ ৷ ফোনটো লাহেকৈ ৰিচিভ কৰি কানত লগাই লয় ৷ অভিমানত কিছুসময় মুখেৰে একো মাত নোলায় ৷ অানটো মুৰৰ পৰা প্ৰেমাস্পদৰ ভালপোৱাৰ বানত উটি যায় তাইৰ সকলো অভিমান ৷ পুনৰ দুখন হৃদয় হৈ পৰে এক ৷ এজনে আনজনৰ বুকুৰ গভীৰলৈ সোমাই যায় ৷ এটাৰ পিচত আন এটা সপোনে ঠন ধৰি উঠে দুয়োজনৰ হৃদয়ত ৷ পাখিলগা কাঁড়ৰ দৰে সময়ে দিনৰ পিচত মাহ, মাহৰ পিচত বছৰ চুৱেগৈ ৷ এবছৰ পিচত দুবছৰ হয়গৈ ৷ মৰমবোৰ ঠিকেই থাকে ৷ লাহে লাহে কথাবোৰ নিমিলা হৈ আহে ৷ নতুন বন্ধু-বান্ধৱীবোৰৰ মেচেজেৰে ভৰি পৰে তাইৰ Whatsapp ৷ সামান্য কথাকলৈয়ে তাৰ লগত মতানৈক্যৰ সৃষ্টি হয় ৷ অভিমানবোৰ অভিমান হৈ নাথাকে ৷ তাৰ মৰমমিশ্ৰিত যিবোৰ আৱদাৰত তাই এদিন সুখী হৈছিল, সেইবোৰ কথাক তাইৰ এতিয়া শাসন যেন লাগে ৷ ফোনত বহুপৰ কথা পাতি কবলগীয়া নাথাকিলেই খং কৰা ছোৱালীজনীক আজি সি কিবা এটা প্ৰশ্ন সুধিলেই সন্দেহ কৰা বুলি ফোন কাটি দিয়ে ৷ Whatsappটো কিবা সুধিলেই seen কৰি থৈ দিয়ে ৷ তাইৰ অস্বাভাৱিক আচৰণত স্তব্ধ হৈ পৰে সি ৷ লাহে লাহে তালৈ সময় নোহোৱা হৈ আহে তাইৰ ৷ Whatsappৰ status,dp ইত্যাদি সলনি হৈ যায় ৷ অলপ খঙেৰে কিবা সুধিলেই ফটো, ষ্টেটাচবোৰ নেদেখা হৈ পৰে ৷ সি চিনাকী নম্বৰটো ডায়েল কৰিলেই সিটো পাৰৰ পৰা ভাহি আহে ব্যস্ততাৰ সুৰ ৷ পুনৰ ফোন কৰে সি ৷ waiting…waiting…৷ তাৰ সতে এঘন্টা কথা নপতাকৈ থাকিব নোৱাৰা ছোৱালীজনীয়ে আজি তাৰ ফোনটো reject list অন্তৰ্ভুক্ত কৰে ৷ সংযোগ হোৱাৰ আগতেই কাট খাই যায় তাৰ ফোনটো ৷ হঠাতে কি হ'ল একো ধৰিব নোৱাৰা হয় সি ৷ লগ পাব খোজে সি তাইক ৷ কিন্তু কোনো সুযোগেই নিদিয়ে তাই তাক ৷ হৃদয় ভাঙি চিৰাচিৰ হয় তাৰ, চকুলোৰ অট্টহাস্যত অসহায় হৈ পৰে সি ৷ লাহে লাহে সি বুজি উঠে সি যে মূল্যহীন তাইৰ বাবে ৷ কিছুমান কথা নকলেওঁ বুজি উঠে সি ৷ তাৰ অবহনেই সুখী হোৱাৰ কামনা কৰে ৷ মাথো এটা প্ৰশ্নই তাক খুলি খুলি খায় ৷ যিটো প্ৰশ্নটো তাইক সুধিব খুজিওঁ বিফল হয় সি- কি দোষ আছিল তাৰ…?

No comments:
Post a Comment