ডিভোৰ্চ পেপাৰখনত চহীটো কৰি থাকোতেই টোপ টোপকৈ চকুলো সৰি থাকিল অংশুমানৰ ৷ নিজতকৈয়ো বেছি ভাল পাইছিল অনিন্দিতাক সি ৷ কিমান সপোন লৈ পাচঁ বছৰীয়া প্ৰেমৰ অন্তপেলাই বিবাহ নামৰ পবিত্ৰ বান্ধোনটোৰ সৈতে বান্ধ খাইছিল দুয়োজনে ৷ কিন্তু আজি এবছৰ সম্পূৰ্ণ নহওঁতেই ফাট মেলিব খুজিলে সিহঁতৰ সপোনৰ ঘৰখনত ৷ অনিন্দিতাই অংশুমানৰ সৈতে সংসাৰ গঢ়িব নিবিচাৰে ৷ নিবিচাৰে তাৰ মৰম ভালপোৱা একো ৷ তাই নিজেই ডিভোৰ্চ পেপাৰখন আনি অংশুমানৰ টেবুলখনত থৈ মাকৰ ঘৰলৈ গুছি গৈছে আৰু এটুকুৰা কাগজত লিখি থৈ গৈছে "কাইলৈ বৰপেটা আদালতত ১১ বজাত কাগজখনত চহী কৰি লৈ আহিবা, আনুষ্ঠানিক ভাৱে অন্ত পেলাম আমাৰ সংসাৰখন"৷
কথাবোৰ ভাৱি থাকোতেই ডিভোৰ্চ পেপাৰখনত চকুপানী এটোপাল পৰি অংশুমানৰ চহীটো সামান্য নষ্ট কৰি পেলালে ৷ ইমান নিষ্ঠুৰ হ'ব পাৰেনে তাৰ দেৱী সদৃশ সহধৰ্মিনী অনিন্দিতা ৷ তাৰ মৰম, ভালপোৱা, সপোন সকলো কেনেকৈ মোহাৰি পেলাব খুজিলে তাই ৷ আজি তাই তাৰ সৈতে নাই মানে কোনো নাই তাৰ ৷
"অনাথ আছিল সি ৷ সি অনাথ আছিল কাৰনেই ছাগে অনিন্দিতাইওঁ তাক হিয়া উজাৰি মৰম কৰিছিল, মাক দেউতাকৰ অভাৱ অনুভৱ কৰিব দিয়া নাছিল ৷ ডাক বিভাগত চাকৰিটো পোৱাৰ পিছত নিজাকৈ ঘৰ বনাইছিল সি ৷ অনিন্দিতাক কইনা সাজেৰে আনি ঘৰ সুমুৱাইছিল…৷"
: মি অংশুমান বৰা আপোনাৰ দেউতা হৱ পৰা ক্ষমতা নাই ৷I AM SORRY-ডাক্টৰজনে পৰীক্ষাৰ ৰিপোৰ্টটো চাই কথাষাৰ কোৱাৰ লগে লগেই শিল পৰা কপৌৰ দৰে থৰ হৈ ৰৈছিল অংশুমান আৰু অনিন্দিতা ৷ অসহায় হৈ গৈছিল সি ৷ লাহে লাহে অনিন্দিতাই তাক গুৰুত্ব নিদিয়া হৈছিল ৷ মাতৃত্বৰ সুখ দিব নোৱাৰাৰ বাবে অনিন্দিতাই অংশুমানক এৰাই চলা হৈছিল ৷ লাহে লাহে অশান্তি নামি আহিছিল সিহতঁৰ সুখৰ সংসাৰ খনত ৷ এনেদৰেই দুয়োৰে মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল আৰু এদিন অনিন্দিতাই ডিভোৰ্চ কৰাৰ শেষ সিদ্ধান্তটো লৈ লৈছিল ৷ অংশুমানৰ সৈতে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো খং আৰু আবেগৰ বশৱৰ্তী হৈ লোৱা সিদ্ধান্তৰ বাবে উচুপি উঠিছিল অনিন্দিতা ৷ অংশুমানক এৰি থকাৰ কথা কোনো দিনেই ভৱা নাছিল তাই ৷ কিন্তু আজি কেনেকৈ কি হ'ল একো ধৰিব নোৱাৰিলে ৷ অংশুমানৰ অবিহনে তাইৰ জীৱনটো শূণ্য এটাই চেপি ধৰা যেন অনুভৱ কৰিলে তাই ৷ তাৰ অনুপস্থিতিতহে তাই তাৰ মূল্য বুজি পালে ৷ তথাপিওঁ তাৰিখ দিয়া মতে তাই আজি আদালতত যাৱলৈ সাজু হ'ল ৷ শেষ বাৰৰ বাবে অংশুমানৰ নামত সেন্দুৰখিনি দীঘলকৈ আঁকি ললে তাই ৷ কিবা বিশেষ বস্তু এটা হেৰুওঁৱাৰ ভয়ত শিহৰিত হৈ উঠিল তাই ৷ ভাগি পৰা মনটোক সৱল যেন দেখুৱাই দেউতাকৰ লগত আদালতলৈ ওলাই আহিল তাই ৷ অনিন্দিতা আহি পোৱাৰ কিছু সময় পিছত অংশুমানো আহি পালে ৷ ভিতৰি বিধ্বস্ত সি ৷ দেখিলেই যিকোনো মানুহে ধৰিব পাৰিব ৷ চকুৰ গুৰিত কলা চিন পৰিছে ৷ তাৰ টোপনি ক্ষতি বা বেছিকৈ কন্দাৰ কাৰনে ৷ অনিন্দিতাই বুজি পোৱাত অন্তৰখন কান্দি উঠিল তাইৰ ৷ সিহঁতে বিশেষ একো কথা নপতাকৈ জৰ্জ(বিচাৰপতি)ৰ ওচৰলৈ গ'ল ৷ জৰ্জে দুয়োজনকে শেষবাৰৰ বাবে সুধি ডিভোৰ্চ পেপাৰখন অনিন্দিতালৈ আগবঢ়াই দিলে ৷ তাই চহী কৰাৰ কাৰনে কলমটো লোৱাতেই হাতখন বৰকৈ কঁপিব ধৰিলে ৷ অংশুমানৰ চহীটোত চকুলোৰ দাগটো দেখি তাই আৰু ৰ'ব নোৱাৰিলে ৷ শব্দ কৰিয়ে কান্দি উঠি ডিভোৰ্চ পেপাৰখন টুকুৰা টুকুৰকৈ ফালি পেলালে তাই ৷ অংশুমানৰ কাষলৈ গৈ জোৰকৈ সাৱতি ধৰিলে তাক ৷ তাই ক্ষমা খুজিলে তাক দুখ দিয়াৰ কাৰনে ৷ সিওঁ তাইক সাৱতি ধৰি উচুপি উঠিল, কিন্তু এয়া তাৰ আনন্দাশ্ৰু ৷ নিজৰ সন্তান নাথাকিলেওঁ দুখ নকৰে এতিয়া তাই ৷ অনাথ আস্ৰম এখনৰ পৰা শিশু এটি আনিব একেবাৰে নিজৰ সন্তান কৰি ৷ সিহঁত শিশুটিৰ মাক দেউতাক হ'ৱ ৷ সংসাৰখন নতুনকৈ সজাৱ য’ত অভাৱ নাথাকিৱ মৰম ভালপোৱা বিশ্বাস ইত্যাদিৰ ৷
*****সমাপ্ত*****
Fantastic write up. Can you kindly send one of your new short Story to kahinixunuahok@gmail.com. Your story will be published as audio book in our youtube channel http://goo.gl/FVuGsc
ReplyDeleteWe promote new writers in this channel.
অনুগ্ৰহ কৰি মোক ৱাটচএপত যোগাযোগ কৰিব- 9706473903
Deleteবুকুত বিন্ধালে গল্পটোৱে
ReplyDelete