মই কিমান কান্দিলে তুমি সুখী হ'বা?
কিমান দুখ পালে চকুলো এটুপি ওলায় তুমি জানানে?
বহুতেই কয় লৰাবোৰে কান্দিব নাজানে,
কান্দিব নজনাসকলৰ দুখ কিমান
কেতিয়াবা কল্পনা কৰি পাইছানে?
কেতিয়াৱা কলিজাটো উলিয়াই টুকুৰা-টুকুৰকৈ কাটি
ৰ'দত শুকাব দিব মন যায় ৷
বৰ বেইমান কলিজাটো—
দুখ দিয়াবোৰক কোনো দিনেই
বেয়া পাব নিশিকালে মোক?
কোনো দিনে ভুলতো
হুমুনিয়াহ হৈও ওলাই নাহিল
তোমালৈ এটি অভিশাপ
"মোক কন্দুৱাই তুমি কোনো দিনেই সুখী হ'ৱ নোৱাৰিবা" ৷
অাশীৰ্বাদ দিবলৈ মোৰ কোনো যোগ্যতা নাই
তথাপি মনৰ পৰাই আশা কৰো
সদায় তুমি সুখী হোৱা ৷
তোমাক সুখী কৰাটোৱেই মোৰ লক্ষ্য আছিল
যদিও সেইবোৰ আজি
ধোৱাঁ হৈ উৰি যোৱা নষ্ট সপোন ৷
কেতিয়াবা অজানিতে উচুপি উঠো
যেতিয়া তুমিহীনতাৰ প্ৰতিটো শূণ্য ৰাতিয়ে
মোৰ কলিজাটি চেপা মাৰি ধৰে ৷
সপোনত তোমাক খেপিয়াই যেতিয়া
বাস্তৱৰ উকা দুহাত উপহাৰ পাওঁ তেতিয়া
নিজকে পৃথিবীৰ আতাইতকৈ দুখী মানুহজন যেন অনুভৱ হয় ৷
কাষৰ কোঠাত শুই থকা পিতাইয়ে শুনিব বুলি
ওলাই আহিৱ খোজা চেপা কান্দোনতো যেতিয়া
গাৰুটোৰে ঢাকি ৰাখিব লগা হয়
তেতিয়া ভালকৈয়ে বুজি উঠো
কষ্ট কি¿
কিন্তু তুমি বুজি নোপোৱা
ভগ্ন হৃদয়ৰ প্ৰতিটো ফাকেৰে চিৎকাৰ কৰি নামি অহা
মোৰ চকুলোৰ মূল্য ৷
তথাপিও শেষবাৰৰ বাবে শুধিছো তোমাক—
মই কিমান কান্দিলে তুমি সুখী হ'বা?
কাৰণ তোমাক সুখী কৰাটোৱেই মোৰ কাম্য ৷
মই কিমান কান্দিলে তুমি সুখী হ'বা?
(Moi kiman kandile tumi hukhi hoba?) Audio download link- http://rongali.tk/music/view/36237873
মই কিমান কান্দিলে তুমি সুখী হ'বা?
(Moi kiman kandile tumi hukhi hoba?) Audio download link- http://rongali.tk/music/view/36237873
val lagil porhi.....pise 2mi kiman kandib pariba???
ReplyDeleteভাল লাগিল
ReplyDelete