:সোন ঘৰত বহুত বুজালো,
কোনোৱে মান্তি নহয়
মোক তোমাৰ সৈতে বিয়া দিবলৈ ৷
:আমাৰ ভালপোৱাৰ কি হ'ৱ, আমাৰ ইমানবোৰ সপোনৰ কি হ'ৱ হা মুনু?- অনুৰাগৰ থোকাথুকি হৈ ওলাইছিল মাতটো ৷
:মই অসহায় ওঁ সোন ৷
তুমি মোক ভুল নুবুজিৱা ৷ মই তোমাক নিজতকৈওঁ বেছি ভালপাওঁ সোন ৷ কিবা এটা কৰানা সোনকালে ৷
চহৰৰ চাকৰি কৰা লৰাটোৰ লগত বিয়াৰ তাৰিখ ঠিক কৰিলেই মোৰ ৷ তোমাৰ চাকৰিটো নহোৱাৰ
বাবেহে…৷-
অংকিতাই উচুপি উঠিছিল
অনুৰাগৰ বুকুৰ মাজত সোমাই ৷
:মুনু শেষবাৰৰ বাবে
মোৰ এটি অনুৰোধ ৰাখিবানে ?
:ৰাখিম ওঁ সোন ৷ কি
কৰিব লাগিব কোৱা?
:তোমালোকৰ প্ৰথম
সন্তানটি ল'ৰা
হ'লে অংশুমান নাইবা
ছোৱালী হ'লে
অনিন্দিতা ৰাখিবানে?
:ৰখিম ওঁ সোন ৷
-সিহঁতে ভাল পাই থাকোতে এই দুটা নাম সিহঁতৰ সন্তানৰ বাবে বাছনি কৰি থৈছিল ৷ কথাষাৰ মনত পৰাৰ লগে
লগে হুকহুকাই কান্দি উঠিল অংকিতা ৷
বহু সময় ধৰি কষ্টৰে চেপি ৰখা কান্দোনটো আৰু ধৰি ৰাখিবলৈ সক্ষম নহ 'ল অনুৰাগ ৷ সিওঁ হুকহুকাই কান্দি উঠিল ৷
বহু সময় ধৰি কষ্টৰে চেপি ৰখা কান্দোনটো আৰু ধৰি ৰাখিবলৈ সক্ষম নহ 'ল অনুৰাগ ৷ সিওঁ হুকহুকাই কান্দি উঠিল ৷
:এতিয়াটো মোক যাবলৈ
দিয়া সোন ৷ মোক অলপ আশীৰ্বাদ দিবানে তুমি ৷
:তুমি সদায় সুখী
হোৱাটোৱে বিচাৰো মই মুনু ৷ যোৱাগৈ ৷ ভালকৈ থাকিৱা ৷ মোক আৰু মনত নেপেলাবা ৷
"অংকিতাই শেষবাৰৰ বাবে অনুৰাগক লগ কৰি গুছি গৈছিল আনৰ হ'বলৈ ৷ তাৰ বুকুখন চিৰদিনৰ বাবে উকা হৈ গৈছিল তাইৰ অবিহনে ৷ পাচঁ বছৰীয়া ভালপোৱা এনেকৈ সমাপ্ত হ'ব বুলি সপোনতো ভৱা নাছিল সি ৷ চাকৰি এটাৰবাবে পাচঁ লাখ টকা দিৱ নোৱাৰাৰ বাবেই তাতকৈ কম যোগ্যতাৰ অন্য এজনে চাকৰিটো পাই গৈছিল ৷ আজিকালি ডিঙিলৈকে মদ খাই অ'ত ত'ত পৰি থাকে সি ৷ আজিওঁ সি অংকিতাক আগৰ দৰেই ভাল পায়, মিচ কৰে বহুত ৷ কিন্তু…৷"
*******
No comments:
Post a Comment