অসহায় (গল্প)


       
          প্লাবিতাৰ মেছেজটো চোৱাৰ লগে লগে মনটো সেমেকি উঠিল কৌশিকৰ তাইৰ দৰে সিও অসহায় বুকুখন বিষোৱা যেন অনুভৱ কৰিলে সি সহজতে হাৰ মানি যোৱা লৰা নহয় কৌশিক তথাপিও আজি নিজকে বহুত দূৰ্বল যেন লাগিছে তাৰ কোনেনো বিচাৰে নিজৰ সপোনবোৰ নিজে চিতাত তুলি দি ছাই কৰিবলৈ¿¿ সপোন আলফুলে গঢ়ি নিজ হাতে জ্বলাই দিৱ লগা হলে কিমান কষ্ট হয়, ভুক্তভোগী জনেহে ভালকৈ বুজি পায় হঠাতে তাৰ মনত কিবা এটা কথাই বাহ ললে কুটিল হাঁহি এটি মাৰিব খুজিও ৰৈ ' সি লৰালৰিকৈ বাইকখন ষ্টাৰ্ট কৰি এক্সেলেটৰ পকালে সি বাইকখনৰ মিটাৰৰ কাটাই ৬০৭০৮০৯০ ঘৰ পাৰ কৰি তীব্ৰ গতিত গৈ থাকিল

************ 
        প্লাবিতা কৌশিকৰ বাবে এটি মাথো নাম নহয় এটি সুখৰ ঠিকনা, এটি সপোন , এখন অন্য পৃথিৱী, যত বিচাৰি পায় সি জীয়াই থকাৰ অফুৰন্ত হেপাহঁ, সুখৰ ঠিকনাৰে ভৰা কিছু ভাললগা অনুভৱ আস্ শব্দৰে জানো বৰ্ণনা কৰিব পাৰিং প্লাবিতা কৌশিকৰ কাৰনে কি একেদৰে কৌশিকো প্লাবিতাৰ বাবে বিশেষ এজন, তাইৰ মনৰ কোঠাত সদায় জিলিকি থকা ৰাজকোঁৱৰ
প্লাবিতা শিক্ষাবিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰত অধ্যয়নৰত হোষ্টেলত থাকে ঘৰ বৰপেটাত মাক দেউতাক আৰু দাদাকৰ সৈতে চাৰিজনীয়া সুখী পৰিয়াল দেউতাকজন হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক মাক মধ্যপ্ৰাথমিক বিদ্যালয় এখনৰ প্ৰধানশিক্ষয়িত্ৰী দাদাকজন শ্নাতক উত্তীৰ্ণ হৈ ৩বছৰ আগতেই ব্যৱসায়ত নামিছে কেনেকৈ ভাল ঘৰ এখনলৈ ছোৱালীজনী উলিয়াই দিব পাৰে মাক দেউতাকৰ সেইটোৱে চিন্তাপ্লাবিতাক নজনোৱাকৈয়ে আলহী-অতিথিক তাইৰ বাবেউপযুক্ত দৰা চাবলৈ ইতিমধ্যে জনাই থৈছে 

     "বি.এইছ.মহাবিদ্যালয়ৰ বাকৰি মেঘাছন্ন আকাশ কৃষ্ণচূড়া আৰুসোনাৰুবোৰ ৰঙা-হালধীয়াকৈ ফুলি জাতিষ্কাৰ হৈ পৰা এটা মনমোহা পৰিবেশ ৷ যেনবৰ্ষাৰাণীকপ্ৰকৃতিলৈ আদৰিবলৈ কৰা মহা আয়োজনহে ৷"

         আজি কৌশিকহঁতৰ স্নাতক ১ম ষান্মাসিকৰ প্ৰথমটো ক্লাচ বেচৰকাৰী মহাবিদ্যালয় এখনৰ পৰা প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিজ্য মণ্ডিত বি. এইচ. কলেজখনত নামভৰ্তি কৰিছে মনটো উগুল থুগুল যদিও কলেজখনত আজি প্ৰথম হিচাপে অলপ অসস্তি অনুভৱ কৰিব ধৰিলে সি অটোখনৰ পৰা নামিবৰ সময়তহে মনত পৰিল লৰালৰিতে ছাতিটো পাহৰি আহিছে সি কলেজলৈ ওলাবৰ সময়ত বৰষুণ নাছিলেই ছেহ্ অট' ভাড়াটো দি সি দৌৰ দিলে কলেজখনলৈ ৷ইতিমধ্য দেহৰ কিছু অংশ তিতি গৈছিল তাৰ দৌৰি গৈ ওচৰতে পোৱা বাৰান্দাখনত উঠিলে সি কিন্তু গন্দোগোলটো তাতেই ঘটিল দৌৰৰ কন্ট' ৰাখিব নোৱাৰি সি মৃদু ভাবে খুন্দা খালে এজনী ছোৱালীৰ লগত দোষী দোষী ভাৱেৰে ছোৱালীজনীলৈ ছাই পঠিয়ালে সি বৰষুণত সমান্যভাৱে তিতা চুলিকোছাৰে যিকোনো যুৱকৰে প্ৰথম দেখাতে ভাললাগি যাব পৰা এজনী দিপলীপ ছোৱালী শুভ্ৰ মুখখনৰ ওঁঠৰ কাষতে এটি তিল,তাতেই মুকুতাৰ দৰে বিৰিঙি উঠা বৰষুণৰ জয়াল টোপাল চুৰিদাৰযোৰ তিতি উজ্জল হৈ পৰা উঠন বুকু আস্, তুলনাবিহীন তাইৰ সৌন্দৰ্য ৷যেন সৰগৰ পৰাহে নামি আহিছে কোনোবা অপেশ্বৰী নভৱাকৈয়ে তাৰ মুখৰ পৰা sorry জাতীয় শব্দ এটা ওলাই আহিল ছোৱালীজনীয়েও হয়তো তাৰ অৱস্থাটোৰ কথা বুজি এটি হাঁহিৰে its ok বুলি কলে

          কৌশিকহঁতৰ ক্লাচ আৰম্ভ হোৱাৰ এসপ্তাহ ' প্ৰথমৰ পৰাই গুৰুত্ব দিলে পঢ়াত সি কলেজখনত গৈয়ে ভালেকেইগৰাকী বন্ধু-বান্ধৱীৰ লগত চিনাকী ' যদিও, মৌপ্ৰাণ, ভৱেশ, নয়ন, কল্যাণ নামৰ ক্লাচমেট কেইজন মান
তাৰ
ভাল বন্ধু হৈ পৰিল
:অই লাইব্ৰেৰীলৈ যাওঁ আহচোন, College Zoology কিতাপ খন লৈ আহো ?—কৌশিকে মৌপ্ৰাণহঁতক উদ্দেশ্যি কলে
:মোৰো কিতাপ এখন আনিব আছে মৌপ্ৰাণে কলে
:নয়ন আৰু মই তহতঁক কেন্টিনত wait কৰিম, মৌপ্ৰাণ আৰু তই যাগৈ ভৱেশে মাত লগালে
:ছোৱালী এজনীৰ প্ৰেমত পৰিছ যে, পাৰ্টিটো তয়েই দিবি আজি কেন্টিনত নয়নে কৌশিকৰ ফালে চাই কলে মৌপ্ৰাণ আৰু ভৱেশেও নয়নৰ কথাত হয়ভৰ দিলে ইতিমধ্যে কৌশিকে প্ৰথম ক্লাচৰ দিনা লগপোৱা ছোৱালীজনীৰ কথা সিহঁতক কৈছিল আৰু সিহঁতেও তাক ছোৱালীজনীৰ কথা কৈ জোকোৱা আৰম্ভ কৰিছিল
:হব হব, প্ৰথমে পতাই লব দে, পাৰ্টি পাই যাবি কৌশিকে কথাষাৰ কৈ মৌপ্ৰাণৰ লগত লাইব্ৰেৰীলৈ ওলাই আহিছিল

লাইব্ৰেৰীৰ
পৰা দুয়োজনে কিতাপ দুখন লৈ ওলাৱ খোজতেই পিচপিনৰ পৰা নাৰী কন্ঠ এটি ভাহি আহিল
:হেই, এক্সকিউজ মি ?
কৌশিকে
উভতি চাই দেখিলে প্ৰথম ক্লাচৰ দিনা লগ পেৱা ছোৱালীজনী সি ছোৱালীজনীক দেখা পাই কিছু ইতস্ততবোধ কৰিল যদিও তাক মতা দেখি সি আগুৱাই ' সি যিমানপাৰে সহজহোৱাৰ চেষ্টা কৰি মাত লগালে
:হয় কেনেদৰে সহায় কৰিব পাৰো?
:মই কলমটো ক্লাচতে পাহৰি আহিলো লাইব্ৰেৰীকাৰ্ডখন চহী এটি কৰিব আপোনাৰ কলমটো দিবনে?
:অহ নিশ্চয় এইবুলি কৌশিকে পকেটৰ পৰা কলমটো উলিয়াই দিলে মৌপ্ৰাণেও সিহঁতৰ পৰা কিছু আতৰত ঠিয় হৈ কোশিকক ইংগিতেৰে ছোৱালীজনীৰ লগত কথা পাতিবলৈ উৎসাহ দি থাকিল
:থেংক ইউ বুলি ছোৱালীজনীয়ে তাক কলমটো ঘুৰাই দিলে

:ৱেলকাম পিছে মোক চিনিব পাৰিছানে ?
:' প্ৰথম ক্লাচৰ দিনাখন যে লগ পাইছিলো আপোনাক ৷হাঁহি হাঁহি কলে তাই
:হে হে লাজকুৰীয়া হাঁহি এটা মাৰিলে সি পুনৰ সুধিলে
:তোমাক দুদিনে লগপালো পিচে এতিয়ালৈকে নামটোও নাজানো?
:' মোৰ নাম প্লাবিতাপ্লাবিতা বৰুৱা অাপোনাৰ?
:কৌশিক শইকীয়া এইবাৰ স্নাতক প্ৰথম ষান্মাসিকত নহয় জানো? ?
:হয়, স্নাতক ১ম ষান্মাসিক অাপুনি??
:মইওঁ স্নাতক ১ম ষান্মাসিক মেজৰ কোন বিষয়ত??
:শিক্ষাত আপোনাৰ??
:প্ৰাণীবিজ্ঞানত

:ঠিক অাছে লগ পাম পিছত

:ok, bye
কলেজৰ
ঘন্টা বজাৰ লগে লগে তাই গুছি গৈছিল ক্লাছলৈ ৷ঠিক সেয়াই চিনাকী মৌপ্ৰাণক লগত লৈ সি উভতি আহিছিল কেন্টিনলৈ মৌপ্ৰাণহতে বৰকৈ জোকাইছিল তাক সিদিনা কেন্টিনৰ বিল সিয়েই দিছিল বাকী ক্লাচ কেইটাত সি মন বহুৱাব পৰা নাছিল প্লাৱিতাৰ মৰমলগা মুখখনে বৰকৈ আমনি কৰা হৈছিল তিনিমাহ মানৰ ভিতৰত কৌশিক প্লাৱিতাৰ ভাল বন্ধুত পৰিনত হৈছিল কৌশিক তাইৰ প্ৰেমত পৰা বুলি ইতিমধ্যে গম পাইছিল তাই তাইওঁ ছাগে তাৰ প্ৰতি কিছু দূৰ্বল অনুভৱ কৰিছিল কবলৈ 'লে তাই তাৰ ব্যক্তিত্ব আৰু মুখত সঘনে থকা হাঁহিটোৰ প্ৰেমত পৰি গৈছিল তাই কলেজত থকা সময়খিনিত ইটোৱে সিটোক এবাৰ 'লেও দেখা পাবলৈ উত্ৰাৱল হৈছিল দুয়ো ঠিক সেই কেইদিন মানৰ ভিতৰতে কলেজখনত নতুনকৈ নিৰ্মাণ কৰা ইনড' ষ্টেডিয়াম এখন উদ্বোধ্বন কৰিবলৈ কলেজ কতৃপক্ষই বিশ্ববিখ্যাত বক্সাৰ 'মেৰী '' নিমন্ত্ৰন জনাইছিল অন্যান্য ছাত্ৰছাত্ৰীৰ লগতে প্লাৱিতা-কৌশিকহঁতৰ মনতো যঠেষ্ট আনন্দৰ বা বলিছিল নিৰ্দিষ্ট দিনটোত মেৰী ' আহি উপস্থিত হৈছিল কলেজখনত কলেজ কতৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে উষ্ম অাদৰণি জনাইছিল বিশ্ববিখ্যাত বক্সাৰগৰাকীক অটোগ্ৰাফ লোৱাৰ লগতে ফটো একপি উঠিবলৈ হেতাঁওপৰা লগাইছিল অনুৰাগী ছাত্ৰ-ছাত্ৰীসকলে প্লাৱিতাও ইয়াৰ ব্যতিক্ৰম নাছিল বক্সাৰ গৰাকীৰ কাষত থিয় হৈ ফটো একপি উঠিবলৈ তাই কেমেৰাটো কৌশিকৰ হাতত দিছিল কৌশিকেওঁ সুন্দৰকৈ কেইখন মান ফটো তুলিছিল যথা সময়ত বক্সাৰগৰাকীয়ে বিদায় লৈছিল ৷আহিবৰ সময়ত কেমেৰাটো নিবলৈ প্লাবিতাই কৌশিকক লগ ধৰিছিল সময়ৰ সদব্যৱহাৰ কৰি সি ইমান দিনে কম কম বুলি মনতে সাঁচি ৰখা কথাষাৰ ভয় ভয়কৈ তাইক কৈ দিছিল
:"মই তোমাক ভালপাই পেলাইছো প্লাৱিতা…"
:…

লাজত
ৰঙাচিঙা হৈ পৰিছিল তাই৷ একো উত্তৰ নিদিয়াকৈ কেমেৰাটো তাৰ হাতৰ পৰা লৈ গুছি গৈছিল তাই ৷তাৰ সৎ সাহসত বৰকৈ আপ্লুত হৈছিল তাই দুদিনৰ অন্তত মেছেজ এটাৰে জনাই দিছিল তাই তাৰ প্ৰতি থকা অজস্ৰ ভালপোৱাৰ কথা আনন্দত আত্মহাৰা হৈ পৰিছিল কৌশিক এনেদৰে এমাহ-দুমাহকৈ তিনিটি বছৰ কেনেদৰে পাৰ হৈ গৈছিল সিহঁতে উমানেই পোৱা নাছিল কলেজত ইজনে সিজনৰ উপস্থিতিত পাৰ কৰা এই তিনিটা বছৰ মাত্ৰ তিনি মাহ যেন লাগিছিল সিহঁতৰ এনেদৰে দুখ মনেৰে এদিন বিদায় দিছিল বহু স্মৃতি বান্ধি ৰখা কলেজখনক
        যথাসময়ত পৰীক্ষাৰ ফলাফল ওলাইছিল , কৌশিক প্লাৱিতা আদিৰ লগতে মৌপ্ৰাণ, নয়ন কল্যাণ, ভৱেশহঁতেও প্ৰথম শ্ৰেনীত উত্তীৰ্ণ হৈছিল সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতি দি প্লাৱিতা কৌশিকক এৰি পঢ়িবলৈ গুছি গৈছিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ আৰ্থিক দুৰবস্থাৰ বাবেই কৌশিকে বিশ্ববিদ্যালয়ত পঢ়া সপোন আধাতে সামৰিব লগা হৈছিল তথাপিওঁ কৌশিক ভাগি পৰা নাছিল প্লাৱিতাৰ দ্বাৰাই সি তাৰ সপোনবোৰ চাই আত্মসন্তুষ্টি লভিছিল আৰু তাইক যথেষ্ট উৎসাহ দিছিল তাইৰ সপোনবোৰ পূৰণৰ ক্ষেত্ৰত এনেদৰে ফোনেৰে প্ৰায়েই যোগাযোগ ৰাখিছিল দুয়োটাই সি তাৰ যোগ্যৰ চাকৰি বিচাৰিছিল যদিওঁ উৎকোচ দিৱ নোৱাৰাৰ বাবে সেইটো হেৰুৱাইছিল এনেদৰে সকলো ঠিকেই চলি আছিল সিহঁতৰ কিন্তু কিন্তু হঠাতে এদিন প্লাৱিতাৰ মেছেজ এটা পোৱাৰ লগে লগে কৌশিক পাগলৰ দৰে হৈ গৈছিল——

"মোক চাৱলৈ মামাহঁতৰ চহৰৰ লৰা এটা আহিব,মেকানিকেল ইঞ্জিনিয়াৰ, গুৱাহাটীত চাকৰি কৰে, মায়ে কোৱামতে বিয়াখন সোনকালেই ' বোলে তুমি কি কৰিবা? তোমাৰ হাতত সৰুসুৰা 'লেও চাকৰি এটি থাকিলে মই ঘৰত ' পাৰিলোহেতেঁন আমাৰ বিয়াৰ কথা ৷এতিয়া মই কলেও মানি নলব ঘৰত আৰু কেঁচুৱাৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰা মা দেউতাহঁতৰ বা ঘৰখনৰ কথা কেনেকৈ পেলাওঁ কোৱা ?কিবা এটা কৰা না সোন "

 

        ***সমাপ্ত***

No comments:

Post a Comment