মই কিমান কান্দিলে তুমি সুখী হ'বা? (Moi kiman kandile tumi hukhi hoba?)

No comments:











 মই কিমান কান্দিলে তুমি সুখী হ'বা? 
(Moi kiman kandile tumi hukhi hoba?)  Audio download link of this assamese poem- http://rongali.tk/music/view/36237873

মই কিমান কান্দিলে তুমি সুখী হ'বা? (কবিতা)

2 comments:
মই কিমান কান্দিলে তুমি সুখী হ'বা?
কিমান দুখ পালে চকুলো এটুপি ওলায় তুমি জানানে?
বহুতেই কয় লৰাবোৰে কান্দিব নাজানে,
কান্দিব নজনাসকলৰ দুখ কিমান
কেতিয়াবা কল্পনা কৰি পাইছানে?
কেতিয়াৱা কলিজাটো উলিয়াই টুকুৰা-টুকুৰকৈ কাটি
ৰ'দত শুকাব দিব মন যায় ৷
বৰ বেইমান কলিজাটো—
দুখ দিয়াবোৰক কোনো দিনেই
বেয়া পাব নিশিকালে মোক?
কোনো দিনে ভুলতো
হুমুনিয়াহ হৈও ওলাই নাহিল
তোমালৈ এটি অভিশাপ
"মোক কন্দুৱাই তুমি কোনো দিনেই সুখী হ'ৱ নোৱাৰিবা" ৷
অাশীৰ্বাদ দিবলৈ মোৰ কোনো যোগ্যতা নাই
তথাপি মনৰ পৰাই আশা কৰো
সদায় তুমি সুখী হোৱা ৷
তোমাক সুখী কৰাটোৱেই মোৰ লক্ষ্য আছিল
যদিও সেইবোৰ আজি
ধোৱাঁ হৈ উৰি যোৱা নষ্ট সপোন ৷
কেতিয়াবা অজানিতে উচুপি উঠো
যেতিয়া তুমিহীনতাৰ প্ৰতিটো শূণ্য ৰাতিয়ে
মোৰ কলিজাটি চেপা মাৰি ধৰে ৷
সপোনত তোমাক খেপিয়াই যেতিয়া
বাস্তৱৰ উকা দুহাত উপহাৰ পাওঁ তেতিয়া
নিজকে পৃথিবীৰ আতাইতকৈ দুখী মানুহজন যেন অনুভৱ হয় ৷
কাষৰ কোঠাত শুই থকা পিতাইয়ে শুনিব বুলি
ওলাই আহিৱ খোজা চেপা কান্দোনতো যেতিয়া
গাৰুটোৰে ঢাকি ৰাখিব লগা হয়
তেতিয়া ভালকৈয়ে বুজি উঠো
কষ্ট কি¿
কিন্তু তুমি বুজি নোপোৱা
ভগ্ন হৃদয়ৰ প্ৰতিটো ফাকেৰে চিৎকাৰ কৰি নামি অহা
মোৰ চকুলোৰ মূল্য ৷
তথাপিও শেষবাৰৰ বাবে শুধিছো তোমাক—
মই কিমান কান্দিলে তুমি সুখী হ'বা?
কাৰণ তোমাক সুখী কৰাটোৱেই মোৰ কাম্য ৷

 মই কিমান কান্দিলে তুমি সুখী হ'বা? 
(Moi kiman kandile tumi hukhi hoba?) Audio download link- http://rongali.tk/music/view/36237873

এটি সপোনৰ সমাধি (গল্প)

2 comments:

শ্নেপশ্বট-১

:
হেই ৰাজ, কি চাইছা ইমানকৈ ??
:
তোমাক চাইছো
:
কি পাইছা হা মোক চাই ?
:
নিজক বিছাৰি পাইছো তোমাৰ বুকুৰ কোঠাত ৷
:
অহ সোনটো, আহানা বুকুৰ মাজত ৷
:
ইমান কোমল তোমাৰ বুকু, এনেকৈ আজীৱন থাকিব মন গৈছে জান ৷
:
ৰখিমও সোনটো সদায় বুকুত সাৱতি, উম্মাহহহহহহ
:
উম্মাহহহহহহ


শ্নেপশ্বট-২

:
হেল্ল' কি কৰিছা জান ৷
:
মই বিজি আছোবাই ৷
:
হেল্ল'…শুনাচোনপ্লিজহেল্ল'...হেল্ল'...হেল্ল'
:
টু...টু...টু ৷
:…


শ্নেপশ্বট-৩

১ম দিন
:
আপুনি ক'ল কৰা ভোডাফোন ফোনটো বৰ্তমান ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি কিছুসময় পিছত চেষ্টা কৰক
:…
:
আপুনি ক'ল কৰা ভোডাফোন ফোনটো বৰ্তমান ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি কিছুসময় পিছত চেষ্টা কৰক

:…

২য় দিন
:
এটি মেছেজতোমাৰ কেইদিনমান ধৰি একো খৱৰ নাই যে ? কি হৈছে হা?

:
মেছেজৰ ৰিপ্লাই——"অহা মাহৰ ১৫ তাৰিখে মোৰ বিয়া, দৰা বাংগালুৰুত চাকৰি কৰে, মেকানিকেল ইঞ্জিনিয়াৰ ৷ আহিবা বিয়াত ৷
Sorry...
:…
:…


শ্নেপশ্বট-৪

বিয়াঘৰত উৎসৱমুখৰ পৰিবেশঅলেখ আলহী অতিথিৰ সমাগম ৷

হঠাতে এটি বৃহৎ শব্দ
এটি এক্সিডেন্ট ৷

তীব্ৰবেগী ট্ৰাক এখনৰ খুন্দাত থিতাতে নিহত এজন যুৱক ৷বিয়া ঘৰৰ লগতে অন্যান্য মানুহৰ জুম ৷ কাষত পৰি ৰৈছে এযোৰ বোৱা কাপোৰ, হয়তো বিয়াত উপহাৰ দিৱ অানিছিল ৷ উৎসুকতা ধৰি ৰাখিব নোৱাৰি কইনা স্মিতাও আহিল দৌৰি ৷ যুৱকজনৰ মুখলৈ চালে কইনাই ৷ এয়া কি দেখিছে তাই…!

ৰাজ ৰা..জ

জোৰকৈ এটি চিঞৰ মাৰি সংজ্ঞাহীন হৈ পৰিছিল স্মিতা ৷
চাগে ভালপোৱাৰ বাবেই সমাধি হৈছিল এটা নিস্পাপ সপোনৰ ৷ চাগে টকা-চাকৰি আদিৰ পিছত দৌৰা স্মিতাইও ভবা নাছিল তাইৰ বিয়াত তাইৰ প্ৰাক্তন প্ৰেমিক ৰাজে জীৱনটো উপহাৰ দি চিৰদিনলৈ গুছি যাব বুলি ৷


 

                                           ***সমাপ্ত*** 
  
বি: দ্ৰ:- চুটিগল্পটি ফেচবুক আলোচনী বাঁহীত প্ৰকাশিত ।