আজিৰ পৰা সুখী হ'ম
হাঁহিৰ প্ৰতিটো ঢৌত আজি উটুৱাই দিম
মোৰ সমস্ত বেদনাৰ প্ৰলেপ ৷
কিমাননো উদযাপন কৰিম বিষাদৰ দগলগা ক্ষণবোৰ
অথবা কিমান সহ্য কৰিম কিছু মৃত সপোনৰ অস্পষ্ট চিৎকাৰ…৷
ভগা বুকুৰ প্ৰতিটো ৰন্ধ্ৰত যে কেবল
যন্ত্ৰনাবোৰৰেই অবাধ বিচৰণ,
সিহঁতবোৰৰ অটহাস্যত মই আজি অসহায় জুৰুলা প্ৰেমিক ৷
কিন্তু… কিন্তু আজি সকলোকে বিদায় দি
সুখী হোৱাৰ আখৰা কৰিম মই,
আজি মোৰ বুকুৰ শ্মশানত সৎকাৰ কৰিম
বিষাদ বেদনাৰ অটহাস্যবোৰ আৰু সৎকাৰ কৰিম
তোমালৈ থকা সমস্ত মৰম ভালপোৱাবোৰ ৷
তুমিয়েটো কৈছিলা প্ৰেমত পৰিবলৈ এখন বিশাল বুকু লাগে
য'ত হেৰুওৱাৰ ভয় নাথাকে,
দুখ লাগিলে কান্দিব পৰাকৈ লাগে এখন পবিত্ৰ অন্তৰ… ৷
মোৰোতো এখন বুকু আছিল
তোমাৰ নামেৰে কবিতা লিখিব পৰাকৈ,
তুমি দুখ দিলে জানো উচুপি নুঠাকৈ আছিল মোৰ অন্তৰ ?
তেন্তে কি দোষ আছিল মোৰ,
মইটো বিশ্বাসহীনতাৰ বীজ সিঁচা নাছিলো
চহ কৰা প্ৰেমৰ পথাৰত
নাইবা প্ৰেমৰ কঠিয়াবোৰ জীপাল কৰিবলৈ মই
বিচৰা নাছিলো কাহাঁনিও তোমাৰ চকুলো…
তেন্তে…তেন্তে কি দোষৰ শাস্তি দিছা মোক-
নিসংগতা নিসংগতা আৰু নিসংগতা ৷
এতিয়া মোৰ কলিজাত তোমাৰ বিষধৰ নখৰ আচোঁৰ
কিয় উলিয়াই নিব বিচাৰিছা মোৰ কলিজাটো
দেখা নাই জানো জীয়া দেহটোৰ চটফটনি…৷
…এহ বাদ দিয়া আৰু,
তোমাৰেই শপত আজিৰ পৰা পাহৰি যাম তোমাক…
নিশা তোমাৰ বিৰহত আৰু কেতিয়াও নিলিখো বিষাদৰ অকবিতা ৷
ফেচবুক অথবা হোৱাটচ্ এপতো ষ্টেটাচ দি ট্ৰেজেদি নাফালো যে
-"মই কিমান কান্দিলে তুমি সুখী হ'বা?"
মোৰোটো এটি জীৱন আছে
মই কান্দি কিয় তোমাক সুখী কৰিম?
নাকান্দো…আৰু কেতিয়াও নাকান্দো
মোক বেয়া পোৱা সকলৰ বাবে
কোনোদিন এটোপাল চকুলো নষ্ট নকৰো ৷
আজি বিষাদবোৰৰ লগতে তোমাক বিদায় দি
মই বহুত বেছি সুখী হ'ম,
আজি পুনৰ বাৰ নিজৰ প্ৰেমত পৰিম,
আৰু তুমিহীন ভাবে সুখী হোৱাৰ আখৰা কৰিম…৷
কথা দিলো- আজিৰ পৰা তোমাক পাহৰি যাম ৷
No comments:
Post a Comment