১)নিজৰ কৰ্মৰ ওপৰত সদায় গুৰুত্ব দিয়ক, আনে কি কৈছে কি কৰিছে সেইটো ডাঙৰ কথা নহয় ৷
২) ধৈৰ্যৰ পৰা কেতিয়াও বিচলিত নহ'ব, ই আপোনাৰ ক্ষতি কৰিব পাৰে ৷
৩)খং নিয়ন্ত্ৰনত ৰাখক, কাৰন খংৰ পৰা আজিলৈকে কাৰো একো লাভ হোৱা শুনা নাই, বৰঞ্চ ইয়াৰ ফলত আপুনি আপোনাৰ আপোন মানুহক হেৰুওঁৱাৰহে ভয় আছে ৷
৪) সপোন দেখিছে যদি কষ্ট আৰু চেষ্টা দুয়োটাই অব্যাহত ৰাখক, তেতিয়াহে সফল হ'বলৈ পাৰিব ৷
৫)ব্যস্ততাৰ বাবে আপোন মানুহজনে আপোনাক সময় দিব পৰা নাই নেকি? তেনেক্ষেত্ৰত খং নকৰি আপোনজনৰ যত্ন লওঁক…আপোনাৰ সংগই তেওঁ সুখী কৰিব,লগতে আপুনিও সুখী হ'ব পাৰিব ৷
৬)আপোনজনে কোৱা সৰু সৰু ভাললগা মূহুৰ্ত মনত ৰাখক আৰু মাজে মাজে সেইবোৰ তেওঁৰ আগত ব্যক্ত কৰক, আপোনাৰ তেনেবোৰ কথাই তেওঁক যথেষ্ট আনন্দিত কৰিব পাৰে ৷
৭) বন্ধু বান্ধৱীবোৰৰ সৈতে সু-সম্পৰ্ক ৰাখক ৷ বন্ধুৰ বিপদৰ সময়ত কেতিয়াওঁ আতৰি নাহিব কাৰন আপোনাৰো যে কেতিয়াবা বিপদ নাহিব তেনে কোনো কথা নাই ৷
৮) স্বাৰ্থ ত্যাগ কৰি অসহায় সকলক যিমানখিনি পাৰে সহায়ৰ হাত আগবঢ়াক…টকাৰে নোৱাৰিলে মাত এষাৰি হ'লেও দিয়ক, নিজেই এক অনাবিল শান্তি লাভ কৰিব ৷
৯) কথা দি কথা ৰাখিব নোৱাৰাতকৈ কাকো কথা নিদিব ৷
১০) কথা যিমান পাৰে কমকৈ কওঁক, কথা কমকৈ কলে আপুনি কোৱা ভুলৰ সংখ্যা কমি থাকিব ৷
(ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক…)
No comments:
Post a Comment