✍ কপিল দাস
সোহাঁতত থকা গিলাচটোত শেষ শোহাটো মাৰি মুখখন বিকতাই দিলে ভগোৰামে, মদ নহয় যেন বিষ এসোপাহে গলাধকৰণ কৰিলে ৷ ধলংপলংকৈ চুলাই মদৰ ঘাটিটোৰ পৰা ওলাই আহি মুল পথত ভৰি দিলে সি ৷ আচলতে মুল পথ বুলিবলৈ কোনো পকী ৰাজআলি নহয়, বিশৃংখলভাৱে কেইচটামান শিল পেলাই কাম সামৰা তথাকথিত বিকশিত অসমৰ এটি কেঁচা ৰাস্তাহে ৷ মদৰ ৰাগিৰে মাতাল শৰীৰটো কোনোমতেহে আগুৱাই নিছে ভগোৰামে ৷ ঠিক সাপ এডালৰ দৰে গোটেই ৰাস্তাটো আগুৰি আগবাঢ়ি যাওঁতে হঠাতে শিল এচটাত বেয়াকৈ উজুটি খালে সি ৷ শিলচটাত মৰা প্ৰচণ্ড খুন্দাটোত যেন খহিয়েই পৰিল তাৰ বুঢ়া আঙুলিটো ৷ আঙুলিটো ফাটি বেয়াকৈ আঘাত প্ৰাপ্ত হ'ল যদিওঁ সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি লেকেচিয়াই লেকেচিয়াই আগবাঢ়ি গৈয়েই থাকিল সি ৷ আচলতে দুখনামৰ শব্দটোৱে যেন তাৰ একমাত্ৰ বিশ্বস্ত সংগী ৷ দিনে-ৰাতিয়ে,এন্ধাৰে-পোহৰে দুখবোৰেই যেন তাৰ বুকুৰ আপোন ৷ যন্ত্ৰনাত পিষ্ট হৈ হৈ এতিয়া সি নিৰ্বিকাৰ ৷ জীয়া যন্ত্ৰনাত পিষ্ট হৈ জীৱন যুদ্ধত ৰিদৰে আগবাঢ়িব লাগে সেইকথা ভালকৈয়ে জানে ভগোৰামে ৷ নিষ্ঠুৰ সময়েযে ভালকৈয়ে শিকাই থৈ গৈছে তাক ৷
-"হেৰো, মোক কি বুলি ভাৱিছ'! সাধাৰণ আঙুলিটোহে, যদি কেতিয়াবা মুৰটোও চিঙি থাকে তথাপিওঁ আগবাঢ়ি থাকিব এই ভগোৰাম…৷"- উদ্দেশ্যহীন ভাৱেই নিজৰ মাজতেই বিৰবিৰাই আগবাঢ়ি গৈ থাকিল ভগোৰাম ৷
সম্পত্তি বুলিবলৈ ঘৰৰ ভেটিটোৰে সৈতে মুঠ পাঁচবিঘা ৷ পত্নী মনোৰোমা আৰু একমাত্ৰ জীয়েক মনিকাৰ সৈতে খেতি-বাতি কৰি সাধাৰণভাৱেই চলাই নিছিল ভগোৰামৰ পৰিয়ালটো ৷ দুখ আহিব পৰাকৈ সিহতঁৰ ভিতৰত অভাৱ নাছিল বুজাপৰাৰ ৷ এক কথাত সৰু পৰিয়াল সুখী পৰিয়াল ৷লাহে লাহে মনিকাওঁ যৌৱনৰ দুৱাৰদলিত ভৰি দি চকুতলগাজনী হৈ উঠিছিল ৷ কি সুন্দৰ কৈ যে দিনবোৰ পাৰ হৈ গৈছিল ! আৰু পাখিলগা সময়ৰ বোকোচাত উঠিয়ে ফুটুকী ফ্ৰক পিন্ধি পাঠশালাত দৌৰা মনিকাই হাইস্কুলৰ দেওনা পাৰ হৈছিল এদিন ৷ ঘৰখনলৈ বৈ আহিছিল আন এক সুখৰ বন্যা ৷
: দেউতা, মোৰ লগৰ পূৰৱী, নয়না , সংগীতা চবে কলেজত এডমিচন ল'ব, মোকো এডমিচন কৰাই দে না!
: মা, সিহঁত মহাজন-মাষ্টৰৰ জীয়েক, আমি সিহঁতৰ লগত জানো ফেৰ মাৰিব পাৰিম ! কলেজ পঢ়াতো এলা পেচা কাৰবাৰ নহয়, টকা লাগিব বুইছা ঢেৰ টকা লাগিব ৷
দেউতাৰ কথাত আজিলৈ প্ৰতিবাদ কৰা নাই মনিকাই ৷ নীৰৱে নিতালে সুৰ সুৰকৈ গুছি আহিছিল দেউতাকৰ কাষৰ পৰা যদিওঁ দুচকুৰে চকুলো বৈ গৈছিল তাইৰ ৷ বিছনাত পৰি হিয়া ঢাকুৰি কান্দিব মন গৈছিল ৷ খং উঠিছিল নিজৰ ওপৰত ৷ নিজৰ অৱস্থাৰ ওপৰত ৷ ঘৃণা উপজিছিল দৰিদ্ৰতাৰ ওপৰত ৷ একমাত্ৰ জীয়েকৰ অৱস্থাটো দেখি ভগোৰামৰ লগতে মাক মনোৰোমাৰ মনতো শোকে খুন্দা মাৰি ধৰিছিলছিল ৷ শেষত মাকে পোহনীয়া ছাগলী দুটি বেছিয়ে তাইক সিহঁতৰ গাঁৱৰ পৰা ৮ কি:মি: আঁতৰত থকা মহাবিদ্যালয়খনত নাম লগাই দিছিল ৷ কলেজত নাম লগোৱাৰ পিচতে মনিকাৰ সীমাহীন স্ফূৰ্তিত মাক মনোৰোমাই আদৰ-যত্নৰে পালন কৰা ছাগলীদুটিৰ বিক্ৰীৰ যি বিষাদ, সেই কথা সমূলি পাহৰি গৈছিল ৷ ভগোৰামো মনিকাৰ সুখত সুখী হৈছিল যদিওঁ, গাভৰু জীয়েকক কলেজলৈ অকলে অহাযোৱা কৰিবলৈ দিবলৈ কিছু চিন্তাই মনাকাশ বেৰি ধৰিছিল তাৰ ৷
: মাজনীক চিধা কলেজ যাবলৈ কবি আৰু চিধা ঘৰলৈ আহিবলৈ কবি ৷ কাৰো লগত হলি গলি কৰিবলৈ মানা কৰি দিবি বুইছা ৷ দিন কাল ভাল নহয় অ মনো ! কাকো বিস্বাস কৰিব নোৱাৰি--- ৰাতি শেতেলীত মনৰোমাক বুজাইছিল ভগোৰামে ৷
এনেদৰে মনিকাৰ কলেজীয়া জীৱন আৰম্ভ হৈছিল ৷ বাৰীৰ শাক-পাচলিৰ লগটে ইটো সিটো বেছি কলেজৰ অহা যোৱা খৰচ বহন কৰিছিল দেউতাকে ৷ কিন্তু কাল অমানিশা এটা যেন ৰৈ আছিল সিহঁতৰ পৰিয়ালটোলৈ ঘোৰ অন্ধকাৰৰ সিঁচি দিবলৈ ৷ মনিকাৰ পৰীক্ষা আৰম্ভ হৈছিল ৷ এদিন আবেলি ভাগৰ পৰীক্ষা দি উভতি আহোতে কিছু পলম হৈছিল তাইৰ ৷ গাওলৈ অহা গাড়ীবোৰ প্ৰায় শেষ হৈছিল ৷ ঘৰৰ পৰা প্ৰায় তিনি কি:মি: আঁতৰৰ ঠাইখনলৈ অহা এখন গাড়ী পাই তাতেই উঠি আহিছিল ৷ গাড়ীৰ পৰা নামি ঘৰলৈ খৰখেদাকৈ খোজ লৈছিল তাই ৷ ইতিমধ্যে সন্ধিয়াটোৱে গ্ৰাস কৰি পেলাইছিল নিৰ্জন ঠাইটুকুৰা ৷ মনিকাৰ বুকুখন কিবা এটা শংকাত কঁপিবলৈ ধৰিছিল ৷ কিছুদুৰ অহা পিচত তিনিজন নিচাসক্ত ডেকাই আগচি ধৰিছিল তাইক ৷ : কলেজৰ পৰা আহিছ হবলা ৷ পিছে ইমান ৰাতি হল যে ৷ নে কাৰোবাৰ লগত গা ঘেলাই থাকোতে পাহৰি গলি বেলি কোনপিনে উধাও হল ৷ হেৰ' আমিবোৰ এনেই আছো নেকি হে ?বল বল তোক কোচত লৈ থৈ আহোহি--তাই তাইক যাবলৈ দিবলৈ অনুৰোধ কৰিছিল সিহঁতক ৷ কাপুৰুষৰ দলটোৱে জপিয়াই পৰিছিল তাইৰ কোমল দেহটোত ৷ কাষৰ জংঘললৈ চোচৰাই নি মুখত সোপা দি উপৰ্যুপৰি শাৰিৰীক নিৰ্যাতন চলাইছিল সেই তিনিজন পাষণ্ডই ৷ চিঞৰিব খুজিও বিফল হৈছিল ৷ এটা সময়ত সংজ্ঞাহীন হৈ পৰিছিল তাই…!
ইফালে ছোৱালীজনী দেৰিলৈ ঘুৰি নহা দেখি কান্দোনত ভাগি পৰিছিল মাক মনোৰোমা ৷ ভগোৰামোৰো কিবা এটা অজান আশংকাত অন্ঠ-কন্ঠ শুকাই গৈছিল ৷ সি সেই ৰাতিয়েই মনিকাক বিচাৰি ওলাই গৈছিল ৷ গাওঁখনত ছোৱালীজনী ঘুৰি নহাৰ বাতৰিয়ে ৰজনজনাই গৈছিল ৷ বহু ঠাইত বিচাৰ খোচাৰ কৰিওঁ মনিকাৰ কোনো সন্ধান নোপোৱাত শোকত ভাগি পৰিছিল ভগোৰাম ৷ বিভিষিকাময় নিশাটো অনিদ্ৰা-অনাহাৰে পাৰ হৈছিল…৷ আৰু ৰাতিপুৱাই কোনোৱা গৰখীয়া ল'ৰাৰ পৰা খবৰটো অঞ্চলটোত বিয়পি পৰিছিল ৷ অৰ্ধউলংগ অৱস্থাত এটা মৃতদেহ ৷ দৌৰি গৈছিল ভগোৰাম তালৈ ৷ মনেপ্ৰাণে ভগৱানক খাটনি জুৰিছিল সেয়া যেন মনিকা নহয় ৷ কিন্তু..... শেষ ৰক্ষা নহল ৷ ভগোৰামৰ মুৰত যেন নিমিখতে সৰগখন ভাগি পৰিছিল ৷ চকুৰ পচাৰতে শেষ হৈ গৈছিল সকলো ৷
পুলিচৰ সহায়ত পোষ্টমৰ্টেমৰ বাবে লৈ যোৱা মনিকাৰ নিথৰ দেহ সন্ধিয়া ঘৰ সোমাইছিল ঢক ঢকীয়া শুভ্ৰ চাদৰ এখন মেৰিয়াই ৷ হুলুস্থুল বাঢ়ি গৈছিল ৷ কান্দোনত গগন কপোৱা মনোৰমাই অকস্মাত ৰৈ গৈছিল ৷ আৰু খেকখেক কৈ হাঁহি উঠিছিল ৷
: আমাৰ মনি কইনা হৈছে আজি ৷ তাইৰ বিয়া তাইৰ বিয়া আজি ৷ চাওঁ চাওঁ চন্দুক খুলি নতুন সাজ এজোৰ উলিয়াও কইনাই জানো এনে বগা সাজ পিন্ধে !--মানসিক স্থিতি হেৰুৱাই আবোল তাবোল কবলৈ আৰাম্ভ কৰা মাকক দুজন মানে জোৰকৈ ধৰি চিতাত তুলি লৈ গৈছিল মনিকাৰ প্ৰাণহীন দেহ ৷
যথাবিধি অনুসাৰে মৃতকৰ কাম-কাজ সম্পন্ন হৈছিল ৷ কণ্যাশোকৰ যন্ত্ৰনাৰ মাজতে এটি অতি দুখৰ বাতৰিয়ে হেঁচি ধৰিছিল ভগোৰামক ৷ মনোৰোমাৰ মগজুৱে কাম নকৰা হৈছিল ৷ ভুল বকা আৰম্ভ কৰিছিল মনোৰোমাই ৷ মনিকা মনিকা বুলি কেতিয়াবা চিঞৰিছিল যদি কেতিয়াবা হুকহুকাই কান্দি উঠিছিল মনোৰোমা ৷ সেই তেতিয়াৰ পৰাই সৰ্বস্ৰান্ত ৰৈ একেবাৰেই ভাগি পৰিছিল ভগোৰাম ৷ কাকোৱে মাতবোল নকৰা হৈছিল সি ৷ যেন মুঠিয়ে মুঠিয়ে বিষাদগধুৰ যন্ত্ৰনাই তাক কোঙা কৰি পেলাইছিল ক্ৰমশ…৷
: মনোৰোমা…অ মনোৰোমা…
বাৰান্দাৰ মাটিত শুইথকা মনোৰোমাক জগাই লৈ আহিছিল চোতাললৈ ৷ আকাশৰ তৰা এটিলৈ আঙুলি টোৱাই তাই দেখুৱাই কৈছিল-
: সৌৱা চোৱা, আমাৰ মনিকাই আমালৈ চাই হাঁহি আছে, আজি তাইৰ জন্মদিন আছিল নহয়…!
মনোৰোমাই গিৰিয়েকলৈ চাই এবাৰ হাঁহি উঠিছিল, তাৰ পিছতেই গিৰিয়েকক সাৱতি হুকহুকাই কান্দোন ভাগি পৰিছিল দুয়ো, কিছু অচিন অচিন যেন চিনাকি বেদনাত…৷
***সমাপ্ত***
ম'বাইল-৯৭০৬৪৭৩৯০৩