অজুহাত ! এক বাস্তৱ তথা নিৰ্মম সত্য ৷ এই যে জীৱন নাওঁখনি নিৰৱছিন্ন ভাবে চলাই লৈ গৈছে আপুনি ৷ কিয় ? উত্তৰ এটাই— অজুহাত; সুখৰ, সপোনৰ, এটা ভাল চাকৰি, মোটা বেংক বেলেঞ্চ ,এটা অট্টালিকা, এখন দামী গাড়ী, এটা ঘৰ, এগৰাকী সুঠাম-সুন্দৰী জীৱন লগৰী, সন্তান, কিছু নাম-যশ ইত্যাদি ইত্যাদি ৷ এইবোৰ অজুহাততেই চলি যায় পৃথিৱী ৷ এই ধৰক আপুনি আপোনাৰ ভাল লগাক বা কিছু সপোন পুৰণৰ অজুহাতক দোহাই দি কাৰোবাৰ প্ৰেমত পৰিছে ৷ প্ৰেমত পৰাই নহয়, সেই বিশেষ ব্যক্তিগৰাকীৰ সৈতে আপুনি সংসাৰো পাতিছে ৷ কিছুমানৰ আকৌ নোপোৱাটোৰ প্ৰতি লগাতকৈ বেছি হেঁপাহ ! ধৰাহ'ল আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বিচৰাধৰনেই আপুনি সকলোবোৰ উজাৰি দিছে ৷ আপোনাৰ ব্যস্ততাক পিঠি দিয়ো আপুনি তেওঁৰ বাবে সময় উলিয়াইছে ৷ বন্ধুবোৰৰ আড্ডাত সময় কমকৈ দিয়ো আপুনি তেওঁক সুখী কৰাৰ বাবে উঠি পৰি লাগিছে ৷ সঁচা অৰ্থত কবলৈ গলৈ আপুনি ভালপোৱাখিনি তথা সম্পৰ্কটোৰ স্বাৰ্থত নিজস্বতা খিনিকো পাহৰি পেলাইছে ৷ একেলগে ব্যস্ততাখিনিও মুৰ পাতি লৈছে যাতে আহিবলহীয়া দিনবোৰ সুকলমে পাৰ হয় ৷ হঠাতে এদিন কি হ'ল আপুনি বিশেষ কামৰ কামৰ বাবে আপুনি কিছুসময়ৰ বাবে আপোনাৰ প্ৰেয়সী বা প্ৰেমিকৰ এটা অাবদাৰ পূৰণ কৰিব নোৱাৰিলে ৷ যিটো কাম নকৰিলে আপুনি ইমানদিনে দেখি অহা সপোনবোৰ পূৰণত যথেষ্ঠ সমস্যাৰ সৃষ্টি হ'ব পাৰে ৷ তেতিয়াই আমি আপুনি হৃদয়ৰ সিংহাসনত বহুৱাই ৰখা প্ৰেমাস্পদ গৰাকীয়েই আপোনাৰ প্ৰতি মনতে এটা ভুল ধাৰনা সৃষ্টি কৰি লয় আৰু কিছুমানে নিজৰ ভুল ধাৰণাটোকে ইমানকৈ প্ৰাধান্য দিয়ে যে তেওঁ মনৰ পৰা আপুনি কোনো প্ৰকাৰেই সেইটো মচি দিবলৈ অক্ষম ৷ অৱশেষত ইমানবোৰ আবদাৰ পুৰণ কৰাৰ পিচতো বিশেষ ব্যস্ততাৰ বাবে মাত্ৰ এটা আবদাৰ পূৰণ কৰিব নোৱাৰাৰ বাবেই তেওঁৰ মনৰ পৰা আপোনাৰ নামটো মচি পেলাবলৈও কুন্ঠাবোধ নকৰে ৷ কিন্তু এইবোৰ ইমান সহজে এনেয়ে নঘটে ৷ আপুনি পূৰণ কৰিব নোৱাৰা আবদাৰ এটাৰ অজুহাত দেখুৱাইয়ে আনৰ কাৰোবাক বিচাৰি যায় তেওঁ ৷ এনেক্ষেত্ৰত আপোনাৰ প্ৰতি কোনো সহানুভুতি জাগি নুঠে আপুনি ইমানদিনে আপোন বুলি ভাবি অহা প্ৰেমাস্পদগৰাকীৰ ৷ এনেদৰেই সামান্য অজুহাততেই আনৰ ছবি আনি বুকুত আঁকি লৈ সুখী হোৱাৰ চেষ্টা চলায় আৰু এইফালে আপুনি আপোনাৰ জীয়া সপোন বোৰৰ সমাধিত কিছু উত্তৰহীন প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই ৰৈ যায় !!!
প্ৰেম বিষাদ ইত্যাদিৰ কথাৰে…(অনুভৱ)
✍ কপিল দাস
তাইৰ অতিকৈ আপোন আছিল সি ৷ খাওঁতে, শোৱতে, উঠোতে বহোতে তাৰ মাত এষাৰ নুশুনিলেই নহৈছিল ৷ ফোনৰ উপৰি ফোন, ঘন্টা ঘন্টা ধৰি কথা পাতি ফোন ৰখাৰ লগে লগেই আকৌ Whatsapp ৷ Selfie, smily, খং, অভিমান ইত্যাদিৰে সদায় চলি থাকে ভৰপুৰ ৰোমান্টটিক অধ্যায় ৷ সময় গৈ থাকে ৷ সামান্য অভিমানতে কাট খাই যায় ফোন ৷ পুনৰ বাজি উঠে Vibration ৷ তাইৰ খংমিশ্ৰিত অভিমানবোৰে যেন সফলতাহে পালে-পুনৰ সংযোগ বিচ্চিন্ন কৰে ফোনৰ ৷ আকৌ বাজি উঠে Vibration ৷ আনটো মুৰে বাৰে বাৰে ফোন কৰি উদ্দিগ্ন হৈ পৰে এখনি হৃদয় ৷ Vibration হৈ থাকে মোবাইলটো ৷ মোৱাইলৰ স্ক্ৰিনত ভাহি থাকে প্ৰেমস্পদৰ আটাইতকৈ মৰমলগা ফটোখন অথবা Birthday ত উপহাৰ দিয়া Teddy টোৰ ফটো ৷ অভিমানবোৰ নিমিষতে গলি যায় তাইৰ ৷ ফোনটো লাহেকৈ ৰিচিভ কৰি কানত লগাই লয় ৷ অভিমানত কিছুসময় মুখেৰে একো মাত নোলায় ৷ অানটো মুৰৰ পৰা প্ৰেমাস্পদৰ ভালপোৱাৰ বানত উটি যায় তাইৰ সকলো অভিমান ৷ পুনৰ দুখন হৃদয় হৈ পৰে এক ৷ এজনে আনজনৰ বুকুৰ গভীৰলৈ সোমাই যায় ৷ এটাৰ পিচত আন এটা সপোনে ঠন ধৰি উঠে দুয়োজনৰ হৃদয়ত ৷ পাখিলগা কাঁড়ৰ দৰে সময়ে দিনৰ পিচত মাহ, মাহৰ পিচত বছৰ চুৱেগৈ ৷ এবছৰ পিচত দুবছৰ হয়গৈ ৷ মৰমবোৰ ঠিকেই থাকে ৷ লাহে লাহে কথাবোৰ নিমিলা হৈ আহে ৷ নতুন বন্ধু-বান্ধৱীবোৰৰ মেচেজেৰে ভৰি পৰে তাইৰ Whatsapp ৷ সামান্য কথাকলৈয়ে তাৰ লগত মতানৈক্যৰ সৃষ্টি হয় ৷ অভিমানবোৰ অভিমান হৈ নাথাকে ৷ তাৰ মৰমমিশ্ৰিত যিবোৰ আৱদাৰত তাই এদিন সুখী হৈছিল, সেইবোৰ কথাক তাইৰ এতিয়া শাসন যেন লাগে ৷ ফোনত বহুপৰ কথা পাতি কবলগীয়া নাথাকিলেই খং কৰা ছোৱালীজনীক আজি সি কিবা এটা প্ৰশ্ন সুধিলেই সন্দেহ কৰা বুলি ফোন কাটি দিয়ে ৷ Whatsappটো কিবা সুধিলেই seen কৰি থৈ দিয়ে ৷ তাইৰ অস্বাভাৱিক আচৰণত স্তব্ধ হৈ পৰে সি ৷ লাহে লাহে তালৈ সময় নোহোৱা হৈ আহে তাইৰ ৷ Whatsappৰ status,dp ইত্যাদি সলনি হৈ যায় ৷ অলপ খঙেৰে কিবা সুধিলেই ফটো, ষ্টেটাচবোৰ নেদেখা হৈ পৰে ৷ সি চিনাকী নম্বৰটো ডায়েল কৰিলেই সিটো পাৰৰ পৰা ভাহি আহে ব্যস্ততাৰ সুৰ ৷ পুনৰ ফোন কৰে সি ৷ waiting…waiting…৷ তাৰ সতে এঘন্টা কথা নপতাকৈ থাকিব নোৱাৰা ছোৱালীজনীয়ে আজি তাৰ ফোনটো reject list অন্তৰ্ভুক্ত কৰে ৷ সংযোগ হোৱাৰ আগতেই কাট খাই যায় তাৰ ফোনটো ৷ হঠাতে কি হ'ল একো ধৰিব নোৱাৰা হয় সি ৷ লগ পাব খোজে সি তাইক ৷ কিন্তু কোনো সুযোগেই নিদিয়ে তাই তাক ৷ হৃদয় ভাঙি চিৰাচিৰ হয় তাৰ, চকুলোৰ অট্টহাস্যত অসহায় হৈ পৰে সি ৷ লাহে লাহে সি বুজি উঠে সি যে মূল্যহীন তাইৰ বাবে ৷ কিছুমান কথা নকলেওঁ বুজি উঠে সি ৷ তাৰ অবহনেই সুখী হোৱাৰ কামনা কৰে ৷ মাথো এটা প্ৰশ্নই তাক খুলি খুলি খায় ৷ যিটো প্ৰশ্নটো তাইক সুধিব খুজিওঁ বিফল হয় সি- কি দোষ আছিল তাৰ…?

Subscribe to:
Posts (Atom)