বিভিন্ন কাকত আৰু আলোচনীত প্ৰকাশিত মোৰ গল্পসমূহ-

No comments:
এমুঠি ধুলিত জীৱনৰ উত্তাপ

বিধৱা

অনুভৱৰ প্ৰান্তত এজোলোকা দুখ
                         অসহায়
অনাথ


সংযোগ এটি মধুৰ সম্পৰ্কৰ…

জিলিকা তৰাৰ হাঁহি

চিকিম ভ্ৰমণ

অনুতপ্ত

অনাথ

অপ্ৰকাশ্য

লোভ (গল্প)

No comments:

(১)
ৰিংটনটো বাজি উঠাত লেপটপটোৰ পৰা দুচকু আঁতৰাই ম'বাইলটোলৈ দৃষ্টি নিক্ষ্যেপ কৰিলে অৰূপে ৷ অচিনাকী নাম্বাৰ ৷ সহাঁৰি জনাইয়ে সি হতচকিৎ হৈ পৰিল ৷ সিটোমুৰৰ পৰা ভাহি অহা থোকাথুকি পুৰুষ কন্ঠটো চিনিবলৈ ক্ষন্তেক সময়ো নালাগিল তাৰ ৷ কেনেকৈনো পাহৰে জীৱনৰ পঁচিশটা বসন্ত পাৰ কৰি অহা সেই বিশেষ মানুহজনক…৷ কিছুসময় কথা পতাৰ পিছত দুচকুৰে অশ্ৰু নিগৰি আহিল তাৰ ৷ কিন্তু সেই অশ্ৰু বিষাদ নে আনন্দৰ ধৰিব নোৱাৰিলে ৷ মনটো ফৰকাল হৈ উঠিল তাৰ ৷ অহাকালিৰ পৰাই যে নতুন জীৱন এটাই চুমি যাব তাৰ বুকু, ভাবিয়েই আনন্দত জপিয়াই উঠিল অৰূপ ৷


(২)
সমাজখনত অৰূপহঁতৰ পৰিয়ালটোৰ আছিল এক বিশেষ মৰ্যদা ৷ যিকোনো কঠিন সিদ্ধান্তত উপনীত হ'ব লগা হ'লেই অৰূপৰ দেউতাকৰ কাষ চাপিছিল গাওঁবাসীয়ে ৷ এদিন হঠাতে খুড়াকৰ এটা বিস্ফোৰক অভিযোগত ঘৰখনত এক হুলস্থুল পৰিবেশৰ সৃষ্টি হৈছিল ৷ খুৰীয়েকক বেয়া ব্যৱহাৰ কৰিব খোজা বুলি অৰূপৰ চৰিত্ৰৰ ওপৰত জাপি দিছিল মিছা অভিযোগ ৷ খুড়াক আৰু খুড়ীয়েকৰ সেই মিছা অভিসন্ধিৰ আৰত আছিল উত্তৰাধিকাৰীসূত্ৰে অৰূপে পাব লগা অজস্ৰ সম্পত্তিৰ পাহাৰ ৷ ভায়েকৰ কথা আৰু পৰিয়ালটোৰ মৰ্যদাৰ কথা ভাবিয়েই অৰূপৰ দেউতাকে লৈছিল সেই বিশেষ সিদ্ধান্তটো ৷ তাজ্যপুত্ৰৰূপে ঘোষণা কৰিছিল একমাত্ৰ সন্তান অৰূপক ৷ মাক মিনতিৰ অজস্ৰ কাকুতি মিনতি স্বত্বেওঁ দেউতাকৰ সিন্ধান্তৰ পৰা বিচলিত কৰিব পৰা নাছিল ৷ দেউতাকৰ কোনো কথাতে অভিযোগ কৰি নোপোৱা অৰূপে সকলো মিছা অপযশ মূৰ পাতি লৈছিল ৷ আচলতে সি মুক হৈ পৰিছিল সিদ্ধান্তটোত ৷ মাকৰ চৰণ স্পৰ্শ কৰি ঘৰখনৰ পৰা চিৰ দিনৰ বাবেই ওলাই আহিছিল অৰূপ ৷ মৰমৰ ঘৰখন চিৰদিনলৈ এৰিবলগা হোৱাৰ বিষাদত তথা আপোন বুলি ভৱা মানুহবোৰৰ অস্বাভাৱিক আচৰণত স্তব্ধ হৈ পৰিছিল সি ৷


(৩)
আপোন সম্পৰ্কবোৰ ভাঙি টুকুৰা টুকুৰ হোৱাৰ শেষত তাৰ সৈতে ৰৈ গৈছিল প্ৰেয়সী ৰূশ্মিতা ৷ তাই তাক ভুল বুজা নাছিল ৷ সাহসৰ এখন পাহাৰ হৈ থিয় দিছিল তাই তাৰ প্ৰতিটো দুৰ্যোগত ৷ তাইৰ কথামতেই কৰ্মসংস্থাপন বিচাৰি সি উপস্থিত হৈছিল মুম্বাই চহৰত ৷ উচ্চশিক্ষাৰে শিক্ষিত অৰূপে কোম্পানি এটাত সহজেই চাকৰি এটা পাইছিল ৷ এনেদৰেই বিশৃংখল জীৱনটোত থানথিত লগাই তাই নতুনকৈ ৰোপন কৰিছিল সপোনৰ বীজ ৷


(৪)
অৰূপৰ খুড়াক কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা দুটা বছৰ হ'ল ৷ এতিয়া শয্যাশায়ী ৷ আত্মীয় স্বজন আহি খৱৰ লৈছে ৷ তেনেতে খুড়াকে অৰুপৰ মাক আৰু দেউতাকক মতাই অানি সেহাই সেহাই কলে-
: দাদা-বৌ মোক ক্ষমা কৰি দিবিওঁ, অৰূপে কোনো দোষ কৰা নাছিল, তাক মাতি পঠাওঁক-তাক ক্ষমা খুজি নগলে মোৰ আত্মাই শান্তি নাপাব, মইহে সম্পত্তিৰ লোভত মিচাতে তাৰ চৰিত্ৰত … ৷
      কথাষাৰ শেষ কৰিব নাপাওঁতেই হুকহুকাই কান্দি উঠিছিল খুড়াক আৰু খুড়ীয়েক ৷ পৰিয়ালটোৰ সদস্যবোৰৰ মাজেৰে যেন বিদ্যুৎ তৰংগহে পাৰ হৈ গৈছিল ৷


চাৰি বছৰৰ অন্তত অৰূপক যোগাযোগ কৰাৰ বাবে উত্ৰাৱল হৈ পৰিছিল দেউতাক ৷ ওচৰৰ গাওঁখনত থকা ৰুশ্মিতাহঁতৰ ঘৰলৈ ঢাপলি মেলিছিল ৷ বন্ধুবৰ্গৰ লগত নহলেওঁ ৰুশ্মিতাৰ পৰা যে অৰূপৰ সম্ভেদ পাৱ নিশ্চিত আছিল ৷ সিহঁতৰ ঘৰ গৈ পায়েই ৰুশ্মিতাৰ পৰা অৰূপৰ সম্ভেদ লৈ মোবাইল নম্বৰটো খুজি লৈ আৰু কঁপা হাতেৰেই ডায়েল কৰি দিেল ৷ গ'লটো শুকাইছিল ৷ চাগে প্ৰচণ্ড পাপবোধে জোকাৰি গৈছিল গোটেই সত্বাটোক…৷

***সমাপ্ত***