১২ নবেম্বৰ২০১৭ ৷ আবেলি বন্ধু Kalyanjit Das, Deepjyoti Das, Kapil Nath , Kangkan Deka
দা আৰু মই হাউলীস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিস্থানৰ পৰা বাঘবৰ
অভিমুখে বাইকেৰে যাত্ৰা আৰম্ভ কৰিলোঁ ৷ উদ্দেশ্য ১৩নবেম্বৰ অৰ্থাৎ পিচদিনা
#National_Achivement_Survey ৰ বাবে মন্দিয়া ব্লকৰ অন্তৰ্গত প্ৰাথমিক
বিদ্যালয় এখনত Field Investigator হিচাপে গৈ এটা শ্ৰেণীত পৰীক্ষা লোৱা ৷
প্ৰায় ১ঘন্টামান যোৱাৰ পিছত আমি মন্দিয়া
বজাৰত উপস্থিত হৈ হোটেল এখনত সোমাই চাহৰ সোৱাদ লওঁ ৷ তাৰপিছত স্কুল বেলগ
বেলেগ হোৱাৰ বাবে দ্বিপ কল্যাণ আৰু কংকণ দাই মন্দিয়াৰ ওচৰৰ ঠাই এখনলৈ যায়
আৰু বন্ধু কপিলৰ সৈতে মই বাঘবৰ অভিমুখে যাত্ৰা কৰো ৷ ঠিক সন্ধিয়া হোৱাৰ
লগে লগে আমি বাবঘবৰৰ সম্পৰ্কীয় ভিনিদেউহতঁৰ ঘৰত গৈ উপস্থিত হওঁ ৷ তেওঁলোকৰ
ঘৰত বৰ সুন্দৰকৈ আমাক অপ্যায়ণ কৰি, তাত আমি থকাৰ অসুবিধা পাম বুলি
তেওঁলোকৰ ঘৰৰ গাতে লাগি থকা "মাধৱদেৱৰ বৈঠাপুটা সত্ৰ"চৌহদৰ অন্তৰ্গত অসম
পৰ্যটন বিভাগক অতিথিশালা এটাত আমাক থাকিবলৈ ব্যৱস্থা কৰি দিয়ে ৷
ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে আৰু পাহাৰ এখনৰ হাতে লাগি থকা অতি সুন্দৰ
অতিথিশালাটোত থাকিবলৈ পোৱাটো মোৰ পৰম সোভাগ্য বুলিয়ে ধৰি লৈছো ৷ পাহাৰখনত
পৰা নামি অহা জুৰিটোৰ কুলু-কুলু ধ্বনিয়ে নিশাটো সঁচাই মায়াময় কৰি
তুলিছিল ৷ তেনেকৈ নিশাটো কটাই ৰাতিপুৱা ৫.৩০ বজাতে আমি চাৰিওফালৰ নৈসৰ্গিক
পৰিৱেশটো উপভোগ কৰিম বুলি শোৱাপাটি এৰিলো ৷ তাৰ পিচত আমি নিজৰাটোৰ সম্ভেদ
বিচাৰি আগবাঢ়িলো ৷ নিজৰাটো দেখা পোৱাৰ পিছত এটা শিলৰ পৰা আন এটা শিলত
জপিয়াই জপিয়াই পাহাৰখন কিছুদুৰ বগালো ৷ তাৰ পৰা উভতি আহি ব্ৰহ্মপুত্ৰৰ
পাৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিলোঁ ৷ ফেৰিত উঠিলোঁ ৷ কাহিলিপুৱাতে
ব্ৰহ্মপুত্ৰৰ বুকু চুই উঠি অহা চেঁচা বতাহজাকে আমাৰ মন প্ৰাণ ভৰাই তুলিলে ৷
তাৰ পৰা উভতি আমি ৰাতিপুৱাৰ নিত্ত কৰ্ম সম্পন্ন কৰি মাধৱদেৱৰ বৈঠাপুটা
সত্ৰ দৰ্শণ কৰো ৷ শেষত ৮ বজাত আমি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি নিৰ্দিষ্ট
বিদ্যালয়খনলৈ ৰাওনা হ'লো ৷ সত্ৰকণৰা ১১নং বিলপাৰা প্ৰাথমিক বিদ্যালয় ৷
ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চল এখনত অৱস্থিত বিদ্যালয়খন ৷ মথাউৰীৰ পৰা পথাৰৰ
মাজেৰে বাইক নমাই দিলোঁ ৷ লগত মোৰ সহপ্ৰশিক্ষাৰ্থী কপিল ৷ ৰাস্তাৰ কোনো
সুবিধা নথকা বিদ্যালয় খনলৈ পথাৰৰ মাজে মাজে বাইক চলাই যাব লগা হ'ল ৷ খুবেই
বিপদসংকুলভাৱে গৈ আমি ৮.৩০ বজাত বিদ্যালয়খনত উপস্থিত হওঁ ৷ বিদ্যালয়খনৰ
অৱস্থা একেবাৰে তথৈবচ ৷ নাই কোনো চৰকাৰী অাৱাস ৷ কোনোমতে টিনেৰে এটি ঘৰ
বান্ধি সৰু দোকানসদৃশ চাৰিটা কোঠা তৈয়াৰ কৰি দিছে বিদ্যালয় কতৃপক্ষই ৷
২২জন ছাত্ৰ-ছাত্ৰী থকা তৃতীয় শ্ৰেণীটোত আছে তিনিযোৰ ডেক্স-বেঞ্চ! এখন
বেঞ্চত সাতজনতকৈও বেছি ছাত্ৰ-ছাত্ৰী বহিবলগীয়া হয় ৷ বিদ্যালয়ত প্ৰাতঃসভা
অনুস্থিত কৰাৰ পিছত বিদ্যালয় চৌহদত ভগ্ন অৱস্থাত থকা এটা গৃহত গোটেই
কেইটা শ্ৰেণীৰ মুঠ ১১যোৰ ডেক্স-বেঞ্চ সোমাই লওঁ ৷ কাৰন এখন বেঞ্চত দুজনকৈ
বহুৱাই লৈ পৰীক্ষাটো ল'বলৈ নিৰ্দেশনা দিছে ৷ তেনেকৈ আমি পৰীক্ষাটো সম্পন্ন
কৰি আৰু মৌখিক পৰীক্ষা লৈ সকলোবোৰ তথ্য OMR Sheet ত অন্তৰ্ভূক্ত কৰো ৷ সময়
৪ বাজি গৈছিল ৷ তাৰ পৰা তথ্যসমূহ Mondia ব্লকলৈ আনি জমা কৰি সন্ধিয়া ৭
মান বজাতহে বৰপেটাৰোড আহি পাওঁ ৷ দিনটো কষ্ট হ'লেও জীৱনত প্ৰথমবাৰৰ বাবে
এটা বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হৈ খুবেই ভাল লাগিল ৷
Thanks to #National_Achivenemt_Survey
Good bye #Baghbar
Good bye #Baghbar