*ঘাতক*
হিমাংশু ডেকাৰ বিলাসী কাৰখনে গতি ল'লে ৷ উদ্দেশ্য আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুস্থিত সভা এখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা ৷ ঘৰৰ পৰা চাৰি কিল'মিটাৰ আঁতৰত অনুস্থিত জনবহুল সভাখনত অংশগ্ৰহণ কৰি নাৰী সবলীকৰণৰ বিষয়ে উদাত্ত ভাষণ প্ৰদান কৰিলে তেওঁ ৷ সভাত উপস্থিত দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আদায় কৰি উভতি আহিল মিঃ ডেকা ৷ ঘৰলৈ উভতাৰ পথত ঘৈণীয়েকৰ আল্ট্ৰাচাউণ্ডগ্ৰাফীৰ ৰিপ'ৰ্ট জানিবলৈ চিকিৎসকৰ চেম্বাৰত সোমাল ৷ চিকিৎসকজনক সাক্ষাৎ কৰি কথাবোৰ জনাৰ পিছত বিষণ্ণ মন এটা লৈ ছেম্বাৰৰ পৰা ওলাই আহিল তেওঁ ৷ খৰ খেদাকৈ ঘৰলৈ আহিয়ে পত্নীক আল্ট্ৰাচাউণ্ডগ্ৰাফীৰ ৰিপ'ৰ্ট জনাই চিকিৎসকৰ ছেম্বাৰলৈ যাবলৈ ওলাবলৈ ক'লে, উদ্দেশ্য পত্নীৰ গৰ্ভত দ্বিতীয়বাৰৰ বাবে থিতাপি লোৱা কন্যা সন্তানটো এবৰ্চ'ন কৰা!
***
*পাগল*
ভয়ংকৰ বাছ দুৰ্ঘটনাত মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা কমলেশ্বৰৰ কঠিন অষ্ট্ৰোপচাৰেও মগজুৰ বিসংগতি সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰিলে ৷ শেষত উপায়বিহীন হৈ পৰিয়ালৰ লোকে ঘৰলৈ উভতাই আনিলে তাক ৷ তেতিয়াৰ পৰাই অৱহেলিত, নিষ্পেষিত হৈ পৰিছিল কমলেশ্বৰ ! কিছুদিনৰ পিছত তাৰ ঠিকনা হৈছিল জাবৰৰ দ'ম, বাছ আস্থান, ৰেল ষ্টেচন, দোকানৰ বাৰান্দা ইত্যাদি !
: ঐ পাগলটো আহিছে, পাগল…চোৱা চোৱা …
: হা হা হা, কাপোৰ পিন্ধিছেনে পিন্ধা নাই ধৰিবই নোৱাৰি ৷"- চ'কটোত আড্ডা মাৰি থকা ল'ৰাকেইজনৰ পৰা উফৰি আহিছিল শব্দবোৰ…! হয়তো কোনো এজনৰ মনলৈ অহা নাছিল মানসিক বিকাৰগ্ৰস্থ হোৱাৰ আগতে সিও আছিল নৈপৰীয়া বতাহজাকৰ দুৰ্দান্তু প্ৰেমিক ঠিক মোৰ বা আপোনাৰ দৰে!
***
*চাকৰণী*
"ঐ তোৰ এতিয়াও বাচনখিনি ধুৱাই হোৱা নাই! ঘৰ কেতিয়া চাফা কৰিবি!"
মালিকনীৰ ধমকিত মনটো সেমেকি উঠিল দহ বছৰীয়া কাম কৰা ছোৱালীজনীৰ! এইবোৰ যে নিত্য নৈমিত্তিক ঘটনা তাইৰ বাবে ৷ খৰধৰকৈ বাচনখিনি ধুব ধৰোতে হাতৰ পৰা পিচলি কাপ এটি ভাগি থাকিল ৷ কাপটো ভগা দোষত তাইক কেইচৰমান সোধাই বংশ উজাৰি গালি এসোপা পাৰিলে মালিকনীয়ে!
মালিকৰ ঘৰখন এৰি পলাই যাব মন যায় তাইৰ আপোন ঘৰখনলৈ ৷ কিন্তু নোৱাৰে ৷ ৰুগীয়া বাপেক, পাঁচবছৰীয়া ভায়েক আৰু আনৰ ঘৰত কাম কৰি পৰিয়ালটো চলাবলৈ অসমৰ্থ হোৱা মাকৰ মুখখন মনত পৰি যায়! যিমান হ'লেও মাহৰ শেষত মালিকৰ ঘৰৰ পৰা পোৱা সামান্য টকাকেইটাৰে দুবেলা দুসাঁজ খাই জীয়াই আছে পৰিয়ালটো!
***
*ঘৰ*
মাকজনীৰ মৃত্যুৰ পিছত পৰিয়ালটোত ৰৈছিল দেউতাক আৰু ল'ৰা দুজন ৷ মাক নথকা ঘৰখনৰ অচলাৱস্থা দূৰ কৰাৰ বাবে ডাঙৰ ল'ৰাটোলৈ বোৱাৰী এগৰাকী আনিছিল দুবছৰ আগতেই ৷ ঘৰখন পুনৰ ঠন ধৰি উঠিব বুলি বৃদ্ধ দেউতাকৰ মনত জাগিছিল অযুত হেঁপাহ ৷ কিন্তু গিৰীয়েকৰ চাকৰিৰ দোহাই দি চহৰলৈ যাব বিচৰা বোৱাৰীয়েৰ সিদ্ধান্তত নিমাত হৈ ৰৈছিল তেওঁ ৷
"দেউতা চাহকাপ লওক"- সৰু বোৱাৰীয়েকৰ মাতত জুহালত বহি থকা শহুৰেকৰ তন্ময়তা ভাগিছিল ৷ মনৰ কোনোবাখিনিত আনন্দই দোলা দি গৈছিল ৷ হয়তো আহিবলগা নতুন দিনৰ উছাহত!
***
*ভোগালী*
কান্ধত ওলোমাই লোৱা মলিয়ন গামোচাখনেৰে মুখখন মচি চহৰখনৰ পৰা আঁতৰত থকা পঁজা ঘৰটোলৈ বুলি ৰিক্সাখন পোনালে হৰিহৰে! ই-ৰিক্সাই বৰপীৰা পাৰি বহাৰ দিনধৰি অভাৱ নুগুচা হ'ল তাৰ পৰিয়ালটোৰ ৷ দিনটো ৰিক্সা চলাই ঘূৰি আহিবৰ পৰত কিনা বস্তুকেইপদ মোনাখনত ভৰাই হেন্দেলত ওলোমাই লৈছে ৷ বস্তু বুলিবলৈ বৰ বিশেষ নহয়- চাউল ডেৰ কিলো, দাইল আধাপোৱা, অালু আধাকিলো আৰু পিঁয়াজ এপোৱা ! মাঘবিহু বুলি ঘৈণীয়েকে নিব দিয়া বস্তকেইপদ আনিব নোৱাৰি মনটো সেমেকি উঠিল হৰিহৰৰ ৷ পাঁচজনীয়া পৰিয়ালটো কোনোমতে পোষণ কৰি থকা হৰিহৰৰ বিহুৰ বজাৰ কৰা যে সামৰ্থৰ বাহিৰত ! সন্তান তিনিটাকো দিব পৰা নাই গৰম কাপোৰ!
ঘৰ পাই আগ্ৰেহেৰে ৰৈ থকা ঘৈণীয়েকৰ হাতত মোনাখন দিওঁতে হৰিহৰৰ বুকুখন অবুজ বেদনাত বিষাই উঠিল ৷
✍🏻কপিল দাস
(মোৰ শ্ৰদ্ধাৰ পাঠকসকলৰ মতামত বিচাৰিলো)
No comments:
Post a Comment