আজি
ৰাজনীশৰ শুভ বিবাহ ।কেনেকৈ জানো অপ্ৰত্যাশিত দূৰ্ঘটনা এটাৰ পম খেদি সংযোগ হৈছিল
নীহাৰিকাৰ সৈতে আৰু তাইয়েই আজি তাৰ হৃদয়ৰ মণিকোঠাত ৰাণী হৈ প্ৰবেশৰ পথত । প্ৰতিটো
সপোনে উখল-মাখল ভাৱতে লগাইছিল তাৰ বুকুত । ভালপাইথকা সময়ত নীহাৰিকাক কৰা প্ৰটিতো
প্ৰতিজ্ঞাই স্বাগতম জনাছিল তাক। নীহাৰিকাৰ অকৃত্ৰিম ভালপোৱাৰে পুৰ্ণ হৃদয়খনক তাইৰ
সংগ দিবলৈ পাৱ বুলি আনন্দত আত্মহাৰা হৈছিল ৰাজনীশ ।ভাৱনাৰ সাগৰত সপোন নামৰ নাওঁ
এখন বাই বাই উটি গৈছিল ৰাজনীশ অতীতৰ স্মৃতি একাঁজলিলৈ---
মানুহৰ
জুমটো দেখি ৰাজনীশে চলাই গৈ থকা বাইক খনৰ স্পীড কমাই দিলে । সি ইন্টাৰভিউ এটা
দিবলৈ ওলাই আহিছিল । ওচৰৰ মানুহবোৰে উত্সুকতাৰে জুমটোৰ পিনে যাব ধৰা দেখি সিওঁ
জুমটোৰ ৰহস্য ভেদ কৰিবলৈ উদ্যত হ’ল । ৰাস্তাৰ কাষত বইকখন আগুৱাই গ’ল সি । ‘ছোৱালীজনী
নাবাচে’, ‘হস্পিটাললৈ নিয়া হ’লে ভাল আছিল’ জাতীয় মন্তব্য ওফৰি আহি কৰ্ণগোচৰ হ’ল
ৰাজনীশৰ । জুমটোৰ দুজনমান মানুহক সামান্য হেঁচুকি আগুৱাই যোৱাত দুচকু থৰ হৈ গ’ল
ৰাজনীশৰ । সি কি দেখিছে এয়া…..? নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই সি । এজনী ছোৱালী
তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছে । কপালখন ফাটি তেজৰ ডোঙা বান্ধিছে ঠাইডোখৰত । হাত
এখন সামান্য লৰচৰ কৰি আছে । মুখেৰে কিবা কব খুজিছে কিন্তু কব পৰা নাই …।
:হেই কি চাই আছে আপোনালোকে ? ছোৱালীজনীক
হস্পিটাললৈ নিৱ লাগে ।-- উত্তেজিত হৈ চিঁঞৰি দিলে ৰাজনীশে । কিন্তু সহায়ৰ বাবে
ওঁলাই নাহিল কোনোৱে ।
:বা-ই-দে-উ…।-- ৰাজনীশে পুনৰ মহিলা এগৰাকীলৈ
চাই সহায় ভিক্ষা খুজাত আগবাঢ়ি আহিল মহিলাগৰাকী । অট’ এখন ৰখাই ৰাজনীশে মহিলাগৰাকীৰ
সহযোগত হস্পিটাললৈ লৈ গ’ল ছোৱালীজনীক । ইতিমধ্যে সংজ্ঞাহীন হৈ পৰিছিল ছোৱালীজনী ।
ডাক্টৰৰ লগত কথা পাতি ছোৱালীজনীক সোনকালে সিকিৎসাৰ ব্যৱস্থা কৰালে সি ।
মহিলাগৰাকীয়ে
ছোৱালিজনীৰ ‘পাৰ্চ’খনত পোৱা ফোন নং এটাত সংযোগ কৰি ঘৰৰ মানুহক খবৰটো জনালে।
ছোৱালিজনী সামান্য সুস্থ হোৱা বুলি ডাক্টৰৰ পৰা জানিব পাৰি আৰু ইন্টাৰভিউ এটাৰ
স্বাৰ্থত ৰাজনীশে হস্পিটাখনৰ পৰা ওঁলাই আহিল । বাইকখন লৈ গন্তব্যস্থানলৈ খৰখেদাকৈ
গ’ল যদিওঁ সময় পাৰ বৈ য়োৱা বাবে অনুস্থানখনৰ ছিকিউৰিটিজনে তাক ভিতৰলৈ সোমাব নিদিলে
। বিষাদ মনেৰে সি উভতি আহিল যদিওঁ ছোৱালীজনীৰ প্ৰাণৰক্ষা কৰাত সহায় কৰাৰ কথাটো
মনলৈ অহাৰ লগে লগে মনটো ভাল লাগি গ’ল তাৰ । কিন্তূ ছোৱালীজনী ক’ৰ আছিল? নামটোনো কি
আছিল? আৰু কেতিয়াবা লগ পাবনে? ইত্যাদি উত্তৰবিহীন প্ৰশ্নই বুকুত ৰিঙিয়াই থাকিল
ৰাজনীশৰ . . . .।
ছোৱালীজনী সুস্থ হোৱাত মাক দেউতাকে সকলো
বিৱৰি কলে তাইক ।জীৱন বচোৱা ল’ৰাজনৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি পৰিল তাইৰ অন্তৰ ।
কিন্তু ল’ৰাজনৰ পৰাচয়টো নজনা বাবে মনটো সেমেকি উঠিল তাইৰ । অশেষ চেষ্টা কৰিওঁ
ল’ৰাজনৰ সম্ভেদ উলিওৱাত সমৰ্থ ন’হল তাই . . .।
আজি হাইস্কুল শাখাৰ টেট’ পৰীক্ষা ।প্ৰায় ছমাহ
পূৰ্বে চাকৰি এটাৰ ইন্টাৰভিউ দিবলৈ গৈ সময়ৰ নাটনিৰ বাবে ব্যৰ্থ হ’ব লগীয়া হোৱা
ৰাজনীশ আজি কিছু সোনকালেই উপস্থিত হ’ল নিৰ্ধাৰিত শিক্ষানুস্থান এখনত । উদ্দেশ্য
টেট’ পৰীক্ষাত অৱতীৰ্ণ হোৱা । এটা গাম্ভী্য্যপূৰ্ণ পৰিবেশ ।অনুস্থানখনত প্ৰবেশ
কৰি কোঠা এটালৈ সোমাই গ’ল সি । কোঠাটোত কিছুসংখক লৰা ছোৱালী দেখা পাই সেইবোৰ
পৰীক্ষাৰ্থী বুলি চিনাক্ত কৰাত অসুবিধা নহ’ল তাৰ ।কাষতে পোৱা বেঞ্চ এখনত সি বহি
ল’লে । ক্ষন্তেক পাছতে কোঠাটোলৈ এজনী দিপলীপ ছোৱালী সোমাই আহি তাৰ কাষৰ খলী হৈ থকা
ঠাই এডোখৰত বহি ল’ল । ছোৱালীজনী তাৰ ওঁচৰতে বহাত তাৰ অস্বস্তি লাগিল যদিওঁ তাইলৈ
চাই পঠিওঁৱাত তাৰ মনটো উচ্পিচ্ লাগিল । ছোৱালীজনী আগতে কৰোবাত দেখা দেখা যেন
পালে সি । কিন্তু ক’ত? হেজাৰ প্ৰশ্নই তাৰ বুকুত খলকণি তুলিলে । হঠাতে ছেৱালীজনীৰ
কপালত এটি সামান্য দাগ দেখি ছমাহ আগতে ঘটা ঘটনা এটালৈ মনত পৰিল তাৰ । হয় সেই
ছোৱালীজনীয়ে হয়-যিজনী ছোৱালীক প্ৰায ছমাহ আগতেই দূৰ্ঘটনা এটাৰ পৰা হস্পিটাললৈ নি
প্ৰাণ ৰক্ষা কৰাত সহায় কৰিছিল সি । সি ছোৱালীজনীৰ লগত চিনাকী হ’ব খুজিলে—
:এক্সকিউজ মি ?
:য়েচ্...।কওঁকচোন..?-এটা মিঠা হাঁহিৰে সৈতে প্ৰশ্নবোধক
দৃষ্টিৰে চালে তালৈ।
:আমিটো একেখন নাওঁৰে যাত্ৰী,সেয়েহে আপোনাৰ
লগত চিনকী হ’ব খুজিছিলো…আপোনাৰ নামটো…?
:নিশ্চয়। মোৰ নাম নীহাৰিকা কাশ্যপ । আৰু
আপোনাৰ?
:ৰাজীশ চৌধুৰী । মোক আচলতে আপোনাৰ কপালত থকা
দাগটোৱেহে চীনাকী হ’বলৈ বাধ্য কৰালে ।
:আপুনি! আপুনি মোক দূৰ্ঘটনাটোৰ পৰা ৰক্ষা কৰা
ব্যাক্তিজন নহয় জানো?-আচৰিত হৈ সুধিলে নীহাৰিকাই। ইমান দিনে তাই বিচাৰি থকা
ব্যাক্তিজনক হঠাতে লগ পাব বুলি তাই ছাগে কাহানিওঁ কল্পনাই কৰা নাছিল।
:আচলতে সেইদিনা আপোনাক সহায় কৰিবলৈ পাই মই
অত্যান্তই সুখী হৈছিলো । যদিওঁ মই সেইদিনা সময়ৰ অভাৱৰ বাবে ইন্টাৰভিউ এটাত অৱতীৰ্ণ
হ’ব নোৱাৰিলো …।
…এনেদৰে কিছু সময় কথা পাতিছিল দুয়া । ৰাজনীশৰ
প্ৰতি কৃতজ্ঞতাত গদ্গদ্ হৈছিল নীহাৰিকাৰ
অন্তৰ । অশেষ ধন্যবাদ জ্ঞাপন কৰিছিল তাক । দুয়োজনে মোবাইল নম্বৰ আদান প্ৰদান
কৰিছিল । সময় হোৱাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল দুয়ো ।
ঘৰলৈ গৈ প্ৰথম ফোনটো নীহাৰিকাইয়ে কৰিছিল ।
লাহে লাহে দুয়োৰে ঘনিষ্ঠতা বাঢ়ি গৈছিল । প্ৰতি মূহুৰ্ততে ইজনে সিজনৰ খবৰ ৰখা হৈছিল
। মৰমৰ মাজতে অভিমানেওঁ পোখা মেলিছিল দুয়োৰে মাজত । এনেদৰেই দুয়ো এদিন বীজ
সিঁচিছিল প্ৰেমৰ পথাৰত । মৰমেৰে উপচাই পোলাইছিল দুয়ো দুয়োৰে হৃদয় । প্ৰেমৰ নৈত
সাঁতুৰি-নাদুৰি দুয়ো আনন্দত আত্মহাৰা হৈছিল । আৰু এদিনাখন সিহঁতৰ প্ৰেমৰ পথাৰখনত
আশাৰ বৰ্ষা এজাকে লৈ অহিছিল এটি সুখবৰ- দুয়োৱে টেট’ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ
হৈছিল । অতি কম দিনৰ ভিতৰতে দুয়োয়ে দুখন বিদ্যালয়ত যোগদন কৰিছিল । দুয়োৱে দুয়োৰে
প্ৰেমৰ কথা ঘৰত কাণচোৱাইছিল আৰু দুয়ো ঘৰৰে সন্মতিত সিহঁতৰ বিয়াখন সুকলমে হৈ গৈছিল
। ৰাজনীশ অৰু নীহাৰিকাৰ যুগ্ম জীৱন পাতনি মেলাৰ আজি এমাহ পূৰ্ণ হ’ল । ঘড়ীটোৱে
ৰাতিপুৱা ৬ বজাৰ সংকেত দিয়াত টোপনিৰ পৰা সাৰ পালে নীহাৰিকাই । কাষত ৰাজনীশ।তাইক
সাৱতি ধৰি শুই আছে সি ।তাক জগাবলৈ মন নগল নীহাৰিকাৰ ।কিবা আৱেগতে তাই মুখখন গুজি
দিলে তাৰ বুকুত ।হঠাতে টোপনিৰ পৰা সৰপালে ৰাজনীশ । ইমান পৰে দেখি থকা সোপোনটোৰ পৰা
বাস্তৱলৈ উভি আহিছিল ৰাজনীশ। ৰাজনীশৰ মুখখন নীহাৰিকাৰ কপালত আৰু নীহাৰিকাৰখন তাৰ
বুকুত ।ইজনে সিজনৰ উষ্ণ নিশ্বাসত পুলকিত হৈ উঠিল দুয়ো । ৰাজনীশৰ কঠিন বাহু বন্ধনত
এনেদৰেই সোমাই থকিল নীহাৰিকা । যিটো সপোনে মাজে সময়ে দুয়োকে শুৱ দিয়া নাছিল সেই
সপোনটোৰে বোকোচাত উঠি আজি দুয়ো গতি কৰিছে কোনো অমানী সুখৰ ঠাইলৈ….।
সমাপ্ত
ঠিকনা: বাৰাপেটা, বাক্সা
দূৰভাষ: ৯৭০৬৪৭৩৯০৩
ই-মেইল: kapildas35@gmail.com
No comments:
Post a Comment