অনুভৱৰ প্ৰান্তত এজোলোকা দূখ (গল্প)




ভুৰুং….ভুৰুং….

 তিনিবাৰ কিক্ মৰাৰ অন্তত মোৰ আদৰৰ বাইকখনে ষ্টাৰ্ট ল’লে ।  টেট’ত চাকৰিটো পোৱাৰ এবছৰ পিছতেই কিনিছিলো সেইখন । নিজৰ উপাৰ্জনৰ টকাৰে লোৱা হেঁতুকে বাইকখন মই আটোমটোকাৰিকৈ ৰাখো । অন্য এচাম ল’ৰাৰ দৰে দেউতাকৰ টকাৰে নামী-দামী বাইক লৈ ষ্টান্ট দেখুৱাই আৰু ছোৱালী জোকাই নুফুৰো । বাইকখন প্ৰথম গিয়েৰত লগাই মই ঘৰৰ পৰা ১২ কিলোমিটাৰ আতৰত থকা বৰপেটাৰোড্ বজাৰ অভিমুখে ৰাওনা হলো । এটি এটিকৈ চাৰি নম্বৰ গিয়েৰত লগাই মই এক্সিলেট্‌ৰ পকালো । মনত অতীতৰ কিছু স্মৃতি দোলা দি থাকিল …..
     তেতিয়া মই উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ । হোষ্টেলত থাকো । কলেজখন ন ন ডেকা গাভৰুৰ উপস্থিতিত সজীৱ হৈ উঠিছিল । ঠিক সেইখিনি সময়তে কলেজখনলৈ নতুনকৈ অহা প্ৰথম বৰ্ষৰ ছোৱালী এজনী মোৰ বিষেষভাৱে ভাল লাগি গ’ল । ছোৱালীজনী বৰ ধুনীয়া আছিল বাবেই চগে তাইৰ প্ৰতি মই হৃদয়ত বিশেষ টান অনুভৱ কৰিছিলো । তাইক এবাৰ দেখা পাম বুলিয়ে মই ধীৰাজ, মৌপ্ৰাণ, দিলদাৰহঁতৰ লগত সিহঁতৰ শ্ৰেণীকোঠাৰ সন্মুখত গৈ আড্ডা দিওঁ । কেতিয়াবা প্ৰেক্টিকেল নথাকিলে বা ক্লাচ সোনকালে ছুটি হলে হৰেকৃষ্ণ ককাইদেউৰ কিতাপৰ দোকানত সন্মুখতে থিয় দিওঁ—কাৰণ এটাই, এবাৰ হলেওঁ যাতে মোৰ হৃদয়ত ঢৌঁ তোলা ছোৱালীজনাক দেখা পাওঁ ।এনেকৈ কেইদিনমান যোৱাৰ পিছত মোৰ এজনী বিশ্বাসী বান্ধৱীৰ সহায়ত ছোৱালীজনীৰ সৈতে মই চিনাকী হলো----
: তুমি বেয়া নোপোৱা যদি তোমাৰ নামটো…..?---মনত সাহস গোটাই ছোৱালীজনীলৈ ছাই কোনোমতে কলো মই ।
ছোৱালীজনীয়ে মাৰ পিনে লাজকুৰীয়াকৈ চাই নমস্কাৰ জনাই নামটো ক’লে-
: নি-ল-ঞ্জ-না…
: কি বুলি ক’লা ?- মই নামটো মনত ৰাখিবলৈকে পুনৰ সুধিলো ।
:নি-ল-ঞ্জ-না দাস । নলবাৰীৰ পৰা অাহিছো ।ইয়াত হোষ্টেলত থাকো ।- ছোৱালীজনীয়ে চমুকৈ দিয়া পৰিচয়টোত স্মাৰ্টনেচ ফুটি উঠিছিল । মইওঁ মোৰ পৰিচয়টো দি শেষত তাইক কলো-
:তোমোৰ সৈতে কথা পাতি ভাল লাগিল । পিছত আকৌ কথা পাতিম ।
     সিহঁতক বিদায় দিয়াৰ পিছত কলেজ ছুটি হ’লত হোষ্টেললৈ অাহিলো । সোইদিনাখন মোৰ পঢ়াত মনোযোগে নবহিল । কিতাপ মেলিলেই তাইৰ ছবি দেখা পাওঁ ।
এনেদৰে কেইদিনমান গ’ল । এদিনাখন কলেজৰ জীৰণীৰ সময়ত ছোৱালীজনীক মতাই আনি মৰসাহ কৰি মই মোৰ অন্তৰৰ কথা কলো-
: তোমাক এটা কথা কম বুলি ভাবিছো বেয়া নাপাবা । তোমাক মোৰ বহুত ভাল লাগিছে । মই তোমাক ভাল পাই পেলাইছো ।-মই একে উশাহতে কথাকেইষাৰ কৈছিলো ।
:……………….।–ছোৱালীজনী তলমুৱা কৰি নিমাত হৈ আছিল । তাইৰ গাল দুখন লাজত ৰঙাচিঙা পৰিছিল । ক্ষন্তেক পিছতে ইষত্ হাঁহি এটিৰে সৈতে তাই আঁতৰি গৈছিল ।ছাগে অনুভৱ কৰা নাছিল মোৰ হৃদয়ত তাই বজাই থৈ যোৱা বাঁহীৰ সুৰ ।


ছোৱালীজনীয়ে দুদিন কলেজলৈ অহা নাছিল । মোৰ মনৰ খু-দুৱনি যথেষ্ট বাঢ়ি গৈছিল ।তৃতীয় দিনৰ দিনা তাই কবিতা এফাঁকি লিখি মোৰ বান্ধৱীজনীৰ হাতত দি পঠিয়াইছিল—­­­
          ‘‘ তোমাৰ বুকুৰ আজন্ম প্ৰেমিক কোঠাবোৰত
          মই পাইছো বিচাৰি অজস্ৰ গোলাপৰ সুগন্ধি
          আহানা কাষলৈ তুমি ফুল এপাহ লৈ
          আদৰোঁ তোমাক মোৰ বুকুৰ গভীৰ ভালপোৱাৰে....’’
     ছোৱালীজনীৰ পৰা সন্মতি পাই মোৰ মনত ইপাৰ আনন্দ লাগিছিল । নিজকে পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি যেন অনুভৱ হৈছিল । হোষ্টেললৈ আহি ভাতসাঁজ সন্মুখত লৈওঁ খাব পৰা নাছিলো-কিবা আনন্দতে । এনেকৈ কলেজৰ প্ৰটিটো মূহুৰ্ত ভালপোৱাৰ মিঠা অনুভৱেৰে পাৰ হৈ গৈছিল ।সুখৰ স্মৃতিৰে মোৰ  মনৰ কোঠাবোৰ  ভৰি পৰিছিল ।এমাহ দুমাহকৈ কেইটামান মাহ আনন্দৰে গুচি গৈছিল । কিন্তু ….নেদেখাজনৰ কিজানি মোৰ এই আনন্দ উত্সব সহ্য হোৱা নাছিল । ভনিতাই মোৰ পৰা লাহে লাহে আতৰি যোৱা যেন অনুভৱ হৈছিল । তাই মোৰ সংগ ভাল নোপোৱা যেন অনুভৱ হৈছিল । এদিনাখন সচাঁকৈয়ে তাই  মোক কন্দুৱাই পূৰ্বৰ প্ৰতিশ্ৰুতিবোৰ দলিয়াই দি মোৰ পৰা আতৰি গৈছিল । এখন সাধিৰণ চিঠিৰ দ্বাৰাই নিৰ্দয়ভাৱে তাই মোৰ সৈতে থকা সম্পৰ্কটোৰ বিচ্ছেদ ঘোষণা কৰিছিল । যদিওঁ বিচ্ছেদৰ কাৰণটো মোৰ অজ্ঞাত হৈ ৰৈছিল …। মই মাথো নিৰ্জীৱ শিল এচঁটাৰ দৰে থৰ হৈ ৰৈছিলো …।
     : ধা-চ্-চ্…।---- সন্মুখৰ পৰা অহা তীব্ৰবেগী গাড়ী এখনত মোৰ বাইকখন গৈ খুন্দা মাৰে । লগে লগে মই কল্পনা ৰাজ্যৰ পৰা উভতি আহো ।মোৰ বাইকখন এফালে আৰু মই এফালে ছিটিকি পৰো… ।তাৰ পিছত মই ভৰি অাৰু মূৰত তীব্ৰ বিষ অনুভৱ কৰো লাহে লাহে মই একো মোৰ অনুভৱ কৰিব পৰা ক্ষমতাখিনিওঁ হেৰুৱাওঁ…। …কিছুসময় পিছত সংজ্ঞা ঘুৰাই পাই মই নিজকে হস্পিতাল এখনৰ বেড্ত আবিস্কাৰ কৰো । মোৰ মা আৰু ভন্টি মৌচুমীক মোক শুৱাই থোৱা বিচনাখনৰ শিতানত বহি কান্দি থকা অবস্থাত দেখা পাওঁ । দেউতাকো কোথাটোত গধুৰ মনেৰে ইফাল সিফাল কৰি থকা দেখো । দূৰ্ঘটনাটোত মই কেনেবাকৈ প্ৰাণ ঘুৰাই পাওঁ যদিওঁ দুবছৰ আগেয়ে পাইওঁ হেৰুওৱাৰ বেদনাত মোৰ হৃদয়খন জ্বলি ছাই হৈ গৈছে । 

                                   সমাপ্ত

  বি: দ্ৰ:- গল্পটো মাহেকীয়া আলোচনী   তৃষ্ণাতুৰত প্ৰকাশিত ।

No comments:

Post a Comment