:হেই ৰাজ, কি চাইছা ইমানকৈ ??
:তোমাক চাইছো…৷
:কি পাইছা হা মোক চাই ?
:নিজক বিছাৰি পাইছো তোমাৰ বুকুৰ কোঠাত ৷
:অহ সোনটো, আহানা বুকুৰ মাজত ৷
:ইমান কোমল তোমাৰ বুকু, এনেকৈ আজীৱন থাকিব মন গৈছে জান ৷
:ৰখিমও সোনটো সদায় বুকুত সাৱতি, উম্মাহহহহহহ…৷
:উম্মাহহহহহহ…৷
শ্নেপশ্বট-২
:হেল্ল' কি কৰিছা জান ৷
:মই বিজি আছো…বাই ৷
:হেল্ল'…শুনাচোন…প্লিজ…হেল্ল'...হেল্ল'...হেল্ল'৷
:টু...টু...টু ৷
:…৷
শ্নেপশ্বট-৩
১ম দিন
:আপুনি ক'ল কৰা ভোডাফোন ফোনটো বৰ্তমান ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি কিছুসময় পিছত চেষ্টা কৰক…
:…
: আপুনি ক'ল কৰা ভোডাফোন ফোনটো বৰ্তমান ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি কিছুসময় পিছত চেষ্টা কৰক…৷
:…
২য় দিন
:এটি মেছেজ—তোমাৰ কেইদিনমান ধৰি একো খৱৰ নাই যে ? কি হৈছে হা?
:মেছেজৰ ৰিপ্লাই——"অহা মাহৰ ১৫ তাৰিখে মোৰ বিয়া, দৰা বাংগালুৰুত চাকৰি কৰে, মেকানিকেল ইঞ্জিনিয়াৰ ৷ আহিবা বিয়াত ৷ Sorry...
:…
:…
শ্নেপশ্বট-৪
বিয়াঘৰত উৎসৱমুখৰ পৰিবেশ…অলেখ আলহী অতিথিৰ সমাগম ৷
হঠাতে এটি বৃহৎ শব্দ…৷
এটি এক্সিডেন্ট ৷
তীব্ৰবেগী ট্ৰাক এখনৰ খুন্দাত থিতাতে নিহত এজন যুৱক ৷বিয়া ঘৰৰ লগতে অন্যান্য মানুহৰ জুম ৷ কাষত পৰি ৰৈছে এযোৰ বোৱা কাপোৰ, হয়তো বিয়াত উপহাৰ দিৱ অানিছিল ৷ উৎসুকতা ধৰি ৰাখিব নোৱাৰি কইনা স্মিতাও আহিল দৌৰি ৷ যুৱকজনৰ মুখলৈ চালে কইনাই ৷ এয়া কি দেখিছে তাই…!
ৰাজ … ৰা..জ
জোৰকৈ এটি চিঞৰ মাৰি সংজ্ঞাহীন হৈ পৰিছিল স্মিতা ৷
চাগে ভালপোৱাৰ বাবেই সমাধি হৈছিল এটা নিস্পাপ সপোনৰ ৷ চাগে টকা-চাকৰি আদিৰ পিছত দৌৰা স্মিতাইও ভবা নাছিল তাইৰ বিয়াত তাইৰ প্ৰাক্তন প্ৰেমিক ৰাজে জীৱনটো উপহাৰ দি চিৰদিনলৈ গুছি যাব বুলি ৷
***সমাপ্ত***
বি: দ্ৰ:- চুটিগল্পটি ফেচবুক আলোচনী বাঁহীত প্ৰকাশিত ।
apurba !
ReplyDeleteঅশেষ ধন্যবাদ ।
ReplyDelete