শ্বহীদ (অনুগল্প)

No comments:
:হে-ল্ল'…মা…কুশলে আছানে?? ৰাতিপুৱা প্ৰেচাৰৰ পিলটো খাইছানে??
: বোপা হঠাতে ফোন কৰিলা যে??…আৰু গুলিৰ শব্দ কিয়???——মাকৰ কান্দোনমিশ্ৰিত থোকাথুকি মাত ৷
:মা…যুদ্ধত আহিছো…ভন্টী আৰু দেউতাৰ ভাল নে??
: বোপা ভাল…তই ভালে আছানে? ?
:ওমম আছো ৷ শুনচোন মা, ভন্টীক মোৰ বন্ধু ৰমেনলৈ বিয়া দিবি, সি তাইক খুউব ভাল পায়…তাইও পায় আৰু দেউতাক পথাৰত কাম কৰিব নিদিবি বেছি, দৰমহা খিনি পঠাইছো,ঔষধখিনি নিয়ম মতে অানি খাবি…মা…
: বোপা কিয় এইবিলাক কৈছ তই, কি হৈছে তোৰ হা…৷—— হুকহুকাই কান্দি উঠিছিল মাক ৷
…গুৰুম…গুৰুম…
:মা…মা…
:বোপা কি হল হা, মাত নিদিয়া কিয় —— চিঞৰিছিল মাকে তাৰ ৷
:মালতীক মোৰ বুকুৰ পৰা
তেজ অকণ দিবি শিৰত… মোলৈ অপেক্ষা ক-ৰি-ব তাই…মই ছাগে কফিনত হে য..া..ম…বুকুত গু-লি এ-টা লা-গি-ছে…মা…
:বোপা বোপা…হেল্ল হেল্ল…
:…
:হেল্ল' হেল্ল'…
:…
: …মোবাইটো ছিটিকি পৰিছিল সজ্ঞা হেৰুৱাই পেলোৱা মাকৰ পৰা…

                   ***সমাপ্ত***

বিধৱা (চুটি গল্প)

No comments:
বেৰৰ জোলোঙাইদি ৰ'দৰ সামান্য ৰশ্মি আহি চকুত পৰাত থতমতকৈ সাৰ পালে মিনতিয়ে ৷  কাষত ল'ৰা দুজন লাল কাল হৈ শুই আছে ৷ কেইবাঠাইটো ফটা কঁঠাখন দুয়োজনকে ভালকৈ মেৰিয়াই দি বাহঁৰ চাঙখনৰ পৰা নামি আহিল তাই ৷ ৰাতিপুৱাৰ নিত্যকৰ্মখিনি কৰি কামলৈ যাবলৈ ওলাল তাই ৷ এঘৰত কামকৰি পোৱা পইচাৰে সিহতঁৰ তিনিজনীয়া ঘৰখন নচলে ৷ সেয়ে কষ্ট হ'লেও আৰু আন এঘৰত কাম কৰিবলৈ লৈছে তাই ৷ যথেষ্ট দুঘৰত কাম চম্ভালিবৰ কাৰনে ৰাতিপুৱা সোনকলেই যাবলগা হয় তাই ৷ পাকঘৰত খাবলৈ খুদ-কণ এটিও নাই ৷ যিখিনি আছিল যোৱাকালি দিনতেই শেষ হৈছে ৷ ৰাতি দুয়োজনকে এটা ব্ৰেড ভগাই খাবলৈ দি শুৱাই থৈছিল ৷ এতিয়া পুতেক দুজনক খাবলৈ একো থৈ যাব নোৱাৰাৰ যন্ত্ৰনাত বুকুখন বিষাই গ'ল তাইৰ ৷ উপাই নাই ৷ বিধৱা তাই ৷ বাঁহৰ বেৰখনত এডাল ফুলৰ মালা সহকাৰে ওলোমাই থোৱা গিৰিয়েকৰ ফটোখনলৈ তধা লাগি চাই ৰ'ল তাই…৷

: অই দুৱাৰ খুল ?
: কোন?
: খুল বুলিছো নহয় ? নে ভাগি দিম দুৱাৰ ৷
মিনতিৰ গিৰিয়েক হৰকান্তই ভয়ে ভয়ে খুলি দিছিল দুৱাৰখন ৷ লগে লগেই ভিতৰলৈ সোমাই গৈছিল দুজন অস্ত্ৰধাৰী যুৱক ৷ ৰাতিটো কাৰনে আশ্ৰয় বিচাৰিছিল সিহঁতে ৷ অন্য কোনোবাক জনাব চেষ্টা কৰিলেই গুলিয়াই হত্যা কৰিম বুলি ভাৱুকি দিছিল সিহঁতৰ পৰিয়ালটোক ৷ ভয়ে ভয়ে সিদিনা উজাগৰী নিশা কটাবলগীয়া হৈছিল সিহঁতৰ পৰিয়ালটিয়ে ৷ আৰু পুৱতিনিশাই ল'ৰা দুজনে সিহঁতৰ ঘৰৰ পৰা বিদায় লৈছিল ৷
এই ঘটনাটোৰ ঘটাৰ পিছৰ পৰাই ব্যৱসায়ত মন বহুৱাব পৰা নাছিল হৰকান্তই ৷ এটা ভয়ে অনবৰতে খেদি ফুৰা হৈছিল তাক ৷ সৰু দোকান এখন দি সুন্দৰকৈ পোহপাল কৰিছিল সি পৰিয়াটো ৷ কিন্তু চাৰিদিন পিছত হঠাতেই পুলিচৰ লোক কেইজনমানে জোৰজবৰদস্তিকৈ গাড়ীএখনত উঠালৈ লৈ গৈছিল তাক ৷ পৰিয়ালটোত কান্দোনৰ ৰোল উঠিছিল ৷ উগ্ৰপন্থীৰ লগত জড়িত থকাৰ সন্দেহত থানাৰ ভিতৰত গোটেই নিশা বেয়াকৈ প্ৰহাৰ কৰিছিল তাক কেইজন মান পুলিছে ৷ ৰাতিপুৱা মুমূৰ্ষ অৱস্থাত হৰকান্তক হস্পিতালত ভৰ্তি কৰা হৈছিল যদিও শেষ নিশ্বাস ত্যাগ কৰিছিল সি ৷ সুন্দৰভাৱে জীৱন যাপন কৰা পৰিয়ালটোলৈ আচম্বিতে নামি আহিল ঘোৰ অন্ধকাৰ ৷ হঠাতে গিৰিয়েকক হেৰুৱাই সকলোফালে অন্ধকাৰ দেখিলে মিনতিয়ে ৷ কিন্তু ল'ৰাহালৰ মুখলৈ চাই জীয়াই থাকিবলৈ বাধ্য হৈছিল তাই ৷

: মা , ভোক লাগিছে?- সৰু ল'ৰাটোৰ চিঞৰত তন্ময়তা ভাগিছিল মিনতিৰ ৷ ইমান পৰে গিৰিয়েকৰ ফটোখনলৈ চাইয়ে আছিল তাই ৷ ইতিমধ্যে চকুলোই তিয়াই পেলাইছিল তাইৰ দুগাল ৷ মনে মনে চকুলোখিনি মচি ল'ৰাটোক কলে-
:বাবা, মই কামৰ পৰা আহোতে এমোনা খোৱাবস্তু অানিম দেই ৷ এতিয়া মুখ হাত ধোৱাগৈ যা ৷
মই কামলৈ যাওঁ ৷
 উচুপি উচুপিয়ে ওলাই গৈছিল মিনতি… ৷

                         ***সমাপ্ত***