কেইটিমান নক'বলগীয়া কথা-

No comments:




*জীৱনত দুখ নাথাকিলে সুখ কি কেনেকৈ বুজি পাবা??



*জীৱন জীৱনেই, জীৱনক বেছিকৈ বুজিৱ গলে কেতিয়াবা কষ্টহে পাবলগীয়া হয় ৷


*সুখ-দুখ বুলি কোনো কথা নাই, বিচাৰিব জানিলেই হ'ল ৷


*যিকোনো বস্তুৰ লগাতকৈ বেছি আশা কৰা ভুল, আশাকৰামতে নপালে পিছত কষ্টহে পোৱা যায় ৷


*কিছুমান বস্তু দুৰৰ পৰাই ভাল লাগে ৷



*টকাৰে আপুনি সহজেই হীৰাৰ টুকুৰা এটা কিনিব পাৰিব, কিন্তু কাৰোবাৰ মন কিনিব নোৱাৰে ৷



*কাগজ এখন মোহাৰাৰ আগতেই থিৰাং কৰি ল'ব সেইখন লাগিতিয়াল অলাগতিয়াল , কাৰন মোহাৰাৰ পিছত সেইখন আগৰ অৱস্থাত কেতিয়াওঁ নাপাব ৷


*কেতিয়াবা ৰিস্কো লৈ চাব পাৰে , দেখিৱ সফলতাই নিজে আগুৱাই অাহিছে ৷


*যি মুলা বাঢ়ে তাৰ দুপাততে চিন নহ'ৱও পাৰে কাৰন সকলোৱে জানে যে শংকৰদেৱে ১১বছৰ বয়সতহে পঢ়াশালীলৈ গৈছিল ৷



*সপোন দেখিব শিকিলে কষ্ট কৰিবওঁ শিকিব লাগে ৷



*মন্দিৰ-মজজিদলৈ গৈ প্ৰাৰ্থনা কৰাৰ নামত দহ-বিশ টকা খৰচ কৰিলেও গেটৰ সন্মুখত ৰৈথকা ভিক্ষাৰীজনক টকা এটা দিবলৈ নাপাহৰিব ৷


*অকল প্ৰেৰণাই মানুহক সফল কৰিব নোৱাৰে, নিজৰ ইচ্ছা অাৰু চেষ্টাও লাগিব ৷


*অাৱেগত গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা কেতিয়াও নলৱ, পিছত ই আপোনাৰ ক্ষতি কৰিব পাৰে ৷


*কেতিয়াবা কোনো কামত সফল হ'ৱ নোৱাৰিলেও ভাগি নপৰিব, ৰোম দেশখন এদিনতে সৃষ্টিহোৱা নাছিল বুলি সকলোৱে জ্ঞাত ৷


*শত্ৰুক ভাল ব্যৱহাৰ কৰক, তেতিয়া নিজৰ মূৰ্খামীৰ বাবে নিজে অনুতপ্ত হ'ব ৷


*মানুহ এজনক চকুৰে চাই চিনিব নোৱাৰি ৷ মানুহ চিনিৱ পৰাটোও এটি গুণ ৷


*আপোনাক কোনোবাই বেয়া ব্যৱহাৰ কৰিলেও অাপুনি কেতিয়াও তেনে ব্যৱহাৰ নকৰিব, কাৰণ তেনে কৰিলে আপোনাৰ আৰু মানুজনৰ মাজত পাৰ্থক্যয়ে নাথাকিব ৷


*পোহৰৰ একমাত্ৰ কাম হ'ল অন্ধাৰক দুৰ কৰা ৷


*অাজিৰ দিনটো যদি উপভোগ কৰিব পাৰিছে বুলি বুকুত হাত থৈ কৱ পাৰে, তেন্তে আপুনি সুখী ৷


*সেইটো ৰাস্তাৰে নাযাবা যিটো ৰাস্তাৰে জীৱনে তোমাক লৈ যায়,
জীৱনক সেইটো ৰাস্তাৰে নিয়া যিটো ৰাস্তাৰে তুমি যাব বিচৰা ৷
 

*সদায় এটা কথা মনত ৰাখিবা তুমি বা মই জীয়াই থাকিবলৈ জন্ম হৈছো,
জন্ম হোৱাৰ কাৰনে জীয়াবলৈ নহয় ৷


*নিৰৱতাই হ'ল সকলো প্ৰশ্নৰে উত্তম উত্তৰ আৰু হাঁহিয়েই হ'ল যিকোনো পৰিস্থিতিৰ উত্তম প্ৰতিক্ৰিয়া ৷


*বিশ্বাসঘাটকতাৰ আটাইতকৈ দুখলগা দিশটো হ'ল, ই কোনো অচিনাকি অথবা শত্ৰুৰ ফালৰ পৰা নাহে, ই আহে কোনো বন্ধু বা আপোনজনৰ পৰা ৷


* অাপোনজনক কেতিয়াওঁ প্ৰয়োজনাধিক শাসন নকৰিব, নহ'লে তেওঁ মিছা কবলৈ শিকিব ৷
শুভ সন্ধিয়া বন্ধুসকল ৷


Copyright By কপিল দাস



       ( ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে…)

কথা দিলোঁ আজিৰ পৰা পাহৰি যাম তোমাক

No comments:

আজিৰ পৰা সুখী হ'ম
হাঁহিৰ প্ৰতিটো ঢৌত আজি উটুৱাই দিম
মোৰ সমস্ত বেদনাৰ প্ৰলেপ ৷ 
কিমাননো উদযাপন কৰিম বিষাদৰ দগলগা ক্ষণবোৰ
অথবা কিমান সহ্য কৰিম কিছু মৃত সপোনৰ অস্পষ্ট চিৎকাৰ…৷
ভগা বুকুৰ প্ৰতিটো ৰন্ধ্ৰত যে কেবল
যন্ত্ৰনাবোৰৰেই অবাধ বিচৰণ,
সিহঁতবোৰৰ অটহাস্যত মই আজি অসহায় জুৰুলা প্ৰেমিক ৷
কিন্তু… কিন্তু আজি সকলোকে বিদায় দি
সুখী হোৱাৰ আখৰা কৰিম মই,
আজি মোৰ বুকুৰ শ্মশানত সৎকাৰ কৰিম
বিষাদ বেদনাৰ অটহাস্যবোৰ আৰু সৎকাৰ কৰিম
তোমালৈ থকা সমস্ত মৰম ভালপোৱাবোৰ ৷
তুমিয়েটো কৈছিলা প্ৰেমত পৰিবলৈ এখন বিশাল বুকু লাগে
য'ত হেৰুওৱাৰ ভয় নাথাকে,
দুখ লাগিলে কান্দিব পৰাকৈ লাগে এখন পবিত্ৰ অন্তৰ… ৷
মোৰোতো এখন বুকু আছিল
তোমাৰ নামেৰে কবিতা লিখিব পৰাকৈ,
তুমি দুখ দিলে জানো উচুপি নুঠাকৈ আছিল মোৰ অন্তৰ ?
তেন্তে কি দোষ আছিল মোৰ,
মইটো বিশ্বাসহীনতাৰ বীজ সিঁচা নাছিলো
চহ কৰা প্ৰেমৰ পথাৰত
নাইবা প্ৰেমৰ কঠিয়াবোৰ জীপাল কৰিবলৈ মই
বিচৰা নাছিলো কাহাঁনিও তোমাৰ চকুলো…
তেন্তে…তেন্তে কি দোষৰ শাস্তি দিছা মোক-
নিসংগতা নিসংগতা আৰু নিসংগতা ৷
এতিয়া মোৰ কলিজাত তোমাৰ বিষধৰ নখৰ আচোঁৰ
কিয় উলিয়াই নিব বিচাৰিছা মোৰ কলিজাটো
দেখা নাই জানো জীয়া দেহটোৰ চটফটনি…৷
…এহ বাদ দিয়া আৰু,
তোমাৰেই শপত আজিৰ পৰা পাহৰি যাম তোমাক…
নিশা তোমাৰ বিৰহত আৰু কেতিয়াও নিলিখো বিষাদৰ অকবিতা ৷
ফেচবুক অথবা হোৱাটচ্ এপতো ষ্টেটাচ দি ট্ৰেজেদি নাফালো যে
-"মই কিমান কান্দিলে তুমি সুখী হ'বা?"
মোৰোটো এটি জীৱন আছে
মই কান্দি কিয় তোমাক সুখী কৰিম?
নাকান্দো…আৰু কেতিয়াও নাকান্দো
মোক বেয়া পোৱা সকলৰ বাবে
কোনোদিন এটোপাল চকুলো নষ্ট নকৰো ৷
আজি বিষাদবোৰৰ লগতে তোমাক বিদায় দি
মই বহুত বেছি সুখী হ'ম,
আজি পুনৰ বাৰ নিজৰ প্ৰেমত পৰিম,
আৰু তুমিহীন ভাবে সুখী হোৱাৰ আখৰা কৰিম…৷
কথা দিলো- আজিৰ পৰা তোমাক পাহৰি যাম ৷