২)যেতিয়াই এজনে আনজনৰ আগত নিজক শুদ্ধ বুলি দেখুৱাবলৈ চেষ্টা কৰিব তেতিয়াই সিহঁতৰ দুৰত্ব বৃদ্ধি পাব, গতিকে এইবিলাক এৰাই চলক ৷
৩)সঁচা কথা কবলৈ পৃথিৱীত সংকোচ কৰিবলগীয়া নহয় সেয়ে সদায় সঁচা কথা কওঁক ৷
৪) সফল হ'বলৈ হলে উৎসাহ সহকাৰে যিকোনো কাম কৰক, উৎসাহে কঠিন কাম উজু কৰে ৷
৫) মিঠা মাত আৰু নম্ৰতাই আপোনাক আনৰ প্ৰিয় কৰি তুলিব পাৰে, সেয়ে আনৰ প্ৰিয় হ'বলৈ মিঠা মাত আৰু নম্ৰতাৰ গৰাকী হওঁক ৷
৬)আপোনাক দুখ দিয়া ব্যক্তিগৰাকীক প্ৰতিশোদ লোৱাৰ পৰিবৰ্তে সফল হৈ দেখুৱাওঁক, আপোনাৰ সফলতাইযে তেওঁক শান্তিত থাকিবলৈ নিদিব সেইটো খাটাং ৷
৭)আনৰ দুৰ্বলতাৰ সুযোগ কেতিয়াওঁ নল'ব, কেতিয়াবা আপোনাৰো তেনে দুৰ্দশা আহিব পাৰে ৷
৮)আপোনাৰ দুখত বেছিভাগেই দুখী হ'ব পাৰে কিন্তু যিজনে আপোনাৰ সুখত সুখী হ'ব পাৰে তেওঁক বেছিকৈ গুৰুত্ব দিয়ক কাৰণ আপোনজনেহে আপোনাৰ সুখত সুখী হ'ব পাৰিব ৷
৯) লোভ আৰু বাসনাই আমাক যথেষ্ট কষ্ট দিয়ে সেয়ে সুখী হ'বলৈ পাৰাপক্ষত এইবোৰৰ পৰা আতৰত থকাই শ্ৰেয় ৷
১০)পৃথিৱীত মানুহ হিচাপে জন্ম পাইছে যেতিয়া কৰ্মৰ দ্বাৰা আপোনাৰ নাম ৰাখি যাওঁক, মনত ৰাখিব ভাল বা বেয়া কাম কৰা সকলকহে মানুহে মনত ৰাখে , আপুনি কোনটো নিৰ্বাচন কৰে সেইটো আপোনাৰ হাতত !
(পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক, লিখনিটোৰ পৰা দুজন মানুহ উপকৃত হ'ব পাৰিলেই যথেষ্ট)