হাত

তৰ্জনী আৰু বুঢ়া আঙুলি কেঁচীখনৰ ৰিং দুটাত সোমাই ফণীখনৰ ওপৰেৰে ঘূৰাই ঘূৰাই চুলি কাটি থাকিল হৰিচৰণ নাপিতে ৷ কত লোকক যে এই দুখন হাতেৰে চিকুণ কৰি দেখনিয়াৰ কৰি দিছে তাৰ হিচাপ নাই ৷ চৈধ্য বছৰ বয়সৰ পৰাই সি কেঁচীত হাত দিছে ৷ লোকৰ দাড়ি, চুলি কাটিছে ৷ সম্প্ৰতি এনেকৈয়ে চলাই গৈছে তাৰ পাঁচজনীয়া পৰিয়ালটো ৷
ঘৈণীয়েকে হাতত লৈ অহা চাহকাপ নাখাওঁ বুলি বিদায় ল'লে দহাকাজৰ মূণ্ডন কৰিবলৈ মাতিব অহা শৰ্মা মাষ্টৰ ৷ নিজকে সৰু মানুহ বুলি ভাবি বুকুখন হমহমাই উঠিল হৰিচৰণৰ ৷ পুতৌ উপজিল শৰ্মা মাষ্টৰ আৰু সমাজখনলৈ ৷ অথচ নিজৰ হাতদুখনলৈ চাই প্ৰাপ্তিৰ হাঁহি এটা নিগৰিল, কিয়নো এই দুখন হাত আছিল পৰিয়ালটোৰ ভোক গুচোৱাৰ সম্বল ৷
No comments:
Post a Comment