এক্সিডেন্ট, হেলমেট আৰু এটা নতুন জীৱন



১৪ ছেপ্টেম্বৰ ২০১৮ ৷ আবেলি ৪ বাজি ১৫ মিনিট ৷ হাউলীৰ শিক্ষক প্ৰশিক্ষন কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি বৰপেটাৰোডৰ উত্তৰদিশৰ বাৰাপেটাত অৱস্থিত মোৰ স্বগৃহলৈ মোৰ FZ-S বাইখনেৰে উভতিছো ৷ বৰপেটাৰোড মানাহ সংযোগী পথেৰে মন্থৰ গতিৰে আগবাঢ়ি গৈ খৈৰাবাৰীৰ পেট্ৰ'ল ডিপোটো পাওঁ পাওঁ হওঁতেই মনত পৰিল বৰদেউতাহঁতৰ বাইদেউৰ ছোৱালী, মোৰ ভাগিনী ইপ্সিতাৰ ৪ বছৰীয়া জন্মদিন ৷ খালি হাতে যাব নোখোজা মনটোৱে বাধা দিয়াত বাইকখন ঘুৰাই মই ৫০ মিটাৰমান আতৰত থকা এখন দোকানত সোমাই ভাল চকলেট এটাৰ সন্ধান কৰো ৷ মনে বিচৰা চকলেটটো নাপাই পুনৰ মই বৰপেটাৰোডৰ দিশে প্ৰায় ১০০ মিটাৰমান আগুৱাই অহাত এখন ভাল দোকান দেখা পাওঁ ৷ খৈৰাবাৰীৰ অতিকৈ ব্যস্ত পথটোৰ বিপৰীত দিশত থকা দোকানখনলৈ মই আগে পিছে ভালকৈ নিৰীক্ষণ কৰি মোৰ বাইকখন আগুৱাই দিওঁ ৷ হাঠাৎ এটা বিকৎ শব্দ ! ক্ষন্তেক সময়ৰ বাবে একো উমান নোপোৱা মই অলপ পিছতে অনুভৱ কৰিলো বিষ এটাই গ্ৰাস কৰি আহিছে ৷ ক্ষন্তেকতে মোৰ কানত পৰি অজস্ৰ মানুহৰ কোলাহল ৷ দুজনমানে মোৰ কাষলৈ আহি মোৰ পথৰ পৰা তোলাৰ যো-জা কৰোতেই মই লক্ষ্য কৰিলো- মোৰ বাওঁভৰিখন আঠুৰ ওপৰৰ পৰা ভাঁজ হৈ পিচফাললৈ গুচি গৈছে ৷ যিহেতু সুস্থ মানুহ এজনে ভৰিখন তেনেকৈ ভাঁজ কৰিব নোৱাৰে সেয়ে মই লগে লগেই নিশ্চিত হলো যে মোৰ বাওভৰিখনৰ উৰু(Femur) হাড়ডাল ভাগিছে ৷ ক্ষন্তেকতেই কেইগৰাকীমান সুহৃদয়বান লোকে মোৰ ভগা ভৰিখন পিছফালৰ পৰা টানি আনি পোনকৈ মোক বহুৱাই দি গাত ধৰি থাকিল ৷ ইতিমধ্যে মোৰ মুৰৰ পৰা হেলমেট আৰু বেগখন উলিয়াই নি মহিলা এগৰাকীয়ে মোক বস্তুখিনিৰ বাবে নিশ্চিত হৈ থাকিবলৈ কলে ৷ মই মোৰ সম্বিৎ থাকোতেই ঘৰত কথাটো জনাও বুলি মোবাইলটো লৈ দেউতাক ফোন কৰি জনাই দিওঁ ৷ দেউতাই মোক জনাই দিলে যে বিশেষ কামৰ বাবে মোৰ দাদাই আমাৰ গাড়ীখন লৈ বৰপেটাৰোডলৈ গৈ আছে ৷ লগে লগে দাদাক ফোন কৰি জনাওঁ ৷  ৷ ইতিমধ্যে খৈৰাবাৰীৰ সুহৃদয়বান লোক কেইগৰাকীমানে মোক পথৰ পৰা দাঙি নি চকী এখনত বহিবলৈ দি ভগা ভৰিখনথবলৈ এখন টুল আনি দিলে ৷ ৫ মিনিটৰ ভিতৰত দাদা আৰু ভিনিদেউ এগৰাকী আহি মোৰ কাষত উপস্থিত হৈ মোক গাড়ীত তুলি হস্পিতাললৈ লৈ যায় ৷ হস্পিতালত বিষনাশক বেজী এটা দিয়াৰ পিছত ডাক্টৰৰ পৰামৰ্শ অনুসৰি ভগা ভৰিখনৰ X-Ray কৰা হয় ৷ X-Ray ৰ ৰিপ'ৰ্ট চাইয়ে ডাক্টৰে মোৰ ভৰিখনৰ অষ্ট্ৰোপচাৰৰ পৰামৰ্শ দিয়ে ৷ সেই দিনা নিশাই মোৰ গুৱাহাটীৰ কুমাৰ নাৰ্চিং হোমত মোক ভৰ্তি কৰে ৷ কুমাৰ নাৰ্চিং হোমত তেজৰ সকলো পৰীক্ষা কৰাৰৰ  পিচৰ পিচদিনা অৰ্থাৎ ১৫ মাৰ্চ তাৰিখে আবেলি ৫ বজাত মোক অষ্ট্ৰোপচাৰ কক্ষত লৈ যায় ৷ অষ্ট্ৰোপচাৰ কক্ষত সোমোৱাৰ আগতে মোৰ পোচাক সলোৱাই তেওলোকৰ পোচাক আৰু এটা টুপি পিন্ধাই দিয়া হৈছিল ৷ প্ৰায় ২ ঘন্টাৰ অন্তত ভৰিৰ হাড়ডালৰ অষ্ট্ৰোপচাৰ কৰি ভগা হাড়টুকুৰা জোৰা লগাবলৈ চিকিৎসাবিজ্ঞানে উদ্ভাৱন কৰা এডাল বিশেষ ৰ'ড সংযুক্ত কৰে ৷ তাৰ পিছত মোক এদিনৰ বাবে ICU কক্ষত ৰাখে ৷ ইমানদিনে চিনেমাত দেখি থকাৰ দৰে মুখত অক্সিজেন মাক্স, হাতত প্ৰেচাৰ জোখা বেল্ট, হাতৰ বুঢ়া আঙুলিত চেপেনাজাতীয় যন্ত্ৰ আদি সংযুক্ত কৰি ৰাখে ৷ বেডৰ কাষতে থকা ECG যন্ত্ৰটোত সকলোবোৰ তথ্য সংৰক্ষন হৈ থকাৰ উমান পাও ৷ মোক তেজৰ প্ৰয়োজন হ'ব বুলি ডাক্টৰে জনোৱাত বন্ধু দিলদাৰে ৰাতিপুৱাই আহ উপস্থিত হয় যদিও ৰাতিপুৱা মোৰ ডাক্টৰে পৰীক্ষা কৰি তেজ নিদিলেও হ'ব বুলি কয় ৷ ইয়াৰ পিছত চাৰিদিন হস্পিতালৰ বেডত থকাৰ অন্তত মোক ঘৰলৈ আহিবলৈ পৰামৰ্শ দিয়ে ৷ এতিয়া প্ৰায় ৪৫ দিনৰ পৰা দুমাহলৈ মোক বিচনাও জিৰণি লোৱাৰ লগতে তিনি/চাৰি মাহলৈ কঠিন যিকোনো কামৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে ৷ এইছেগতে মোৰ দূৰ্ঘটনাত পতিত হোৱা লগে লগে সুশ্ৰুষা কৰা প্ৰতিগৰাকী ব্যক্তিকে, দূৰ্ঘটনাৰ খবৰ পাইয়ে বৰপেটাৰোডৰ হস্পিটাললৈ ধপলিয়াই অহা সকলো শুভাকাংশী, গুৱাহাটীৰ হস্পিতালত খবৰ লবলৈ অহা প্ৰতিগৰাকী শুভাকাংশী, মোৰ আৰু দেউতাৰ লগত গুৱাহাটীৰ হস্পিতাললৈ গৈ মোক মোৰ চোৱাচিতা কৰা বন্ধু ৰিন্টু আৰু জাকিৰ ছাৰ, মোৰ খবৰ লবলৈ ঘৰলৈ অহা প্ৰায় ৫০০ৰো অধিক শুভাকাংশীক প্ৰণাম জনাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ সুবিধা পালেই মই আপোনালোকৰ এইঋণ পৰিশোধ কৰিবলৈ যত্ন কৰিম ৷ 

‌সেইদিনা হেলমেটটোৱে মোক এটি নতুন জীৱন দান কৰিলে ৷ মই আগৰে পৰা কৈ অহা এষাৰ কথা আজিও কও- দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰিবলৈ নাপাহৰিব, যিকোনো দূৰ্ঘটনাত হেলমেটটোৱে আপোনাক হস্পিটাললৈ নিবব পৰাকৈ সুস্থ ৰাখিব পাৰে ৷  আপুনি ভালদৰে বাহন চলালেও আনে নচলাব পাৰে ৷ লগতে আপোনাৰ পৰিয়ালে আপুনি উভতি যাব বুলি ঘৰত বাট চাই আছে ৷ জীৱনটো বহুত মূল্যৱান ৷ সাধাৰণ ভুলৰ বাবে জীৱনটো নষ্ট নকৰিব ৷ অলপ টকা খৰচ হলেও এটা ভাল হেলমেট কিনি পৰিধান কৰক ৷ হেলমেটটো পুলিচৰ পৰা বাচিবলৈ বা তেল ভৰালৈ নহয়, হেলমেটটো নিজৰ জীৱন বচাবলৈ ব্যৱহাৰ কৰক ৷ সেইদিনা মোক তীব্ৰগতিৰে দুচকীয়া বাহনখনে খুন্দিয়াই প্ৰায় ৪/৫ ফুট ওপৰেৰে বাইক আৰু চালকজনে উফৰি পৰাৰ লগতে মোৰ মুৰটোও পকী ৰাস্তাত পৰি যোৱাৰ পিচতো এই ষ্টেটাচটো লিখিবলৈ পাৰিছো একমাত্ৰ হেলমেটটো থকাৰ বাবে ৷ হাজাৰ চেল্যুট মোৰ হেলমেটটোক…৷

No comments:

Post a Comment