বন্ধুবৰ্গৰ সৈতে নাককাটি পাহাৰ ভ্ৰমণ আৰু এক দুঃসাহসিক আভিজ্ঞতা
বন্ধুবৰ্গৰ সৈতে নাককাটি পাহাৰ ভ্ৰমণ আৰু এক দুঃসাহসিক আভিজ্ঞতা
****
কপিল দাস
আমাৰ এটা বহুদিনীয়া হেঁপাহ! বন্ধুবোৰৰ সৈতে বঙাইগাঁওস্থিত নাককাটি পাহাৰ বগাই শিখৰত উপনীত হোৱা আৰু তাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰা! মাত্ৰ দুদিন আগতে যাম বুলি ঠিৰাং কৰি ২৩/০১/২০১৮ ইং তাৰিখে আমি বৰপেটাৰোডৰ পৰা বাইকেৰে যাত্ৰা আৰম্ভ কৰো ৷ ৬খন বাইকত আমি ১২জন আছিলো ৷ আমাৰ যাত্ৰা পথৰ সংগীবোৰ আছিল Utpal Das , BhaskarJyoti Bayan , Hrisikesh Das da, Himangshu Deka da, Rupam Sharma, Amalesh Bayan Pinku Sharmah Ankur Debnath , জিতুমণি ঠাকুৰীয়া , Bappi Barman , Rup Jyoti Das da ৷ ৰাতিপূৱা ৮ বজাতেই ওলাইছিলো যদিও কিছু সমস্যাৰ বাবে আমাৰ যাত্ৰা ১০ বাজাত আৰম্ভ হৈছিল ৷ প্ৰায় ১২ বজাত আমি বঙাইগাঁও গৈ পাও আৰু তাত আমাৰ বাবে ৰৈ থকা বন্ধু Bitu Mahanayak আৰু Diju Nath ক লগ পাওঁ ৷ সিহঁতে আমাৰ নাককাটি পাহাৰৰ কাষলৈ লৈ যায় ৷ নাককাটি পাহাৰ পোৱাৰ কিছু আগেয়ে এখন জৰাজীৰ্ণ বাহঁৰ দলঙেৰে বৰ বিপদসংকুলভাৱে এখন এখনকৈ আমাৰ বাইকবোৰ পাৰ কৰো ৷ পাহাৰৰ কাষত গৈ পোৱাৰ পিছত স্থানীয় ডেকা কেইজনমানে তৈয়াৰ কৰা বাইক পাৰ্কিংত বাইককেইখন পাৰকিং কৰো ৷ বন্ধু বিতু আৰু দিজুৱে আমাক কিছুদূৰ বাট দেখুৱাই দি বিদায় ললে ৷ তাৰ পিছত আমাৰ আৰম্ভ হয় দুঃসাহসিক যাত্ৰা ৷ আমাৰ দেহৰ নিয়ন্ত্ৰন ৰাখিবলৈ আমাৰ হাতত আছিল একোডালকৈ লাঁঠি ৷ লুংলুঙীয়া, থিয়, পাহাৰীয়া শিলেৰে ভৰি থকা ৰাস্তাটো বৰ বিপদসংকুল আছিল ৷ অসাৱধানৱসত ভৰি পিচল খালে তাৰ পৰিণাম কি হ'ব ভাবিয়েই বুকু কঁপি উঠে ৷ এনেকৈ কিছুুদূৰ গৈ আমি আমাৰ লগত লৈ যোৱা বিস্কুত পানী ইত্যাদি খাই কিছু জিৰণি লৈ পুনৰ যাত্ৰা আৰম্ভ কৰো ৷ এনেকৈ গছৰ ঠাল-ঠেঙুলি, শিল ইত্যাদিত ধৰি কোনোমতে প্ৰথম পাহাৰখন পাৰ হওঁ ৷ ভাগৰত লেবেজান হৈ আমি প্ৰথম পাহাৰখনৰ ওপৰত স্থানীয়লোকে পৰ্যটকৰ সুবিধাৰ্থে অস্থায়ীভাৱে নিৰ্মান কৰা চাংঘৰ এটাত কিছুসময় জিৰণি লওঁ ৷ তাত তেওঁলোকে অৰ্ডাৰ অনুযায়ী ভাত বনাই বিক্ৰি কৰে ৷ আমি কেইজনমানে তাত ভাতৰ অৰ্ডাৰ দিওঁ আৰু কণী, বিস্কুট ইত্যাদি খাই পুনৰ দ্বিতীয়খন পাহাৰ বগাবলৈ আৰম্ভ কৰো ৷ প্ৰথমখনতকৈ দ্বিতীয়খন পাহাৰৰ যাত্ৰাপথ আৰু বেছি বিপদসংকুল হ'ব ধৰিল ৷ লাহে লাহে পঠবোৰ থিয় হ'বলৈ ধৰিলে ৷ কেইখোজমান আগবাঢ়িয়ে ভাগৰত আগবাঢ়িব নোৱাৰা হ'লো ৷ অদম্য হেঁপাহ আৰু উদ্যমত আমি হাৰ নামানিলো ৷ গৈয়েই থাকিলো ৷ গৈ গৈ দ্বিতীয়খন পাহাৰ পাৰ হৈ তৃতীয়খন পাহাৰ অৰ্থাৎ আমাৰ মূল লক্ষ্যস্থানৰ দাঁতি পাওঁ ৷ শৰীৰে নোৱাৰে, উদ্যমে হাৰ নামানে! উশাহ চুটি, অৱশ শৰীৰ আৰু প্ৰচণ্ড আত্মবিশ্বাসী মনবোৰ লৈ পুনৰ আগবাঢ়িব ধৰিলো ৷ এৰি থৈ অহা পথবোৰৰ তুলনাত নতুন পথবোৰ অধিক দূৰ্গম হৈ পৰিল! বাৰে বাৰে পিচলি পৰিব খোজো ৷ বন্ধু জিতুৰ মনোবল আৰু উদ্যমৰ সাহসতে আমি আগবাঢ়ি থাকিলো ৷ আমাৰ আগে আগে গৈছে বন্ধু উৎপল, ৰূপাংগ আৰু পিংকু ৷ পিছে পিছে ভাস্কৰ, বাপ্পী, জিতু, মই, অমলেশ, হিমাংশু দা আৰু ৰূপজ্যোতি দা ৷ অক্সিজেনৰ পৰিমান কিছু কমাৰ বাবেই হয়তো কেইখোজমান গলেই ভাগৰি পৰিছিলো আমি! পিয়াহত অন্ঠ-কণ্ঠ শুকাই গৈছিল ৷ হৃদস্পন্দন খৰতকীয়া হৈছিল ৷ মুঠতে আৰু আগনাবাঢ়ে খোজ…! কিছু জিৰণি লৈ মনত উদ্যমৰ জোৱাৰ আনি চিঞৰি উঠো আৰু আগবাঢ়ো ৷ কিছুদূৰ গৈ আৰু ৰৈ যাওঁ ৷ আগবাঢ়িলেই খোজবোৰ পিছুৱাই আহিব খোজে! অলপ আগবাঢ়িয়ে গছ এডালত দেহটো এৰি দি অলপ ভাগৰ কমাও, আৰু আগবাঢ়ো ৷ যেন গৈ নাপামহে! এনেদৰে কিছুদূৰ যোৱাৰ পিছত বন্ধুসকলৰ আনন্দোল্লাসৰ কিৰিলি শুনিবলৈ পালো ৷ সিহঁতৰ চিঞৰবোৰ শুনিয়েই প্ৰচুৰ উদ্যমমেৰে আগবাঢ়ি গৈ আমি প্ৰায় আঢ়ৈ ঘন্টাৰ অন্তত নাককাটি পাহাৰৰ শিখৰত গৈ উপস্থিত হওঁ ৷ ভাগৰত অৱশ শৰীৰ, মনত সফলতাৰ আনন্দ ৷ অলপসময় জিৰণি লৈ বন্ধুবৰ্গৰ সৈতে আনন্দোল্লাস কৰিলো ৷ মনৰ আনন্দতে চিঞৰিলো ৷ কথাৰে বুজাব নোৱাৰা এটা পৰিৱেশ ৷
নাককাটি পাহাৰৰ শিখৰত বহি ফটো উঠিলো ৷ বন্ধু বৰ্গকো ফটো তুলিলো ৷ প্ৰায় ১ ঘন্টামান সময় আমি তাত কটাই অহাবাটেই আমি উভটিব ধৰিলোঁ ৷ ঠিয় পাৰাহৰ পৰা খোজকাঢ়ি নামি অহাটো পাহাৰ বগোৱাতকৈও বেছি ভয়ানক ৷ খোজবোৰৰ নিয়ন্ত্ৰন ৰখাটো বৰ কষ্টকৰ ৷ লাঠিৰ সহায়ত আমি কোনোমতে নামি আহো আৰু খোৱালোৱা কৰো ৷ তাৰ পিচত আমাৰ উভতনি যাত্ৰা আৰম্ভ হয়…! ইতিমধ্যে সন্ধিয়া নামি আহিছিল ৷ এনেদৰেই আমি জীৱনৰ এটি দুঃসাহসিক অভিজ্ঞতাৰ সাক্ষী হৈ ৰ'লো ৷
অনুভৱ-১
কেইদিনমান আগৰ কথা ৷ মোৰ মোবাইলটো পুৰনি হোৱা বাবে নতুন মোবাইল এটা লোৱাৰ কথা ভাৱিলো ৷ পুৱা আবেলি টিউচন কৰি জমা কৰা টকাকেইটাই মোক মোবাইল কিনাৰ উৎসাহটো দুগুনে বৃদ্ধি কৰিলে ৷ যিমান হ'লেও নিজৰ উপাৰ্জনেৰে কিনাৰ কথা ৷ কথা মতেই কাম ৷ Flipkartত মোবাইল বিচৰা আৰম্ভ কৰিলো ৷ বন্ধুবৰ্গ আৰু দাদাৰ কথামতে Redmi Note5 Pro মোবাইলটো লোৱাৰ সিদ্ধান্তত উপনীত হ'লো ৷ Flash Sell চলি থকা কাৰনে নিৰ্দিষ্ট দিনটোত বোন্দাপৰ দি থাকি মোৱাইলটো Order কৰিব বিচাৰিলো যদিওঁ নোৱাৰিলো ৷ তাতেই আৰু Cash On Delivery নাই ৷ পিচদিনা Training Center লৈ গৈ উভতি আহোতে বন্ধুকেইজনমানৰ সৈতে ৰপেটাৰোড বজাৰত সোমালো, Redmi Note5 Pro মোবাইলটোৰ খবৰ ল'বলৈ ৷ মোৱাইলটো বিচাৰি বৰপেটাৰোডৰ বহুকেইখন দোকান ঘূৰিলো ৷ শেষত এখন দোকানত গৈ উপস্থিত হৈ দেখিলো দুটা মোবাইল আছে, তাৰে এটা এজন গ্ৰাহকে ল'লে আৰু আনটো দোকানীয়ে ব্যৱহাৰ কৰিম বুলি ক'ভাৰ আৰু Temper Glass লগাবলৈ ধৰিছে ৷ বন্ধু এজনৰ চিনাকীসূত্ৰে দোকানীজনে মোবাইলটো মোক বিক্ৰী কৰিবলৈ ৰাজি হ'ল যদিওঁ বেমেজালিটো তেতিয়াহে লাগিল, কিয়নো মই মোবাইল কিনিবলৈ বুলি জমাকৰা টকাখিনি লৈ যোৱা নাছিলো ৷ তেনেতে বন্ধু Ankur ৰে মই একো নোকোৱাতে ১৬০০০টকা ATMৰ পৰা উলিয়াই আনি হাতত দি কলে "পচন্দৰ বস্তু, লৈ ল', টকাৰ কথা চিন্তা কৰিব নালাগে" ৷ উল্লেখ্য যে বন্ধুজনক লগ পোৱা এবছৰো হোৱা নাই ৷ এনে নিভাজ বন্ধুত্বৰে বান্ধ খাই থকা কাৰনে নিজকে বৰ সুখী অনুভৱ কৰো ৷ বন্ধুজনে কোৱাৰ দৰেই পচন্দৰ মোবাইলটো কিনিলো ৷ বন্ধুকেইজনক সামান্য কিবা খুৱাই উভতি আহিলো ৷ পিচদিনা তাক লগ ধৰি ধন্যবাদ এটিৰে সৈতে টকাখিনি ওভটাই দিলোঁ ৷ বন্ধুৰ এনে সহায় জানো পাহৰিব পাৰি জানো, কেতিয়াবা মনত নপৰিলেও ফেচবুকে সোঁৱৰাই দিব বুলি কথাখিনি ইয়াতে লিখি থলো ৷
কপিল দাসৰ পাঁচটা অনুগল্প
*ঘাতক*
হিমাংশু ডেকাৰ বিলাসী কাৰখনে গতি ল'লে ৷ উদ্দেশ্য আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুস্থিত সভা এখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা ৷ ঘৰৰ পৰা চাৰি কিল'মিটাৰ আঁতৰত অনুস্থিত জনবহুল সভাখনত অংশগ্ৰহণ কৰি নাৰী সবলীকৰণৰ বিষয়ে উদাত্ত ভাষণ প্ৰদান কৰিলে তেওঁ ৷ সভাত উপস্থিত দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আদায় কৰি উভতি আহিল মিঃ ডেকা ৷ ঘৰলৈ উভতাৰ পথত ঘৈণীয়েকৰ আল্ট্ৰাচাউণ্ডগ্ৰাফীৰ ৰিপ'ৰ্ট জানিবলৈ চিকিৎসকৰ চেম্বাৰত সোমাল ৷ চিকিৎসকজনক সাক্ষাৎ কৰি কথাবোৰ জনাৰ পিছত বিষণ্ণ মন এটা লৈ ছেম্বাৰৰ পৰা ওলাই আহিল তেওঁ ৷ খৰ খেদাকৈ ঘৰলৈ আহিয়ে পত্নীক আল্ট্ৰাচাউণ্ডগ্ৰাফীৰ ৰিপ'ৰ্ট জনাই চিকিৎসকৰ ছেম্বাৰলৈ যাবলৈ ওলাবলৈ ক'লে, উদ্দেশ্য পত্নীৰ গৰ্ভত দ্বিতীয়বাৰৰ বাবে থিতাপি লোৱা কন্যা সন্তানটো এবৰ্চ'ন কৰা!
***
*পাগল*
ভয়ংকৰ বাছ দুৰ্ঘটনাত মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা কমলেশ্বৰৰ কঠিন অষ্ট্ৰোপচাৰেও মগজুৰ বিসংগতি সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰিলে ৷ শেষত উপায়বিহীন হৈ পৰিয়ালৰ লোকে ঘৰলৈ উভতাই আনিলে তাক ৷ তেতিয়াৰ পৰাই অৱহেলিত, নিষ্পেষিত হৈ পৰিছিল কমলেশ্বৰ ! কিছুদিনৰ পিছত তাৰ ঠিকনা হৈছিল জাবৰৰ দ'ম, বাছ আস্থান, ৰেল ষ্টেচন, দোকানৰ বাৰান্দা ইত্যাদি !
: ঐ পাগলটো আহিছে, পাগল…চোৱা চোৱা …
: হা হা হা, কাপোৰ পিন্ধিছেনে পিন্ধা নাই ধৰিবই নোৱাৰি ৷"- চ'কটোত আড্ডা মাৰি থকা ল'ৰাকেইজনৰ পৰা উফৰি আহিছিল শব্দবোৰ…! হয়তো কোনো এজনৰ মনলৈ অহা নাছিল মানসিক বিকাৰগ্ৰস্থ হোৱাৰ আগতে সিও আছিল নৈপৰীয়া বতাহজাকৰ দুৰ্দান্তু প্ৰেমিক ঠিক মোৰ বা আপোনাৰ দৰে!
***
*চাকৰণী*
"ঐ তোৰ এতিয়াও বাচনখিনি ধুৱাই হোৱা নাই! ঘৰ কেতিয়া চাফা কৰিবি!"
মালিকনীৰ ধমকিত মনটো সেমেকি উঠিল দহ বছৰীয়া কাম কৰা ছোৱালীজনীৰ! এইবোৰ যে নিত্য নৈমিত্তিক ঘটনা তাইৰ বাবে ৷ খৰধৰকৈ বাচনখিনি ধুব ধৰোতে হাতৰ পৰা পিচলি কাপ এটি ভাগি থাকিল ৷ কাপটো ভগা দোষত তাইক কেইচৰমান সোধাই বংশ উজাৰি গালি এসোপা পাৰিলে মালিকনীয়ে!
মালিকৰ ঘৰখন এৰি পলাই যাব মন যায় তাইৰ আপোন ঘৰখনলৈ ৷ কিন্তু নোৱাৰে ৷ ৰুগীয়া বাপেক, পাঁচবছৰীয়া ভায়েক আৰু আনৰ ঘৰত কাম কৰি পৰিয়ালটো চলাবলৈ অসমৰ্থ হোৱা মাকৰ মুখখন মনত পৰি যায়! যিমান হ'লেও মাহৰ শেষত মালিকৰ ঘৰৰ পৰা পোৱা সামান্য টকাকেইটাৰে দুবেলা দুসাঁজ খাই জীয়াই আছে পৰিয়ালটো!
***
*ঘৰ*
মাকজনীৰ মৃত্যুৰ পিছত পৰিয়ালটোত ৰৈছিল দেউতাক আৰু ল'ৰা দুজন ৷ মাক নথকা ঘৰখনৰ অচলাৱস্থা দূৰ কৰাৰ বাবে ডাঙৰ ল'ৰাটোলৈ বোৱাৰী এগৰাকী আনিছিল দুবছৰ আগতেই ৷ ঘৰখন পুনৰ ঠন ধৰি উঠিব বুলি বৃদ্ধ দেউতাকৰ মনত জাগিছিল অযুত হেঁপাহ ৷ কিন্তু গিৰীয়েকৰ চাকৰিৰ দোহাই দি চহৰলৈ যাব বিচৰা বোৱাৰীয়েৰ সিদ্ধান্তত নিমাত হৈ ৰৈছিল তেওঁ ৷
"দেউতা চাহকাপ লওক"- সৰু বোৱাৰীয়েকৰ মাতত জুহালত বহি থকা শহুৰেকৰ তন্ময়তা ভাগিছিল ৷ মনৰ কোনোবাখিনিত আনন্দই দোলা দি গৈছিল ৷ হয়তো আহিবলগা নতুন দিনৰ উছাহত!
***
*ভোগালী*
কান্ধত ওলোমাই লোৱা মলিয়ন গামোচাখনেৰে মুখখন মচি চহৰখনৰ পৰা আঁতৰত থকা পঁজা ঘৰটোলৈ বুলি ৰিক্সাখন পোনালে হৰিহৰে! ই-ৰিক্সাই বৰপীৰা পাৰি বহাৰ দিনধৰি অভাৱ নুগুচা হ'ল তাৰ পৰিয়ালটোৰ ৷ দিনটো ৰিক্সা চলাই ঘূৰি আহিবৰ পৰত কিনা বস্তুকেইপদ মোনাখনত ভৰাই হেন্দেলত ওলোমাই লৈছে ৷ বস্তু বুলিবলৈ বৰ বিশেষ নহয়- চাউল ডেৰ কিলো, দাইল আধাপোৱা, অালু আধাকিলো আৰু পিঁয়াজ এপোৱা ! মাঘবিহু বুলি ঘৈণীয়েকে নিব দিয়া বস্তকেইপদ আনিব নোৱাৰি মনটো সেমেকি উঠিল হৰিহৰৰ ৷ পাঁচজনীয়া পৰিয়ালটো কোনোমতে পোষণ কৰি থকা হৰিহৰৰ বিহুৰ বজাৰ কৰা যে সামৰ্থৰ বাহিৰত ! সন্তান তিনিটাকো দিব পৰা নাই গৰম কাপোৰ!
ঘৰ পাই আগ্ৰেহেৰে ৰৈ থকা ঘৈণীয়েকৰ হাতত মোনাখন দিওঁতে হৰিহৰৰ বুকুখন অবুজ বেদনাত বিষাই উঠিল ৷
✍🏻কপিল দাস
(মোৰ শ্ৰদ্ধাৰ পাঠকসকলৰ মতামত বিচাৰিলো)
বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চমুকৈ
বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চমুকৈ:
বিষ্ণুপ্ৰসাদ ৰাভা (ইংৰাজী: Bishnuprasad Rabha, ৩১ জানুৱাৰী,১৯০৯- ২০ জুন,১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল ৷
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
জন্ম: জানুৱাৰী ৩১ , ১৯০৯,ঢাকা, বেঙ্গল প্ৰেসিডেন্সি
মৃত্যু: ২০ জুন, ১৯৬৯,তেজপুৰ, অসম
স্মৃতিচিহ্ন: বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰ
ৰাষ্ট্ৰীয়তা: ভাৰতীয়
শিক্ষা: আই.এচ.চি.
পেচা: কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু
ৰাজনৈতিক আন্দোলন
ভাৰতৰ স্বাধীনতা আন্দোলন সাম্যবাদী আন্দোলন ৷
পিতৃ: গোপাল চন্দ্ৰ ৰাভা
(উৎস- WIKIPEDIA)
আপুনি ২বছৰীয়া ডি.এল.এড প্ৰশিক্ষন গ্ৰহণ কৰাৰ বাবে আগ্ৰহী নেকি?
SCERTৰ অন্তৰ্গত নিয়মীয়া ২ বছৰীয়া ডি এল এড প্ৰশিক্ষণত নামভৰ্তিৰ বাবে বহুতেই কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি থকা পৰিলক্ষিত হৈছে ৷ সেয়েহে কিছু তথ্য জনাবলৈ বিচাৰিছো-
ক) নামভৰ্তিৰ খৰচ কিমান?
=> DIET আৰু BTC সমূহত 850 টকাৰ পৰা 3000টকাকৈ নামভৰ্তিৰ বাবদ লোৱা হয় ৷ 850 টকাটো বিভাগীয় খৰচৰ বাবে লোৱা হয়, আৰু আনুসংগিক খৰচ(৫০ টকাকৈ মাহিলী বাবদ, বছৰটোত অনুষ্ঠিত কৰিবলগীয়া বিভিন্ন সাংস্কৃতিক অনুস্থান মিলাই, খেল ধেমালী ইত্যাদি) মিলাই 3000 টকালৈ নামভৰ্তিৰ বাবদ লোৱা হয় ৷
খ) কাউন্সেলিং প্ৰক্ৰিয়া কেনে ধৰনৰ?
=> SCERTৰ অন্তৰ্গত D.El.Ed প্ৰশিক্ষণৰ বাবে PET(Pre Entry Test)ত উত্তীৰ্ণ হোৱা প্ৰশিক্ষাৰ্থীসকলে আজিৰ পৰা (২২জুনৰ পৰা ২৫জুনলৈ) Online যোগে আৰম্ভ হোৱা কাউন্সেলিং প্ৰক্ৰিয়াত নিজৰ পচন্দৰ Centre সমূহ(যেনে 1st Preference for study- DIET,Barpeta
2nd Preference- BTC,Howly
3rd Preference-Normal School,Howly) নিৰ্বাচন কৰিব লাগিব ৷ তাৰ পিচত ২৫ জুনৰ পিচত অৰ্থাৎ ২৬ জুন বা দুই এদিনতে এখন তালিকা SCERTৰ Web siteত আপলোড কৰিব ৷ সেই অনুসৰি প্ৰশিক্ষাৰ্থীসকলে নিৰ্দিষ্ট কেন্দ্ৰত গৈ নামভৰ্তি কৰিব পাৰিব ৷
গ)বহুতেই ডিএলএড বিষয়টো পঢ়ো নে অন্য বিষয় পঢ়ো এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পৰা নাই ৷ এতিয়া কি কৰিব?
=> নিশ্চিতকৈ লাভৱান হ'ব পৰা আন বিষয়লৈ আপোনালোকৰ অধ্যয়ন অব্যাহত ৰাখিব পাৰে(যেনে MA/M. SC/M. COM ইত্যাদি) ৷ কিন্তু এটা কথালৈ মন কৰিব যে প্ৰাথমিক শিক্ষকৰ চাকৰিত আবেদন কৰিব লাগিলে ডি এল এড বাধ্যতামূলক ৷ বহু হাজাৰ প্ৰাৰ্থীৰ মাজত আপুনি ডি এল এড প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে যদি সেই সুবিধাটো গ্ৰহণ নকৰাকৈ নাথাকিব ৷
-কপিল দাস,
DIET,Barpeta
(কথাখিনিয়ে কাৰোবাক উপকৃত কৰিব বুলি ভাবিলে share কৰিব পাৰে, ভুল হলে শুধৰাই দিব)
শ্বিলং: দা স্কটলেণ্ড অফ ইষ্ট এ জাৰ্ণি উইথ মাই ফ্ৰেইণ্ডচ…
২৯ জুনত D.El.Ed ৰ পৰীক্ষা শেষ হোৱাৰ দিনা আবেলি পৰিকল্পনা কৰি ৩০ জুনত আমি ওলালো শ্বিলংলৈ ৷ আমি মানে Ankur Himangshu Utpal Hrishi Rup ৷ ৰাতিপুৱা ৰেলেৰে যাত্ৰা কৰি গুৱাহাটী পালো ৷ গুৱাহাটীৰ পৰা টাটা চুমো এখন ২০০০টকাত ভাড়া কৰি আমি শ্বিলং অভিমুখে যাত্ৰা কৰিলো ৷ বৰাপানীকে ধৰি ৰাস্তাৰ কাষৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিভিন্ন ঠাই অামি ৰৈ ৰৈ গৈ শেষত শ্বিলংৰ পুলিচ বজাৰত উপস্থিত হও ৷ পুলিচ বজাৰৰ কাষতে থকা Hariom নামৰ থকাখোৱাৰ ব্যৱস্থা থকা হোটেলখনত ৰূম বুকিং কৰি কিছু জিৰণি লৈ সন্ধিয়া বজাৰখন চাবলৈ ওলাই যাও ৷ তাত বিভিন্ন সুস্বাদু আহাৰ খাই আমি ১০ বজাৰ আগে আগে হোটেললৈ উভতি আহো ৷ ৰাতি ১২ বজাত বন্ধু অংকুৰৰ জন্মদিন হেতুকে সংগোপনে কিনি অনা কেট কাটিবলৈ দি তাক চাৰপ্ৰাইজ দিওঁ ৷
পিচদিনা ৩২০০টকাৰে দুখন কাৰ ভাড়া কৰি পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ পৰা ঠাই চেৰাপুঞ্জী অভিমূখে যাত্ৰা আৰম্ভ কৰো ৷ চেৰাপুঞ্জীৰ চহৰা জলপ্ৰপাত, MAWSAMI CAVE, Seven Sister Falls, ECO PARK, ELEPHANT FALLS, Shillong View Point ইত্যাদিৰ নৈসৰ্গিক দৃশ্য স্বচক্ষে উপভোগ কৰি অভিভূত হৈ পৰিলো ৷
চহৰা জলপ্ৰপাতটো মুল পথৰ পৰা বহু তলত ৷ পকী চিৰিৰে নামি যাবলৈ বেছি কষ্ট নহয় যদিওঁ ওপৰলৈ উঠোতি শক্তি শেষ হৈ যোবা যেন লাগে ৷ MAWSAMI CAVE নামৰ প্ৰাকৃতিক ভাৱে সৃষ্ট গুহাটো কিছু ভয়ানক ৷ গুহাটো ওখোৰা মোখোৰা, পিচল, ঠায়ে ঠায়ে এআঠুমান পানী, কোনোমতে এজন পাৰ হ'ব পৰাকৈ সৰু ৷ MAWZAMI CAVEৰ পৰা উভতি Seven Sister Falls(ওচৰা ওচৰিকৈ সাতটা জলপ্ৰপাত আছে) জলপ্ৰপাতটো চাবলৈ গলো যদিও অত্যাধিক বৰষুণৰ বাবে জলপ্ৰপাতটো দেখাৰ সোভাগ্য নহ'ল ৷ তাৰ পিছত আমি ইকো পাৰ্কলৈ গলো ৷ তাত প্ৰকৃতিৰ কি যে লীলা- এই মাত্ৰ যদি ঠাই এখন মেঘেৰে আবৰি ধৰিছে, ক্ষন্তেক সময়তে মেঘ আঁতৰি গৈ ফৰকালো হৈছে, ৰ'দ ওলাইছে, তৎক্ষনাত ৰ'দ আতৰি গৈ হুৰহুৰাই বৰষুণ পৰিছে ৷ আমি ছাতি আৰু ৰেইণকোট লৈ গৈছিলো বাবে বিশেষ অসুবিধা হোৱা নাছিল যদিও সকলোৱে কম বেছি পৰিমানে তিতিছিলো ৷
ইকো পাৰ্কৰ পৰা উভতি ELEPHANT FALL জলপ্ৰপাতটো চাবলৈ সোমালো ৷ যিটো জলপ্ৰপাত চাবলৈ যোৱাবছৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈছিল ৷ শেষত আমাৰ যাত্ৰা শেষ কৰি উভতি আহোতে ৰাস্তাৰ কাষৰ Shillong View Point ত ৰলো ৷ সেই ঠাইখিনিৰ পৰা শ্বিংল চহৰখন সুন্দৰকৈ দেখা পালো ৷ তাৰ পিছত প্ৰায় ৬ বজাত উভতি আহি হোটেল পালো ৷ কিছু জিৰণি লৈ সন্ধিয়া "পুলিচ বজাৰ"খন এপাক ঘুৰি দুই এপদ সামগ্ৰী কিনিলো ৷ তৃতীয় দিনা আমাৰ ভ্ৰমণৰ অন্ত পেলাই আমি টাটা চুমো এখন ভাড়াত লৈ গুৱাহাটীলৈ আহিলো তাৰ পিছত গুৱাহাটীৰ পৰা ৰেলেৰে ঘৰা ঘৰি উভতি আহিলো ৷
পিচদিনা ৩২০০টকাৰে দুখন কাৰ ভাড়া কৰি পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ পৰা ঠাই চেৰাপুঞ্জী অভিমূখে যাত্ৰা আৰম্ভ কৰো ৷ চেৰাপুঞ্জীৰ চহৰা জলপ্ৰপাত, MAWSAMI CAVE, Seven Sister Falls, ECO PARK, ELEPHANT FALLS, Shillong View Point ইত্যাদিৰ নৈসৰ্গিক দৃশ্য স্বচক্ষে উপভোগ কৰি অভিভূত হৈ পৰিলো ৷
চহৰা জলপ্ৰপাতটো মুল পথৰ পৰা বহু তলত ৷ পকী চিৰিৰে নামি যাবলৈ বেছি কষ্ট নহয় যদিওঁ ওপৰলৈ উঠোতি শক্তি শেষ হৈ যোবা যেন লাগে ৷ MAWSAMI CAVE নামৰ প্ৰাকৃতিক ভাৱে সৃষ্ট গুহাটো কিছু ভয়ানক ৷ গুহাটো ওখোৰা মোখোৰা, পিচল, ঠায়ে ঠায়ে এআঠুমান পানী, কোনোমতে এজন পাৰ হ'ব পৰাকৈ সৰু ৷ MAWZAMI CAVEৰ পৰা উভতি Seven Sister Falls(ওচৰা ওচৰিকৈ সাতটা জলপ্ৰপাত আছে) জলপ্ৰপাতটো চাবলৈ গলো যদিও অত্যাধিক বৰষুণৰ বাবে জলপ্ৰপাতটো দেখাৰ সোভাগ্য নহ'ল ৷ তাৰ পিছত আমি ইকো পাৰ্কলৈ গলো ৷ তাত প্ৰকৃতিৰ কি যে লীলা- এই মাত্ৰ যদি ঠাই এখন মেঘেৰে আবৰি ধৰিছে, ক্ষন্তেক সময়তে মেঘ আঁতৰি গৈ ফৰকালো হৈছে, ৰ'দ ওলাইছে, তৎক্ষনাত ৰ'দ আতৰি গৈ হুৰহুৰাই বৰষুণ পৰিছে ৷ আমি ছাতি আৰু ৰেইণকোট লৈ গৈছিলো বাবে বিশেষ অসুবিধা হোৱা নাছিল যদিও সকলোৱে কম বেছি পৰিমানে তিতিছিলো ৷
ইকো পাৰ্কৰ পৰা উভতি ELEPHANT FALL জলপ্ৰপাতটো চাবলৈ সোমালো ৷ যিটো জলপ্ৰপাত চাবলৈ যোৱাবছৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈছিল ৷ শেষত আমাৰ যাত্ৰা শেষ কৰি উভতি আহোতে ৰাস্তাৰ কাষৰ Shillong View Point ত ৰলো ৷ সেই ঠাইখিনিৰ পৰা শ্বিংল চহৰখন সুন্দৰকৈ দেখা পালো ৷ তাৰ পিছত প্ৰায় ৬ বজাত উভতি আহি হোটেল পালো ৷ কিছু জিৰণি লৈ সন্ধিয়া "পুলিচ বজাৰ"খন এপাক ঘুৰি দুই এপদ সামগ্ৰী কিনিলো ৷ তৃতীয় দিনা আমাৰ ভ্ৰমণৰ অন্ত পেলাই আমি টাটা চুমো এখন ভাড়াত লৈ গুৱাহাটীলৈ আহিলো তাৰ পিছত গুৱাহাটীৰ পৰা ৰেলেৰে ঘৰা ঘৰি উভতি আহিলো ৷
Subscribe to:
Posts (Atom)