এক্সিডেন্ট, হেলমেট আৰু এটা নতুন জীৱন

No comments:


১৪ ছেপ্টেম্বৰ ২০১৮ ৷ আবেলি ৪ বাজি ১৫ মিনিট ৷ হাউলীৰ শিক্ষক প্ৰশিক্ষন কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি বৰপেটাৰোডৰ উত্তৰদিশৰ বাৰাপেটাত অৱস্থিত মোৰ স্বগৃহলৈ মোৰ FZ-S বাইখনেৰে উভতিছো ৷ বৰপেটাৰোড মানাহ সংযোগী পথেৰে মন্থৰ গতিৰে আগবাঢ়ি গৈ খৈৰাবাৰীৰ পেট্ৰ'ল ডিপোটো পাওঁ পাওঁ হওঁতেই মনত পৰিল বৰদেউতাহঁতৰ বাইদেউৰ ছোৱালী, মোৰ ভাগিনী ইপ্সিতাৰ ৪ বছৰীয়া জন্মদিন ৷ খালি হাতে যাব নোখোজা মনটোৱে বাধা দিয়াত বাইকখন ঘুৰাই মই ৫০ মিটাৰমান আতৰত থকা এখন দোকানত সোমাই ভাল চকলেট এটাৰ সন্ধান কৰো ৷ মনে বিচৰা চকলেটটো নাপাই পুনৰ মই বৰপেটাৰোডৰ দিশে প্ৰায় ১০০ মিটাৰমান আগুৱাই অহাত এখন ভাল দোকান দেখা পাওঁ ৷ খৈৰাবাৰীৰ অতিকৈ ব্যস্ত পথটোৰ বিপৰীত দিশত থকা দোকানখনলৈ মই আগে পিছে ভালকৈ নিৰীক্ষণ কৰি মোৰ বাইকখন আগুৱাই দিওঁ ৷ হাঠাৎ এটা বিকৎ শব্দ ! ক্ষন্তেক সময়ৰ বাবে একো উমান নোপোৱা মই অলপ পিছতে অনুভৱ কৰিলো বিষ এটাই গ্ৰাস কৰি আহিছে ৷ ক্ষন্তেকতে মোৰ কানত পৰি অজস্ৰ মানুহৰ কোলাহল ৷ দুজনমানে মোৰ কাষলৈ আহি মোৰ পথৰ পৰা তোলাৰ যো-জা কৰোতেই মই লক্ষ্য কৰিলো- মোৰ বাওঁভৰিখন আঠুৰ ওপৰৰ পৰা ভাঁজ হৈ পিচফাললৈ গুচি গৈছে ৷ যিহেতু সুস্থ মানুহ এজনে ভৰিখন তেনেকৈ ভাঁজ কৰিব নোৱাৰে সেয়ে মই লগে লগেই নিশ্চিত হলো যে মোৰ বাওভৰিখনৰ উৰু(Femur) হাড়ডাল ভাগিছে ৷ ক্ষন্তেকতেই কেইগৰাকীমান সুহৃদয়বান লোকে মোৰ ভগা ভৰিখন পিছফালৰ পৰা টানি আনি পোনকৈ মোক বহুৱাই দি গাত ধৰি থাকিল ৷ ইতিমধ্যে মোৰ মুৰৰ পৰা হেলমেট আৰু বেগখন উলিয়াই নি মহিলা এগৰাকীয়ে মোক বস্তুখিনিৰ বাবে নিশ্চিত হৈ থাকিবলৈ কলে ৷ মই মোৰ সম্বিৎ থাকোতেই ঘৰত কথাটো জনাও বুলি মোবাইলটো লৈ দেউতাক ফোন কৰি জনাই দিওঁ ৷ দেউতাই মোক জনাই দিলে যে বিশেষ কামৰ বাবে মোৰ দাদাই আমাৰ গাড়ীখন লৈ বৰপেটাৰোডলৈ গৈ আছে ৷ লগে লগে দাদাক ফোন কৰি জনাওঁ ৷  ৷ ইতিমধ্যে খৈৰাবাৰীৰ সুহৃদয়বান লোক কেইগৰাকীমানে মোক পথৰ পৰা দাঙি নি চকী এখনত বহিবলৈ দি ভগা ভৰিখনথবলৈ এখন টুল আনি দিলে ৷ ৫ মিনিটৰ ভিতৰত দাদা আৰু ভিনিদেউ এগৰাকী আহি মোৰ কাষত উপস্থিত হৈ মোক গাড়ীত তুলি হস্পিতাললৈ লৈ যায় ৷ হস্পিতালত বিষনাশক বেজী এটা দিয়াৰ পিছত ডাক্টৰৰ পৰামৰ্শ অনুসৰি ভগা ভৰিখনৰ X-Ray কৰা হয় ৷ X-Ray ৰ ৰিপ'ৰ্ট চাইয়ে ডাক্টৰে মোৰ ভৰিখনৰ অষ্ট্ৰোপচাৰৰ পৰামৰ্শ দিয়ে ৷ সেই দিনা নিশাই মোৰ গুৱাহাটীৰ কুমাৰ নাৰ্চিং হোমত মোক ভৰ্তি কৰে ৷ কুমাৰ নাৰ্চিং হোমত তেজৰ সকলো পৰীক্ষা কৰাৰৰ  পিচৰ পিচদিনা অৰ্থাৎ ১৫ মাৰ্চ তাৰিখে আবেলি ৫ বজাত মোক অষ্ট্ৰোপচাৰ কক্ষত লৈ যায় ৷ অষ্ট্ৰোপচাৰ কক্ষত সোমোৱাৰ আগতে মোৰ পোচাক সলোৱাই তেওলোকৰ পোচাক আৰু এটা টুপি পিন্ধাই দিয়া হৈছিল ৷ প্ৰায় ২ ঘন্টাৰ অন্তত ভৰিৰ হাড়ডালৰ অষ্ট্ৰোপচাৰ কৰি ভগা হাড়টুকুৰা জোৰা লগাবলৈ চিকিৎসাবিজ্ঞানে উদ্ভাৱন কৰা এডাল বিশেষ ৰ'ড সংযুক্ত কৰে ৷ তাৰ পিছত মোক এদিনৰ বাবে ICU কক্ষত ৰাখে ৷ ইমানদিনে চিনেমাত দেখি থকাৰ দৰে মুখত অক্সিজেন মাক্স, হাতত প্ৰেচাৰ জোখা বেল্ট, হাতৰ বুঢ়া আঙুলিত চেপেনাজাতীয় যন্ত্ৰ আদি সংযুক্ত কৰি ৰাখে ৷ বেডৰ কাষতে থকা ECG যন্ত্ৰটোত সকলোবোৰ তথ্য সংৰক্ষন হৈ থকাৰ উমান পাও ৷ মোক তেজৰ প্ৰয়োজন হ'ব বুলি ডাক্টৰে জনোৱাত বন্ধু দিলদাৰে ৰাতিপুৱাই আহ উপস্থিত হয় যদিও ৰাতিপুৱা মোৰ ডাক্টৰে পৰীক্ষা কৰি তেজ নিদিলেও হ'ব বুলি কয় ৷ ইয়াৰ পিছত চাৰিদিন হস্পিতালৰ বেডত থকাৰ অন্তত মোক ঘৰলৈ আহিবলৈ পৰামৰ্শ দিয়ে ৷ এতিয়া প্ৰায় ৪৫ দিনৰ পৰা দুমাহলৈ মোক বিচনাও জিৰণি লোৱাৰ লগতে তিনি/চাৰি মাহলৈ কঠিন যিকোনো কামৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে ৷ এইছেগতে মোৰ দূৰ্ঘটনাত পতিত হোৱা লগে লগে সুশ্ৰুষা কৰা প্ৰতিগৰাকী ব্যক্তিকে, দূৰ্ঘটনাৰ খবৰ পাইয়ে বৰপেটাৰোডৰ হস্পিটাললৈ ধপলিয়াই অহা সকলো শুভাকাংশী, গুৱাহাটীৰ হস্পিতালত খবৰ লবলৈ অহা প্ৰতিগৰাকী শুভাকাংশী, মোৰ আৰু দেউতাৰ লগত গুৱাহাটীৰ হস্পিতাললৈ গৈ মোক মোৰ চোৱাচিতা কৰা বন্ধু ৰিন্টু আৰু জাকিৰ ছাৰ, মোৰ খবৰ লবলৈ ঘৰলৈ অহা প্ৰায় ৫০০ৰো অধিক শুভাকাংশীক প্ৰণাম জনাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ সুবিধা পালেই মই আপোনালোকৰ এইঋণ পৰিশোধ কৰিবলৈ যত্ন কৰিম ৷ 

‌সেইদিনা হেলমেটটোৱে মোক এটি নতুন জীৱন দান কৰিলে ৷ মই আগৰে পৰা কৈ অহা এষাৰ কথা আজিও কও- দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰিবলৈ নাপাহৰিব, যিকোনো দূৰ্ঘটনাত হেলমেটটোৱে আপোনাক হস্পিটাললৈ নিবব পৰাকৈ সুস্থ ৰাখিব পাৰে ৷  আপুনি ভালদৰে বাহন চলালেও আনে নচলাব পাৰে ৷ লগতে আপোনাৰ পৰিয়ালে আপুনি উভতি যাব বুলি ঘৰত বাট চাই আছে ৷ জীৱনটো বহুত মূল্যৱান ৷ সাধাৰণ ভুলৰ বাবে জীৱনটো নষ্ট নকৰিব ৷ অলপ টকা খৰচ হলেও এটা ভাল হেলমেট কিনি পৰিধান কৰক ৷ হেলমেটটো পুলিচৰ পৰা বাচিবলৈ বা তেল ভৰালৈ নহয়, হেলমেটটো নিজৰ জীৱন বচাবলৈ ব্যৱহাৰ কৰক ৷ সেইদিনা মোক তীব্ৰগতিৰে দুচকীয়া বাহনখনে খুন্দিয়াই প্ৰায় ৪/৫ ফুট ওপৰেৰে বাইক আৰু চালকজনে উফৰি পৰাৰ লগতে মোৰ মুৰটোও পকী ৰাস্তাত পৰি যোৱাৰ পিচতো এই ষ্টেটাচটো লিখিবলৈ পাৰিছো একমাত্ৰ হেলমেটটো থকাৰ বাবে ৷ হাজাৰ চেল্যুট মোৰ হেলমেটটোক…৷

হাত

No comments:
হাত
কপিল দাস
তৰ্জনী আৰু বুঢ়া আঙুলি কেঁচীখনৰ ৰিং দুটাত সোমাই ফণীখনৰ ওপৰেৰে ঘূৰাই ঘূৰাই চুলি কাটি থাকিল হৰিচৰণ নাপিতে ৷ কত লোকক যে এই দুখন হাতেৰে চিকুণ কৰি দেখনিয়াৰ কৰি দিছে তাৰ হিচাপ নাই ৷ চৈধ্য বছৰ বয়সৰ পৰাই সি কেঁচীত হাত দিছে ৷ লোকৰ দাড়ি, চুলি কাটিছে ৷ সম্প্ৰতি এনেকৈয়ে চলাই গৈছে তাৰ পাঁচজনীয়া পৰিয়ালটো ৷
ঘৈণীয়েকে হাতত লৈ অহা চাহকাপ নাখাওঁ বুলি বিদায় ল'লে দহাকাজৰ মূণ্ডন কৰিবলৈ মাতিব অহা শৰ্মা মাষ্টৰ ৷ নিজকে সৰু মানুহ বুলি ভাবি বুকুখন হমহমাই উঠিল হৰিচৰণৰ ৷ পুতৌ উপজিল শৰ্মা মাষ্টৰ আৰু সমাজখনলৈ ৷ অথচ নিজৰ হাতদুখনলৈ চাই প্ৰাপ্তিৰ হাঁহি এটা নিগৰিল, কিয়নো এই দুখন হাত আছিল পৰিয়ালটোৰ ভোক গুচোৱাৰ সম্বল ৷

পাগল (অসমীয়া খবৰত প্ৰকাশিত অনুগল্প)

1 comment:

মানুহ ( (অসমীয়া খবৰত প্ৰকাশিত অনুগল্প)

No comments:

পেঞ্চন (অসমীয়া খবৰত প্ৰকাশিত)

No comments:

বন্ধুবৰ্গৰ সৈতে নাককাটি পাহাৰ ভ্ৰমণ আৰু এক দুঃসাহসিক আভিজ্ঞতা

No comments:


বন্ধুবৰ্গৰ সৈতে নাককাটি পাহাৰ ভ্ৰমণ আৰু এক দুঃসাহসিক আভিজ্ঞতা
****
কপিল দাস

আমাৰ এটা বহুদিনীয়া হেঁপাহ! বন্ধুবোৰৰ সৈতে বঙাইগাঁওস্থিত নাককাটি পাহাৰ বগাই শিখৰত উপনীত হোৱা আৰু তাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰা! মাত্ৰ দুদিন আগতে যাম বুলি ঠিৰাং কৰি ২৩/০১/২০১৮ ইং তাৰিখে আমি বৰপেটাৰোডৰ পৰা বাইকেৰে যাত্ৰা আৰম্ভ কৰো ৷ ৬খন বাইকত আমি ১২জন  আছিলো ৷ আমাৰ যাত্ৰা  পথৰ সংগীবোৰ আছিল Utpal Das , BhaskarJyoti Bayan , Hrisikesh Das da, Himangshu Deka da, Rupam Sharma, Amalesh Bayan Pinku Sharmah Ankur Debnath , জিতুমণি ঠাকুৰীয়া , Bappi Barman , Rup Jyoti Das da ৷ ৰাতিপূৱা ৮ বজাতেই ওলাইছিলো যদিও কিছু সমস্যাৰ বাবে আমাৰ যাত্ৰা ১০ বাজাত আৰম্ভ হৈছিল ৷ প্ৰায় ১২ বজাত আমি বঙাইগাঁও গৈ পাও আৰু তাত আমাৰ বাবে ৰৈ থকা বন্ধু Bitu Mahanayak আৰু Diju Nath ক লগ পাওঁ ৷ সিহঁতে আমাৰ নাককাটি পাহাৰৰ কাষলৈ লৈ যায় ৷ নাককাটি পাহাৰ পোৱাৰ কিছু আগেয়ে এখন জৰাজীৰ্ণ বাহঁৰ দলঙেৰে বৰ বিপদসংকুলভাৱে এখন এখনকৈ আমাৰ বাইকবোৰ পাৰ কৰো ৷ পাহাৰৰ কাষত গৈ পোৱাৰ পিছত স্থানীয় ডেকা কেইজনমানে তৈয়াৰ কৰা বাইক পাৰ্কিংত বাইককেইখন পাৰকিং কৰো ৷ বন্ধু বিতু আৰু দিজুৱে আমাক কিছুদূৰ বাট দেখুৱাই দি বিদায় ললে ৷ তাৰ পিছত আমাৰ আৰম্ভ হয় দুঃসাহসিক যাত্ৰা ৷ আমাৰ দেহৰ নিয়ন্ত্ৰন ৰাখিবলৈ আমাৰ হাতত আছিল একোডালকৈ লাঁঠি ৷ লুংলুঙীয়া, থিয়, পাহাৰীয়া শিলেৰে ভৰি থকা ৰাস্তাটো বৰ বিপদসংকুল আছিল ৷ অসাৱধানৱসত ভৰি পিচল খালে তাৰ পৰিণাম কি হ'ব ভাবিয়েই বুকু কঁপি উঠে ৷ এনেকৈ কিছুুদূৰ গৈ আমি আমাৰ লগত লৈ যোৱা বিস্কুত পানী ইত্যাদি খাই কিছু জিৰণি লৈ পুনৰ যাত্ৰা আৰম্ভ কৰো ৷ এনেকৈ গছৰ ঠাল-ঠেঙুলি, শিল ইত্যাদিত ধৰি কোনোমতে প্ৰথম পাহাৰখন পাৰ হওঁ ৷ ভাগৰত লেবেজান হৈ আমি প্ৰথম পাহাৰখনৰ ওপৰত স্থানীয়লোকে পৰ্যটকৰ সুবিধাৰ্থে অস্থায়ীভাৱে নিৰ্মান কৰা চাংঘৰ এটাত কিছুসময় জিৰণি লওঁ ৷ তাত তেওঁলোকে অৰ্ডাৰ অনুযায়ী ভাত বনাই বিক্ৰি কৰে ৷ আমি কেইজনমানে তাত ভাতৰ অৰ্ডাৰ দিওঁ আৰু কণী, বিস্কুট ইত্যাদি খাই পুনৰ দ্বিতীয়খন পাহাৰ বগাবলৈ আৰম্ভ কৰো ৷ প্ৰথমখনতকৈ দ্বিতীয়খন পাহাৰৰ যাত্ৰাপথ আৰু বেছি বিপদসংকুল হ'ব ধৰিল ৷ লাহে লাহে পঠবোৰ থিয় হ'বলৈ ধৰিলে ৷ কেইখোজমান আগবাঢ়িয়ে ভাগৰত আগবাঢ়িব নোৱাৰা হ'লো ৷ অদম্য হেঁপাহ আৰু উদ্যমত আমি হাৰ নামানিলো ৷ গৈয়েই থাকিলো ৷ গৈ গৈ দ্বিতীয়খন পাহাৰ পাৰ হৈ তৃতীয়খন পাহাৰ অৰ্থাৎ আমাৰ মূল লক্ষ্যস্থানৰ দাঁতি পাওঁ ৷ শৰীৰে নোৱাৰে, উদ্যমে হাৰ নামানে! উশাহ চুটি, অৱশ শৰীৰ আৰু প্ৰচণ্ড আত্মবিশ্বাসী মনবোৰ লৈ পুনৰ আগবাঢ়িব ধৰিলো ৷ এৰি থৈ অহা পথবোৰৰ তুলনাত নতুন পথবোৰ অধিক দূৰ্গম হৈ পৰিল! বাৰে বাৰে পিচলি পৰিব খোজো ৷ বন্ধু জিতুৰ মনোবল আৰু উদ্যমৰ সাহসতে আমি আগবাঢ়ি থাকিলো ৷ আমাৰ আগে আগে গৈছে বন্ধু উৎপল, ৰূপাংগ আৰু পিংকু ৷ পিছে পিছে ভাস্কৰ, বাপ্পী, জিতু, মই, অমলেশ, হিমাংশু দা আৰু ৰূপজ্যোতি দা ৷ অক্সিজেনৰ পৰিমান কিছু কমাৰ বাবেই হয়তো কেইখোজমান গলেই ভাগৰি পৰিছিলো আমি! পিয়াহত অন্ঠ-কণ্ঠ শুকাই গৈছিল ৷ হৃদস্পন্দন খৰতকীয়া হৈছিল ৷ মুঠতে আৰু আগনাবাঢ়ে খোজ‍…! কিছু জিৰণি লৈ মনত উদ্যমৰ জোৱাৰ আনি চিঞৰি উঠো আৰু আগবাঢ়ো ৷ কিছুদূৰ গৈ আৰু ৰৈ যাওঁ ৷ আগবাঢ়িলেই খোজবোৰ পিছুৱাই আহিব খোজে! অলপ আগবাঢ়িয়ে গছ এডালত দেহটো এৰি দি অলপ ভাগৰ কমাও, আৰু আগবাঢ়ো ৷ যেন গৈ নাপামহে! এনেদৰে কিছুদূৰ যোৱাৰ পিছত বন্ধুসকলৰ আনন্দোল্লাসৰ কিৰিলি শুনিবলৈ পালো ৷ সিহঁতৰ চিঞৰবোৰ শুনিয়েই প্ৰচুৰ উদ্যমমেৰে আগবাঢ়ি গৈ আমি প্ৰায় আঢ়ৈ ঘন্টাৰ অন্তত নাককাটি পাহাৰৰ শিখৰত গৈ উপস্থিত হওঁ ৷ ভাগৰত অৱশ শৰীৰ, মনত সফলতাৰ আনন্দ ৷ অলপসময় জিৰণি লৈ বন্ধুবৰ্গৰ সৈতে আনন্দোল্লাস কৰিলো ৷ মনৰ আনন্দতে চিঞৰিলো ৷ কথাৰে বুজাব নোৱাৰা এটা পৰিৱেশ ৷

নাককাটি পাহাৰৰ শিখৰত বহি ফটো উঠিলো ৷ বন্ধু বৰ্গকো ফটো তুলিলো ৷ প্ৰায় ১ ঘন্টামান সময় আমি তাত কটাই অহাবাটেই আমি উভটিব ধৰিলোঁ ৷ ঠিয় পাৰাহৰ পৰা খোজকাঢ়ি নামি অহাটো পাহাৰ বগোৱাতকৈও বেছি ভয়ানক ৷ খোজবোৰৰ নিয়ন্ত্ৰন ৰখাটো বৰ কষ্টকৰ ৷ লাঠিৰ সহায়ত আমি কোনোমতে নামি আহো আৰু খোৱালোৱা কৰো ৷ তাৰ পিচত আমাৰ উভতনি যাত্ৰা আৰম্ভ হয়…!  ইতিমধ্যে সন্ধিয়া নামি আহিছিল ৷ এনেদৰেই আমি জীৱনৰ এটি দুঃসাহসিক অভিজ্ঞতাৰ সাক্ষী হৈ ৰ'লো ৷

অনুভৱ-১

No comments:
কেইদিনমান আগৰ কথা ৷ মোৰ মোবাইলটো পুৰনি হোৱা বাবে নতুন মোবাইল এটা লোৱাৰ কথা ভাৱিলো ৷ পুৱা আবেলি টিউচন কৰি জমা কৰা টকাকেইটাই মোক মোবাইল কিনাৰ উৎসাহটো দুগুনে বৃদ্ধি কৰিলে ৷ যিমান হ'লেও নিজৰ উপাৰ্জনেৰে কিনাৰ কথা ৷ কথা মতেই কাম ৷ Flipkartত মোবাইল বিচৰা আৰম্ভ কৰিলো ৷ বন্ধুবৰ্গ আৰু দাদাৰ কথামতে Redmi Note5 Pro মোবাইলটো লোৱাৰ সিদ্ধান্তত উপনীত হ'লো ৷ Flash Sell চলি থকা কাৰনে নিৰ্দিষ্ট দিনটোত বোন্দাপৰ দি থাকি মোৱাইলটো Order কৰিব বিচাৰিলো যদিওঁ নোৱাৰিলো ৷ তাতেই আৰু Cash On Delivery নাই ৷ পিচদিনা Training Center লৈ গৈ উভতি আহোতে বন্ধুকেইজনমানৰ সৈতে ৰপেটাৰোড বজাৰত সোমালো, Redmi Note5 Pro মোবাইলটোৰ খবৰ ল'বলৈ ৷ মোৱাইলটো বিচাৰি বৰপেটাৰোডৰ বহুকেইখন দোকান ঘূৰিলো ৷ শেষত এখন দোকানত গৈ উপস্থিত হৈ দেখিলো দুটা মোবাইল আছে, তাৰে এটা এজন গ্ৰাহকে ল'লে আৰু আনটো দোকানীয়ে ব্যৱহাৰ কৰিম বুলি ক'ভাৰ আৰু Temper Glass লগাবলৈ ধৰিছে ৷ বন্ধু এজনৰ চিনাকীসূত্ৰে দোকানীজনে মোবাইলটো মোক বিক্ৰী কৰিবলৈ ৰাজি হ'ল যদিওঁ বেমেজালিটো তেতিয়াহে লাগিল, কিয়নো মই মোবাইল কিনিবলৈ বুলি জমাকৰা টকাখিনি লৈ যোৱা নাছিলো ৷ তেনেতে বন্ধু Ankur ৰে  মই একো নোকোৱাতে ১৬০০০টকা ATMৰ পৰা উলিয়াই আনি হাতত দি কলে "পচন্দৰ বস্তু, লৈ ল', টকাৰ কথা চিন্তা কৰিব নালাগে" ৷ উল্লেখ্য যে বন্ধুজনক লগ পোৱা এবছৰো হোৱা নাই ৷ এনে নিভাজ বন্ধুত্বৰে বান্ধ খাই থকা কাৰনে নিজকে বৰ সুখী অনুভৱ কৰো ৷ বন্ধুজনে কোৱাৰ দৰেই পচন্দৰ মোবাইলটো কিনিলো ৷ বন্ধুকেইজনক সামান্য কিবা খুৱাই উভতি আহিলো ৷ পিচদিনা তাক লগ ধৰি ধন্যবাদ এটিৰে সৈতে টকাখিনি ওভটাই দিলোঁ ৷  বন্ধুৰ এনে সহায় জানো পাহৰিব পাৰি জানো, কেতিয়াবা মনত নপৰিলেও ফেচবুকে সোঁৱৰাই দিব বুলি কথাখিনি ইয়াতে লিখি থলো ৷

কপিল দাসৰ পাঁচটা অনুগল্প

No comments:

*ঘাতক*

হিমাংশু ডেকাৰ বিলাসী কাৰখনে গতি ল'লে ৷ উদ্দেশ্য আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুস্থিত সভা এখনত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা ৷ ঘৰৰ পৰা চাৰি কিল'মিটাৰ আঁতৰত অনুস্থিত জনবহুল সভাখনত অংশগ্ৰহণ কৰি নাৰী সবলীকৰণৰ বিষয়ে উদাত্ত ভাষণ প্ৰদান কৰিলে তেওঁ ৷ সভাত উপস্থিত দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি আদায় কৰি উভতি আহিল মিঃ ডেকা ৷ ঘৰলৈ উভতাৰ পথত ঘৈণীয়েকৰ আল্ট্ৰাচাউণ্ডগ্ৰাফীৰ ৰিপ'ৰ্ট জানিবলৈ চিকিৎসকৰ চেম্বাৰত সোমাল ৷ চিকিৎসকজনক সাক্ষাৎ কৰি কথাবোৰ জনাৰ পিছত বিষণ্ণ মন এটা লৈ ছেম্বাৰৰ পৰা ওলাই আহিল তেওঁ ৷ খৰ খেদাকৈ ঘৰলৈ আহিয়ে পত্নীক আল্ট্ৰাচাউণ্ডগ্ৰাফীৰ ৰিপ'ৰ্ট জনাই চিকিৎসকৰ ছেম্বাৰলৈ যাবলৈ ওলাবলৈ ক'লে,  উদ্দেশ্য পত্নীৰ গৰ্ভত দ্বিতীয়বাৰৰ বাবে থিতাপি লোৱা কন্যা সন্তানটো এবৰ্চ'ন কৰা!
***

*পাগল*

ভয়ংকৰ বাছ দুৰ্ঘটনাত মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা কমলেশ্বৰৰ কঠিন অষ্ট্ৰোপচাৰেও মগজুৰ বিসংগতি সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰিলে ৷ শেষত উপায়বিহীন হৈ পৰিয়ালৰ লোকে ঘৰলৈ উভতাই আনিলে তাক ৷ তেতিয়াৰ পৰাই অৱহেলিত, নিষ্পেষিত হৈ পৰিছিল কমলেশ্বৰ ! কিছুদিনৰ  পিছত তাৰ ঠিকনা হৈছিল জাবৰৰ দ'ম, বাছ আস্থান, ৰেল ষ্টেচন, দোকানৰ বাৰান্দা ইত্যাদি !

: ঐ পাগলটো আহিছে, পাগল…চোৱা চোৱা …

: হা হা হা, কাপোৰ পিন্ধিছেনে পিন্ধা নাই ধৰিবই নোৱাৰি ৷"- চ'কটোত আড্ডা মাৰি থকা ল'ৰাকেইজনৰ পৰা উফৰি আহিছিল শব্দবোৰ…! হয়তো কোনো এজনৰ মনলৈ অহা নাছিল মানসিক বিকাৰগ্ৰস্থ হোৱাৰ আগতে সিও আছিল নৈপৰীয়া বতাহজাকৰ দুৰ্দান্তু প্ৰেমিক ঠিক মোৰ বা আপোনাৰ দৰে!
***

*চাকৰণী*

"ঐ তোৰ এতিয়াও বাচনখিনি ধুৱাই হোৱা নাই! ঘৰ কেতিয়া চাফা কৰিবি!"

মালিকনীৰ  ধমকিত মনটো সেমেকি উঠিল দহ বছৰীয়া কাম কৰা ছোৱালীজনীৰ! এইবোৰ যে নিত্য নৈমিত্তিক ঘটনা তাইৰ বাবে ৷ খৰধৰকৈ বাচনখিনি ধুব ধৰোতে হাতৰ পৰা পিচলি কাপ এটি ভাগি থাকিল ৷ কাপটো ভগা দোষত তাইক কেইচৰমান সোধাই  বংশ উজাৰি গালি এসোপা পাৰিলে মালিকনীয়ে!

মালিকৰ ঘৰখন এৰি পলাই যাব মন যায় তাইৰ আপোন ঘৰখনলৈ ৷ কিন্তু নোৱাৰে ৷ ৰুগীয়া বাপেক, পাঁচবছৰীয়া ভায়েক আৰু আনৰ ঘৰত কাম কৰি পৰিয়ালটো চলাবলৈ অসমৰ্থ হোৱা মাকৰ মুখখন মনত পৰি যায়! যিমান হ'লেও মাহৰ শেষত মালিকৰ ঘৰৰ পৰা পোৱা সামান্য টকাকেইটাৰে দুবেলা দুসাঁজ খাই জীয়াই আছে পৰিয়ালটো!
***

*ঘৰ*

মাকজনীৰ মৃত্যুৰ পিছত পৰিয়ালটোত ৰৈছিল দেউতাক আৰু ল'ৰা দুজন ৷ মাক নথকা ঘৰখনৰ অচলাৱস্থা দূৰ কৰাৰ বাবে ডাঙৰ ল'ৰাটোলৈ বোৱাৰী এগৰাকী আনিছিল দুবছৰ আগতেই ৷ ঘৰখন পুনৰ ঠন ধৰি উঠিব বুলি বৃদ্ধ দেউতাকৰ মনত জাগিছিল অযুত হেঁপাহ ৷ কিন্তু গিৰীয়েকৰ চাকৰিৰ দোহাই দি চহৰলৈ যাব বিচৰা বোৱাৰীয়েৰ সিদ্ধান্তত নিমাত হৈ ৰৈছিল তেওঁ ৷

"দেউতা চাহকাপ লওক"- সৰু বোৱাৰীয়েকৰ মাতত জুহালত বহি থকা শহুৰেকৰ তন্ময়তা ভাগিছিল ৷ মনৰ কোনোবাখিনিত  আনন্দই দোলা দি গৈছিল ৷ হয়তো আহিবলগা নতুন দিনৰ উছাহত!
***

*ভোগালী*

কান্ধত ওলোমাই লোৱা মলিয়ন গামোচাখনেৰে মুখখন মচি চহৰখনৰ পৰা আঁতৰত থকা পঁজা ঘৰটোলৈ বুলি ৰিক্সাখন পোনালে হৰিহৰে! ই-ৰিক্সাই বৰপীৰা পাৰি বহাৰ দিনধৰি অভাৱ নুগুচা হ'ল তাৰ পৰিয়ালটোৰ ৷ দিনটো ৰিক্সা চলাই ঘূৰি আহিবৰ পৰত কিনা বস্তুকেইপদ মোনাখনত ভৰাই হেন্দেলত ওলোমাই লৈছে ৷ বস্তু বুলিবলৈ বৰ বিশেষ নহয়- চাউল ডেৰ কিলো, দাইল আধাপোৱা, অালু আধাকিলো আৰু পিঁয়াজ এপোৱা ! মাঘবিহু বুলি ঘৈণীয়েকে নিব দিয়া বস্তকেইপদ আনিব নোৱাৰি মনটো সেমেকি উঠিল হৰিহৰৰ ৷ পাঁচজনীয়া  পৰিয়ালটো কোনোমতে পোষণ কৰি থকা হৰিহৰৰ বিহুৰ বজাৰ কৰা যে সামৰ্থৰ বাহিৰত ! সন্তান তিনিটাকো দিব পৰা নাই গৰম কাপোৰ!

ঘৰ পাই আগ্ৰেহেৰে ৰৈ থকা ঘৈণীয়েকৰ হাতত মোনাখন দিওঁতে হৰিহৰৰ বুকুখন অবুজ বেদনাত বিষাই উঠিল ৷

✍🏻কপিল দাস

(মোৰ শ্ৰদ্ধাৰ পাঠকসকলৰ মতামত বিচাৰিলো)

বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চমুকৈ

No comments:
বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে চমুকৈ:

বিষ্ণুপ্ৰসাদ ৰাভা (ইংৰাজী: Bishnuprasad Rabha, ৩১ জানুৱাৰী,১৯০৯- ২০ জুন,১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

জন্ম: জানুৱাৰী ৩১ , ১৯০৯,ঢাকা, বেঙ্গল প্ৰেসিডেন্সি

মৃত্যু: ২০ জুন, ১৯৬৯,তেজপুৰ, অসম

স্মৃতিচিহ্ন: বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰ

ৰাষ্ট্ৰীয়তা: ভাৰতীয়

শিক্ষা: আই.এচ.চি.

পেচা: কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু
ৰাজনৈতিক আন্দোলন
ভাৰতৰ স্বাধীনতা আন্দোলন  সাম্যবাদী আন্দোলন ৷

পিতৃ: গোপাল চন্দ্ৰ ৰাভা

(উৎস- WIKIPEDIA)